■ ২৮/০৯/২০২৪ তাৰিখে জনাই কৃষ্টি ভৱন প্ৰাঙ্গণত সমগ্ৰ মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙে সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে।
সভাত আনুষ্ঠানিকভাৱে LDCM ক মূল সূঁতিলৈ আদৰণি জনোৱা হয়।
২০০৯ চনত প্ৰতিষ্ঠা লাভ কৰা LDCM এ সশস্ত্ৰ সংগ্ৰামেৰে মিচিং জনগোষ্ঠীৰ জাতীয় সমস্যা সমূহ সমাধানৰ সপোন দেখিছিল যদিও সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই ছয় মিচিং জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে কেইবালানী অ-আনুষ্ঠানিক আলোচনাৰ অন্তত আজি আনুষ্ঠানিকভাৱে মিচিং জনগোষ্ঠীৰ মূল সূঁতিৰ সৈতে চামিল হয়।
আনহাতে, একেখন সভাতেই ৰৌগৃঃ ৰৌগাম মিচিং জাতীয় ক্ষেত্ৰ পৰিচালনাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
ৰৌগৃ ৰৌগাম পৰিচালনাৰ বাবে ছয় মিচিং জাতীয় সংগঠনৰ তত্বাৱধানত পৰিচালনা সমিতি গঠন কৰা হ’ব।
ৰৌগৃ ৰৌগামৰ দৈনন্দিন কাৰ্য্যসূচী ৰূপায়নৰ বাবে এখন পৃথক উপ-সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে মিচিং জনগোষ্ঠীৰ বিভিন্ন স্পৰ্শকাতৰ সামাজিক বিষয়ক লৈ পূৰ্বে বানে কেবাঙে প্ৰস্তাৱ গ্ৰহণ কৰি থোৱা কাৰ্য্যসূচী সমূহ অতিশীঘ্ৰে কাৰ্য্যকৰী কৰাৰ কথা সদনক অৱগত কৰে মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বাঃনৗ কৗবাঙৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই LDCM ক আদৰনি জনাই সংবাদ মাধ্যমক কয় যে LDCM ৰ এই সিদ্ধান্তক সন্মান জনাইছোঁ।
এইয়া এক ঐতিহাসিক মূহুৰ্ত। বিশ্বৰ কোনো প্ৰান্তত আজিৰ দৰে এনে অনুষ্ঠান অনুষ্ঠিত হোৱা নাই।
প্ৰথম বাৰৰ বাবে সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰা এটা গোটে সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ আনুষ্ঠানিক সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰাৰ কাৰ্য্যসূচী।
আজি আমি গৌৰৱান্বিত প্ৰথম বাৰৰ বাবে মিচিং জনগোষ্ঠীত এই কাৰ্য সম্পন্ন হৈছে।
এই কাৰ্যই আমাৰ সাতামপুৰুষীয়া যি মিচিং জনগোষ্ঠীৰ সু-সমাজ ব্যৱস্থা তথা শান্তিপ্ৰিয় জনগোষ্ঠী হিচাপে পৰিচিত হৈ অহা সেই ব্যৱস্থাক প্ৰমাণিত কৰিছে।
আমাৰ বিভিন্ন সময়ত পৰিলক্ষিত হৈছে যে, এনে গোট বা সংগঠন সমূহে ৰাজনৈতিক ভাৱে চৰকাৰী পক্ষৰ সৈতে আলোচনাত মিলিত হয় বা আত্মসমৰ্পনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে।
কিন্তু তাৰ পৰিৱৰ্তে আজি মিচিং জনগোষ্ঠীৰ সমাজ ব্যৱস্থাই এক সুকীয়া নিদৰ্শন দাঙি ধৰিলে।
আমাৰ মাজৰ যি একাংশই সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিল আজি এওঁলোকে দঃঞি পঃলক সাক্ষী কৰি জাতীয় সংগঠন তথা মিচিং জনগোষ্ঠীৰ মূল সূঁতিৰ সৈতে চামিল হয়।
এই কাৰ্য্য মিচিং জনগোষ্ঠীৰ উন্নয়নত এক সুকীয়া মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ ৰ’ব।
LDCM ৰ সন্মানীয় প্ৰতিষ্ঠাপক সভাপতি ৰোহন পাতিৰ ডাঙৰীয়াই Rnewsindia24 ত মন্তব্য প্ৰকাশ কৰে যে, আমি এই সিদ্ধান্ত জাতিৰ স্বাৰ্থত গ্ৰহণ কৰিছোঁ।
এসময়ত আমি জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলিছিলো আৰু আজি জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিছোঁ।
মিচিং জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। আমি সংগ্ৰাম ত্যাগ কৰা নাই।
মিচিং বানৌ কেবাঙৰ নেতৃত্বত মিচিং জাতীয় সংগঠনে মিচিং জনগোষ্ঠীৰ এক সুন্দৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ যি সংগ্ৰাম এই সংগ্ৰামত আমি সমভাগী হ’ব বিচাৰিছোঁ।
মিচিং জনগোষ্ঠীক আৰ্থ সামাজিক, শৈক্ষিক, ৰাজনৈতিক তথা সৰ্বতোপ্ৰকাৰৰ এক স্বাৱলম্বী সমাজ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি সংকল্পবদ্ধ হৈছোঁ।
পূৰ্বেও আমি জাতিৰ স্বাৰ্থত সংগ্ৰাম কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম।
লগতে সমূহ যুৱ-প্ৰজন্মক আহ্বান জনাইছোঁ – ছয় জাতীয় সংগঠনৰ যি সুন্দৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, এই সংগ্ৰামত হাত উজান দিয়াৰ বাবে।
উক্ত সভাত উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া, MMK ৰ সন্মানীয় সভাপতি সুনীল কুমাৰ পেগু ডাঙৰীয়া, সন্মানীয় সম্পাদক ইন্দ্ৰ চুংক্ৰাং ডাঙৰীয়া, MDK ৰ সন্মানীয় সভাপতি অশ্বিনী কুমাৰ দলে ডাঙৰীয়া, MAKৰ সন্মানীয় সভাপতি হৰিনাৰায়ন পেগু ডাঙৰীয়া, সন্মানীয় সম্পাদক সোমেশ্বৰ কপ্তাক ডাঙৰীয়া, TMMK ৰ সন্মানীয়া সভানেত্ৰী ইন্দিৰা কুম্বাং ডাঙৰীয়ানী, সন্মানীয়া সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, TMPK ৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, সন্মানীয় সম্পাদক চান পাংগিং ডাঙৰীয়া, ছয় মিচিং জাতীয় সংগঠনৰ সমূহ কেন্দ্ৰীয় বিষয়ববীয়া, LDCM ৰ সমূহ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।




















