প্ৰস্তাৱনাঃ (preamble of the constitution)
মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।
"সেয়ে আমি সকলো মিচিং জাতিৰ লোকে মিচিং জাতিৰ বৃহত্তৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি কাম কৰি যাবলৈ এক সুস্থ সৱল সংগঠন "মিচিং বাঃনৗ কৗবাং" নামেৰে গঢ়ি তুলি কৰ্মত ব্ৰতী হবলৈ আজি ইং ২২-৩-২০১৪ তাৰিখে পুনৰ সংকল্প কৰিছোহক"।
অনুচ্ছেদ-১ঃ নামাকৰণ (Name of the Organization)
এই সংগঠনৰ নাম হ’ব মিচিং বাঃনৗ কৗবাং।
অনুচ্ছেদ-২ঃ পৰিসীমা (Area of operation)
অসম তথা ভাৰতৰ ৰাজ্য সমূহত বসবাস কৰা আৰু কৰ্মসংস্থাপনৰ অৰ্থে ভাৰতবৰ্ষৰ নগৰ চহৰ সমূহত বসবাস কৰা মিচিং লোক সকলে কোনো সংগঠন কৰিলে উক্ত সংগঠন সমূহকো
মিচিং বাঃনৗ কৗবাঙে সামৰি ল’ব।
অনুচ্ছেদ-৩ঃ পৰিচয় (Introduction)
মিচিং বাঃনৗ কৗবাং মিচিং সমাজৰ দ্বাৰা সংগঠিত এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক(socio economic and cultural organization) সংগঠন।
অনুচ্ছেদ- ৪ঃ লক্ষ্য আৰু উদ্দেশ্য (Aims and objects)
ক) মিচিং সম্প্ৰদায়ৰ মাজত শিক্ষাৰ বহুল প্ৰচাৰ আৰু ইয়াৰ প্ৰতি ধাউতি বঢ়োৱা।
খ) দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা আহৰণৰ বাবে সহায় কৰা।
গ) মিচিং সমাজৰ কলা- সংস্কৃতি সংৰক্ষণ আৰু উন্নতি সাধন কৰা।
ঘ) মিচিং সমাজৰ আৰ্থ-সামাজিক দিশত উন্নয়নৰ বাবে চেষ্টা চলোৱা।
ঙ) মিচিং লোক সকলক একতাৰ দোলেৰে বান্ধি ৰখা আৰু মিচিং জাতিৰ সামূহিক স্বাৰ্থ ৰক্ষাথে ঐক্যবদ্ধ ভাৱে সংগ্ৰাম কৰা।
চ) মিচিং ভাষাৰ উন্নতি আৰু বিকাশৰ বাবে চেষ্টা চলোৱা।
ছ) অৰুণাচলত তিব্বত-বৰ্ম্মী উত্তৰ অসম ঠালৰ তানি জনগোষ্ঠীৰ সকলো সম্প্ৰদায়ৰ সতে সম্প্ৰীতিৰ এনাজৰী বঢ়োৱা, পৰস্পৰৰ লগত ঘনিষ্ঠ সম্বন্ধ ৰখা আৰু একতা স্থাপন কৰা।
জ) মিচিং সম্প্ৰদায়ৰ বাহিৰেও অন্যান্য জাতি উপ-জাতি সমূহৰ লগত একতাৰ বান্ধোন স্থাপন কৰি ভাৰতবাসীৰ উন্নতি সাধন কৰা।
ঝ) মিচিং সম্প্ৰদায়ৰ ধৰ্মীয় আৰু অন্যান্য পৰম্পৰা জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও মিচিং সমাজৰ কু-ৰীতি-নীতিসমূহৰ সংস্কাৰ সাধন কৰা।
