Mising Bane Kebang

WELCOME TO MISING BA:NÉ KÉBANG

মিচিং বাঃনৗ কৗবাং

Mising Réngam Írroi

Offcanvas

Leave a Reply

Edit Template

অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস আজি গোগামুখ মিচিং জাতীয় ক্ষেত্ৰ ৰৗগৃঃৰৗগামত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

অনুষ্ঠানটিৰ মুকলি সভা উদ্বোধন কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।

মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতিৰ মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া।

নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে দঃঞি পঃলঃ য়েলাম কৗবাঙৰ মুখ্য উপদেষ্টা তথা আদি আগম কৗবাঙৰ মাননীয় সভাপতি কালৃং বৰাং ডাঙৰীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া।

উল্লেখ্য যে, শতবৰ্ষৰ লগত সংগতি ৰাখি নিৰ্মান কৰিবলগীয়া বিশ্বৰ সৰ্ববৃহৎ মুৰংঘৰৰ লাইখুটা স্থাপন কৰা হয়। এই মুৰংঘৰ কোনো চৰকাৰী পুঁজি বা সাহাৰ্য্যৰে নিৰ্মাণ কৰা নহ’ব। সম্পূৰ্ণ মিচিং ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা হ’ব। ছয় মিচিং জাতীয় সংগঠনৰ পতাকা সমূহীয়াকৈ উত্তোলন কৰাৰ লগতে বৃক্ষৰোপণ কাৰ্য্যসূচীত মিচিং জনগোষ্ঠীৰ পৰম্পৰা আৰু মাংগলিক ৰীতি-নীতিৰ সৈতে জড়িত থকা ঔষধী গছ ৰোপণ কৰা হয়।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়া, মাননীয় উপাধ্যক্ষ যোগেশ্বৰ কুটুম ডাঙৰীয়া, MAK কেন্দ্ৰীয় সন্মানীয় সভাপতি হৰিনাৰায়ন পেগু ডাঙৰীয়া, সন্মানীয় সম্পাদক সোমেশ্বৰ কপ্তাক ডাঙৰীয়া, MDK সন্মানীয় সভাপতি অশ্বিনী কুমাৰ দলে ডাঙৰীয়া, সন্মানীয় সম্পাদক প্ৰশান্ত কুমাৰ বড়ি ডাঙৰীয়া, TMMK সন্মানীয় সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, সন্মানীয় সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, TMPK সভাপতি তিলক দলে ডাঙৰীয়া, সন্মানীয় সম্পাদক চান পাংগিং ডাঙৰীয়া।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমূহ সন্মানীয় কাৰ্য্যবাহী সদস্য/সদস্যা, সাধাৰণ সদস্য/সদস্যা সকল, সমূহ মিচিং অপে কেবাঙৰ সন্মানীয় সভাপতি/সম্পাদক, দঃলুং কেবাঙৰ সন্মানীয় গাম সকল, ছয় মিচিং জাতীয় সংগঠন অৰ্থাৎ MBK, MMK, MAK, MDK, TMMK, TMPKৰ কেন্দ্ৰ, জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়া সকল।

Share Article:

Edit Template

'সংবিধান' মিচিং বাঃনৗ কৗবাং

 

Mising Bane Kebang

প্ৰস্তাৱনাঃ
(preamble of the constitution).

"সংবিধান" মিচিং বাঃনৗ কৗবাং

মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।

Mising Bane Kebang

মিচিং জাতীয় সংগীতঃ

ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই

চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই

তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ

নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।