১৭/০৭/২০২৫ তাৰিখে চিলাপথাৰস্থিত দঞি-পঃল প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
উক্ত দিৱসৰ পৱিত্ৰক্ষণত পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মিচিং বাঃনৗ কৗবাঙৰ মাননীয় সভাপতি শ্ৰীযুত পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।স্মৃতি তৰ্পণ কৰে TMPK ৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়াই।
অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া।
দঃঞি পঃল য়েলাম কৗবাঙৰ সন্মানীয় সাধাৰণ সম্পাদক বিনোদ কুম্বাং ডাঙৰীয়াই দঃঞি পঃল য়েলাম কৗবাং আৰু মিচিং জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সম্পৰ্কে তথ্য প্ৰদৰ্শনৰ জৰিয়তে বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।
উক্ত অনুষ্ঠানত Ali-A:yé Ligang, Dobur, Dodgang, Midang, po:rag, Sima: yunam আৰু Misi:lok religious belief la: traditional tale:do ru:su:la ru:seg, Do:lung kébang (MBK) ba:len Légangé ru:su:la ru:seg বিষয় সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
উপস্থিত থাকে দঃঞি পঃল য়েলাম কৗবাঙৰ সন্মানীয় সভাপতি একলব্য গাম ডাঙৰীয়া, MMKৰ সন্মানীয় সভাপতি সুনীল কুমাৰ পেগু ডাঙৰীয়া, MBK ৰ সন্মানীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং ডাঙৰীয়া, MAK ৰ সন্মানীয় সভাপতি হৰিনাৰায়ন পেগু ডাঙৰীয়া, সন্মানীয় সম্পাদক সোমেশ্বৰ কপ্তাক ডাঙৰীয়া, MDK ৰ সন্মানীয় সম্পাদক প্ৰশান্ত বড়ি ডাঙৰীয়া, TMMKৰ সন্মানীয়া সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, সন্মানীয়া সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, আদি মিচিং বাঃনৗ কৗবাঙৰ সন্মানীয় সভাপতি নৰেশ্ব কুম্বাং ডাঙৰীয়া, TMPK ৰ সন্মানীয় সম্পাদক চান পাংগিং ডাঙৰীয়া, গুৱাহাটী মিচিং কৗবাঙৰ সন্মানীয় সভাপতি উপেন পেগু ডাঙৰীয়া, সন্মানীয় সম্পাদক গণেশ পেগু ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাবিদ, গাম সকল, সাত মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ সন্মানীয় সমূহ বিষয়ববীয়া আৰু সহস্ৰাধিক ৰাইজ।




















































































