ঞ) সামাজিক কলা সংস্কৃতি আদিত বুৎপত্তি দেখুৱা ব্যক্তিক সম্বৰ্দ্ধনা(Felicitation) জনোৱা হয়।
অনুচ্ছেদ- ৫ঃ সত্যভৰ্ত্তি(Membership)
ক) যিকোনো মিচিং লোকেই ১৮ বছৰ হলেই কৗবাঙৰ সভ্য হব পাৰিব।
খ) কৗবাঙৰ তিনিধৰণৰ সভ্য থাকিব- সাধাৰণ সভ্য, আজীৱন সভ্য, বিশেষ সভ্য।
গ) যিকোনো মিচিং লোকে ১০ টকা মাচুল দি বাঃনৗ কৗবাঙৰ সাধাৰণ সভ্য হিচাবে সভ্য ভুক্ত হ’ব পাৰিব।
ঘ) যিকোনো মিচিং লোকে ৫০০ টকা মাচুল দি বাঃনৗ কৗবাঙৰ আজীৱন সভ্য হিচাবে সভ্য ভুক্ত হ’ব পাৰিব।
ঙ) প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সাধাৰণ সম্পাদক বাঃনৗ কৗবাঙৰ বিশেষ সভ্য হিচাবে গণ্য কৰা হ’ব আৰু তেওঁলোক পোনপটীয়াকৈ কেন্দ্ৰীয় সমিতিৰ সদস্য হব।
চ) আজীৱন সদস্যৰ বাবে প্ৰতিজন সভ্যই দুবছৰৰ মূৰে মূৰে (জানুৱাৰী মাহত) ১০ টকা মাচুল দি সভ্য পদ নবীকৰণ কৰিব লাগিব।
অনুচ্ছেদ- ৬ঃ সাংগঠনিক গঠনৰ ব্যৱস্থা (organization set up)
ক) বাঃনৗ কৗবাঙৰ সাংগঠিক গঠন প্ৰণালী তলত দিয়া ধৰণে হ’ব-
১) বাঃনৗ কৗবাং
২) বাংকে কৗবাং
৩) দঃলুং কৗবাং আৰু
৪) স্বীকৃতিপ্ৰাপ্ত(affiliated) সংগঠন সমূহ।
বাঃনৗ কৗবাংঃ-
ক) সাধাৰণ পৰিষদ( General council)
খ) কাৰ্যনিৰ্বাহক সমিতি(Executive commitee)
গ) কৰ্ণধাৰ সমিতি(standing commitee) বাঃনৗ কৗবাঙৰ মূল বিভাগ হিচাপে থাকিব।
বাংকে কৗবাংঃ- প্ৰতি ব্লক পৰ্য্যায়ত একোখনকৈ বাংকে কৗবাং থাকিব আৰু উক্ত বাংকে কৗবাং বোৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা অৰ্থাৎ মিচিং বাঃনৗ কৗবাঙৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত(affiliated) হ’ব লাগিব। বাঃনৗ কৗবাঙৰ কাৰ্য্যনিৰ্বাহক সমিতিৰ সাধাৰণতে ১৫ জন সদস্যৰে গঠিত হব কিন্তু আৱশ্যক অনুযায়ী ইয়াতকৈ বেচি সদস্য বঢ়াই দিব পাৰিব কিন্তু ২১ জনতকৈ বেছি হ’ব নোৱাৰিব। কাৰ্য্যনিৰ্বাহক সমিতিত সভাপতি- ১ জন, উপ-সভাপতি- ২জন, ইয়াৰে ১ জন মহিলাৰ বাবে সংৰক্ষিত, সম্পাদক ১ জন, সহকাৰী সম্পাদক ২ জন, সাংগঠনিক সম্পাদক ৩ জন বিষয়ববীয়া হিচাপে থাকিব।
