২৮/৬/২০২৫ তাৰিখে গোগামুখ আবুতানি লত্তাত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত ছয় মিচিং জাতীয় সংগঠনৰ “DU:PUM DAGGUR KÉBANG” অনুষ্ঠিত কৰা হয়।
উক্ত সভাত গ্ৰহণ কৰা বিশেষ সিদ্ধান্ত সমূহ ক্ৰমে –
১/ ১৭জুলাই, ২০২৫ তাৰিখে চিলাপথাৰস্থিত দঃঞি পঃল ক্ষেত্ৰত মিচিং বাঃনৗ কৗবাঙৰ শতবৰ্ষীয় সামৰণি অনুষ্ঠান আৰু ১০১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হব।
২/ গোগামুখ ঘোষনা ২০১৫ অনুসৰি আলি আঃয়ে লিগাং, দদ্ গাং, দবুৰ, পঃৰাগ্ সম্পৰ্কে ইতিমধ্যেই প্ৰস্তুত কৰা ৰীতি-নীতি নিৰ্দেশনা পুনৰীক্ষণ কৰাৰ লগতে দাঃৰ মিডাং আৰু ‘চিমা য়ূনাম সম্পৰ্কে ‘বিশেষ অধ্যয়ন সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন পৰ্য্যালোচনা কৰা।
৩/ মিচিং সকলৰ ‘বিশদ বুৰঞ্জী’ প্ৰণয়ন সম্পৰ্কে মিচিং বাঃনে কেবাঙৰ উদ্যোগত উচ্চ পৰ্য্যায়ৰ এক মন্ত্ৰণা বৈঠক ১২জুলাই ২০২৫ তাৰিখে সোৱণশিৰী ইক কেম্প কনফাৰেঞ্চ গৃহত অনুষ্ঠিত কৰা হব।
মিচিং বাঃনৗ কৗবাঙৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই সভাপতিত্বত কৰা সভাত উপস্থিত থাকে দঃঞি পঃল য়েলাম কৗবাঙৰ সন্মানীয় সভাপতি একলব্য গাম ডাঙৰীয়া, MMKৰ সন্মানীয় সভাপতি সুনীল কুমাৰ পেগু ডাঙৰীয়া, MAC সন্মানীয় প্ৰাক্তন কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে ডাঙৰীয়া, TMMKৰ সন্মানীয়া সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, MBK ৰ সন্মানীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং ডাঙৰীয়া, MAK ৰ সন্মানীয় সম্পাদক সোমেশ্বৰ কপ্তাক ডাঙৰীয়া, TMMK সন্মানীয়া সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু ডাঙৰীয়ানী, TMPK ৰ সন্মানীয় সম্পাদক চান পাংগিং ডাঙৰীয়া, ছয় মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।













