সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক- https://fb.watch/sKpzCCZj9f/?mibextid=JRoKGi
১/ পূৰ্বৰে পৰা জেঠ মাহৰ ১৫ তাৰিখ দিনটো দবুৰ পূজাৰ দিন হিচাপে মানি আহিছে। সেয়ে জেঠ মাহৰ ১৫ তাৰিখটো প্ৰত্যেক মিচিং গাঁৱত দবুৰ পূজা পালন কৰাৰ নিয়মক বাধ্যতামূলক কৰা হওঁক। কিন্তু দৈবাৎক্ৰমে গাঁৱৰ কোনো ব্যক্তি সেইদিনা মৃত্যু হ’লে উক্ত গাঁৱৰ ৰাইজে সেইদিনা দবুৰ পূজা নকৰি আন এদিন কৰিব পাৰে।
২/ গাঁৱৰ কোনো তিৰোতা সন্তান প্ৰসৱ বা ৰজঃস্বলা হ’লে কেৱল সেই ঘৰৰ পৰা দবুৰ পূজাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখি দবুৰ পূজা সমাপন কৰা হওঁক।
৩/ অসমৰ প্ৰায় খিনি মিচিং গাঁৱত ক্ষেত্ৰ অধ্যয়ন কৰাৰ পিছত দেখা যায় যে, দঃলুং দবুৰত গাহৰি ব্যৱহাৰ কৰিলেও দঃলুং দবুৰৰ মাংগলিক কাৰ্য্যত কুকুৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক ভাৱে ব্যৱহাৰ কৰা দেখা যায়। সেয়ে দঃলুং দবুৰৰ মূল মাংগলিক কাৰ্য্যত মাত্ৰ এযোৰ ৰঙা কুকুৰা (ৰগ্প আৰু ৰগ্নৌ) ৰে হে দবুৰ কৰা হওঁক।
৪/ পূৰ্বৰ প্ৰচলিত নিয়ম মতে, “তাকপিয়াং” গছৰ ডাল কাটি কুকুৰা মৰা আৰু ৰন্ধা-বাঢ়া কামত জাকি হিচাপে ব্যৱহাৰ কৰিব।
৫/ ঘৰে ঘৰে আজেং বিছৰা কাৰ্য্য পৰম্পৰাগতভাৱে চলি থাকিব।
৬/ সাধাৰণতে দবুৰ পূজাত তেল, হালধি, মচলা নিদিয়াকৈ পৰম্পৰাগতভাৱে চলি অহা সিজাই খোৱা নিয়ম মানি চলা হওঁক।
৭/ দবুৰ পূজাৰ নামত বাহিৰৰ পৰা চান্দা বৰঙণি তোলা নিয়ম নাই আৰু সেই মতে চান্দা বৰঙণি তোলাৰ নিয়ম নকৰাই ভাল।
৮/ গাঁৱৰ লোকে দবুৰ পূজাৰ দিনা গাঁৱৰ ভিতৰত বা বাহিৰত কোনো ধৰণৰ ভোজ-ভাত বা পাৰ্টি খোৱাৰ পৰম্পৰা নাই।
৯/ প্ৰচলিত নিয়ম অনুসৰি দবুৰ পূজাৰ দিনা গাঁৱৰ সীমামূৰীয়া প্ৰৱেশদ্বাৰত “নিপিৰ পিৰনাম”ৰ প্ৰতিতীকি চিন বাহিৰাগত আগমনৰ বন্ধ কৰাৰ চিন দিব যদিও গাঁৱ খনৰ সৰু সৰু আদিবোৰত সোমোৱা বাৰণ কৰাৰ বাদে আন্তঃগাঁৱ আৰু আন্তঃনগৰ সংযোগী প্ৰধান ঘাইপথ সমূহত অহা যোৱা বন্ধ কৰাৰ নিয়ম পৰিত্যাগ কৰিব লাগে।
১০/ দবুৰ পূজাত উৎসৰ্গিত কুকুৰা, কুকুৰা পাখি, ঠেং আদি আংগিক কুকুৰাবোৰ গিতপুনৰ দ্বাৰা গাঁৱৰ সীমা ও প্ৰৱেশদ্বাৰ সমূহত গুজি দিয়াৰ প্ৰচলন থাকিব আৰু ধৰ্মীয় পৰম্পৰা অনুসৰি গেনা মানি চলা হওঁক।
১১/ য়দলেন দবুৰৰ দিনা কাঃৰুগ ৰুগলেন আৰু য়দলেন পৰ্বসমূহ দবুৰ পূজা কৰাৰ স্থানতেই সাময়িকভাৱে সমাপন কৰা হওঁক।
দবুৰ পূজা বিধি সম্পৰ্কে “গোগামুখ ঘোষণা “অনুসৰি ক্ষেত্ৰ অধ্যয়ন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিম্নোক্ত ৫ গৰাকী সদস্যক লৈ “ক্ষেত্ৰ অধ্যয়ন কমিটি” গঠন কৰা হৈছিল। এই কমিটিৰ সদস্যসকল ক্ৰমে –
১/ শ্ৰীযুত একলব্য গাম
২/ ডাঃ পবিত্ৰ কুমাৰ পেগু
৩/ শ্ৰীযুত প্ৰভাত মিলি
৪/ শ্ৰীযুত কালিনাথ পাংগিং
৫/ শ্ৰীযুত প্ৰবিব দলে। উক্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত মিচিং জাতীয় সংগঠন সমূহে আলোচনা কৰি উপৰোক্ত বিধি সমূহ গ্ৰহণ কৰে । সেয়ে সকলো ৰাইজক এই বিধি সমূহ মানি চলি দবুৰ পূজা কৰিবলৈ আহ্বান জনালোঁ।