দঃলুং কৗবাংঃ- প্ৰতিখন পঞ্চায়তত একোখনকৈ দঃলুং কৗবাং বাংকে কৗবাঙৰ নিম্ন স্তৰত থাকিব। দঃলুং কৗবাঙক বাংকে কৗবাঙৰ অনুমোদন ক্ৰমে স্বীকৃতি দিব লাগিব। দঃলুং কৗবাঙৰ গঠন প্ৰণালী বাংকে কৗবাঙৰ দৰে হ’ব।
(৮) শাখা সন্মিলনঃ-
ক) মিচিং সকলৰ আৰ্থ-সামাজিক কৃষ্টি-সংস্কৃতি শিক্ষা আদি বিভিন্ন সামৰি সংগঠন কৰা যিকোনো সন্মিলন বা সন্থাই বাঃনৗ কৗবাঙৰ দ্বাৰা স্বীকৃতি হ’লে কৗবাঙৰ শাখা সন্মিলন হিচাবে গণ্য কৰা হব।
খ) সদস্যভূক্ত হোৱাৰ বাবে প্ৰতি বাংকে কৗবাং আৰু শাখা সন্মিলনবোৰে স্বীকৃতি মাচুল হিচাবে কেন্দ্ৰীয় সমিতিক ক্ৰমে ৫০০ টকা, ২০০ টকা আৰু বছৰেকীয়া বৰঙণি হিচাবে ক্ৰমে ২০০ টকা, ১০০ টকা আৰু ১০০ টকা প্ৰত্যেক কাৰ্যকালৰ অন্ত হোৱাৰ এমাহ পূৰ্বে স্বীকৃতি নৱীকৰণ মাচুল হিচাবে ক্ৰমে ৫০০ টকা, ২০০ টকা আৰু ২০০ টকা দিব লাগিব।
গ) যিকোনো বাংকে কৗবাং আৰু অন্যান্য শাখা সন্মিলনবোৰে নিজৰ বছৰেকীয়া বৰঙণি সময় মতে আদায় দিব নোৱাৰে সেইবোৰক বাকীদাৰ(Defaulter) বুলি গণ্য কৰা হ’ব আৰু ভোটাধিকাৰ হেৰুৱাব।
অনুচ্ছেদ-৭ঃ বাংকে কৗবাঙ আৰু দঃলুং কৗবাঙৰ ক্ষমতা আৰু কাৰ্য্যাৱলী।
১) প্ৰত্যেক দুই বছৰৰ মূৰত বাংকে কৗবাং আৰু দঃলুং কৗবাঙৰ মুকলি অধিৱেশন পাতিব। ইয়াত বাংকে কৗবাং আৰু দঃলুং কৗবাঙৰ সভাপতিয়ে সভাপতিত্ব কৰিব।
২) বিষয় বাচনি সভাতেই অনুচ্ছেদ ২১ত উল্লেখ কৰা নিয়ম অনুসৰি নতুন কাৰ্যনিৰ্বাহক সমিতি পৰৱৰ্ত্তী কাৰ্য্যকালৰ বাবে গঠন হ’ব।
৩) বাংকে কৗবাং আৰু দঃলুং কৗবাং বোৰে পুঁজিৰ বাবে ৰচিদ বহী নিজে ছপা কৰি লব পাৰিব কিন্তু সভ্য ভৰ্ত্তিৰ বাবে কেন্দ্ৰীয় সমিতিয়ে ছপা কৰা ৰচিদ বহীহে ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰীয় সমিতিয়ে প্ৰয়োজনীয় ৰচিদ বহী বাংকে কৗবাং আৰু দঃলুং কৗবাং বোৰলৈ প্ৰেৰণ কৰিব।
৪) বাঃনৗ কৗবাঙৰ কাৰ্যনিৰ্বাহক সমিতিৰ নিদ্দেৰ্শনা অনুসৰি বাংকে কৗবাং আৰু দঃলুং কৗবাং সমূহে কাৰ্য্য সম্পাদন কৰিব।
অনুচ্ছেদ-৮ঃ সাধাৰণ পৰিষদ(General council)
ক) সাধানণ পৰিষদত তলত উল্লেখ কৰা সকলক লৈ গঠন হ’ব-
১) কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাপতি আৰু উপ-সভাপতি।
২) প্ৰতি দঃলুং কৗবাঙৰ পৰা এজন, বাংকে কৗবাঙৰ পৰা সভাপতি/সম্পাদককে ধৰি তিনি জন, স্বীকৃতিপ্ৰাপ্ত সংগঠনৰ নিদিষ্ট প্ৰতিনিধি সদস্য আৰু মিচিং বাঃনৗ কৗবাঙৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক সকল।
৩) স্বীকৃতিপ্ৰাপ্ত সংগঠন সমূহঃ ক) মিচিং আগম বাঃনৗ কৗবাঙৰ সভাপতি/সম্পাদক সহ ৫ জন সদস্য।
খ) মিচিং দৃৰবৃ বাঃনৗ কৗবাঙৰ সভাপতি/সম্পাদক সহ ৩ জন সদস্য।
গ) টাকাম মিচিং পৰিণ কৗবাঙৰ সভাপতি/সম্পাদক সহ ৭ জন সদস্য।
ঘ) টাকাম মিচিং মিমৌ কৗবাঙৰ সভাপতি/সম্পাদক সহ ৩ গৰাকী সদস্যা।
ঙ) চৰকাৰী চাকৰিয়াল ৪ জন।
চ) মিচিং মিমাগ কৗবাঙৰ সভাপতি/সম্পাদক সহ ৫ জন সদস্য।
৪) সাধাৰণ পৰিষদৰ কাৰ্য্যকাল সাধাৰণতে ৩ বছৰীয়া।
৫) সাধাৰণ পৰিষদৰ বৈঠক বছৰত কমেও ২ বাৰ বহিব লাগে। সাধাৰণ পৰিষদৰ সভাত ১/৭ ভাগ উপস্থিত সদস্যৰে থুল(Quoram) গঠন হ’ব। পৰিষদৰ বৈঠকত উপস্থিত থাকিব নোৱাৰি কোনোবা সদস্যই তেওঁৰ অসমৰ্থতাৰ কথা জনাই লিখিলে থুল গঠন ক্ষেত্ৰত তেওঁক উপস্থিতিৰ সংখ্যা ধৰা হ’ব আৰু প্ৰথম বৈঠকত থুল নোহোৱাৰ বাবে স্থগিত ৰখা পৰৱৰ্ত্তী বৈঠক থুল নহলেও বহুৱাব পাৰিব।
খ) সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্য্যাৱলী( Power and function general council)
১) সাধাৰণ পৰিষদৰ হাতত
বাঃনৗ কৗবাঙৰ চুড়ান্ত নীতি নিৰ্দ্ধাৰণৰ ক্ষমতা থাকিব।
২) কাৰ্য্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা যিকোনো নীতি বা সিদ্ধান্তৰ ওপৰত সাধাৰণ পৰিষদে প্ৰয়োজন অনুসাৰে পুনৰ আলোচনা, সংশোধন, পৰিবৰ্তন কৰিব পাৰিব।
৩) সাধাৰণ পৰিষদে কাৰ্য্যনিৰ্বাহক সমিতিৰ সকলো কাম কাজৰ খতিয়ান লব পাৰিব আৰু নিৰ্দ্দেশনাত্মক নীতি(Directive principle) আগবঢ়াব পাৰিব।
৪) যিকোনো কামৰ বাবে কাৰ্য্যনিৰ্বাহক সমিতিয়ে সাধাৰণ পৰিষদৰ ওচৰত দায়ী থাকিব।
৫) কোনো বাংকে কৗবাঙৰ সদস্য পদ খালি থাকিলে সাধাৰণ পৰিষদৰ অনুমোদন সাপেক্ষে সেই পদ পূৰাব পাৰিব।
৫) সন্তোষজনক কাৰণ নদৰ্শোৱাকৈ পৰিষদৰ কোনোবা সদস্যই একাদিক্ৰমে তিনিবাৰ বৈঠকত উপস্থিত নাথাকিলে তেঁও সদস্য পদ পৰিষদে খাৰিজ বা বাতিল কৰিব পাৰিব আৰু তেনেকৈ সদস্য পদ বাতিল কৰা সদস্যজনক সাধাৰণ পৰিষদে জনাব লাগিব।
৭) কৗবাঙৰ সাধাৰণ সম্পাদক, যুটীয়া সম্পাদক আৰু সাংগঠনিক সম্পাদক সকলক সাধাৰণ পৰিষদৰ প্ৰথম বৈঠকতে নিৰ্বাচিত কৰি ল’ব লাগিব।
৮) সংবিধানৰ বিধি অনুসৰি সভাপতিয়ে সাধাৰণ পৰিষদৰ বৈঠক নেপাতিলে নতুবা কাৰ্য্যকৰী সমিতি নিস্ক্ৰিয় হৈ থাকিলে সাধাৰণ পৰিষদৰ মুঠ সদস্যৰ ৪০ শতাংশ সদস্যৰ চহীৰে তলবী বৈঠক(Requisition meeting) বহুৱাব পাৰিব আৰু এই অনুচ্ছেদৰ ৮ (খ) (৯) অনুযায়ী সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব পাৰিব।
৯) বাঃনৗ কৗবাঙৰ কোনো বিষয়ববীয়া নতুবা কোনো সদস্যই কৗবাঙৰ বিৰুদ্ধে বা মিচিং জাতিৰ স্বাৰ্থৰ প্ৰতিকূলে কাম কৰিলে বা লিপ্ত থকা বুলি প্ৰমানিত হলে সাধাৰণ পৰিষদৰ ২০ সদস্যৰ দ্বাৰা স্বাক্ষৰিত পত্ৰৰে অনাস্থা প্ৰস্তাৱ পৰিষদৰ বৈঠকত আনিব পাৰিব আৰু বৈঠকত উপস্থিত দুই -তৃতীয়াংশ সদস্যৰ সমৰ্থন আৰু ভোটৰ দ্বাৰা সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, যুটীয়া সম্পাদক যিকোনো সদস্যক পদচ্যুত কৰিব পাৰিব। এনেদৰে পদচ্যুত সদস্যৰ ঠাইত তলবী বৈঠকে নতুনকৈ নিযুক্তি দিব পাৰে।
১০) সভাপতিয়ে নিদিষ্ট সময়ৰ ভিতৰত অধিৱেশন পাতিব নোৱাৰিলে আৰু এই অসমৰ্থতাৰ কথা তিনি মাহৰ ভিতৰত যদি সাধাৰণ পৰিষদক নজনায়, তেনে ক্ষেত্ৰত পৰিষদৰ দুই-তৃতীয়াংশ সদস্যই মুকলি সভা আহ্বান কৰিব পাৰিব। এই মুকলি সভাত সভাপতি বা উপ-সভাপতিয়ে উপস্থিত নাথাকিলে পৰিষদৰ যিকোনো সদস্যক সভাপতি হিচাপে মনোনীত কৰি লব পাৰিব।
১১) সাধাৰণ পৰিষদে বাংকে
কৗবাঙবোৰে নিস্ক্ৰিয় হৈ থাকিলে বা নীতি-নিয়ম মতে কাম নকৰিলে ভংগ(Dissolution) কৰি দিব পাৰিব আৰু তাৰ ঠাইত তদৰ্থ(Ad-hoc) কৗবাং পাতি দিবৰ বাবে সভাপতিক সাধাৰণ পৰিষদে দায়িত্ব দিব পাৰিব।
১২) কৗবাঙৰ পুঁজি সংগ্ৰহ আদি কৰি পুঁজি টনকিয়াল কৰিব লাগিব।
১৩) সাধাৰণ পৰিষদে কৗবাঙৰ বাজেট অনুমোদন কৰিব লাগিব আৰু এই বাজেট পৰিষদৰ প্ৰথম বৈঠকত সাধাৰণ সম্পাদকে পেছ কৰিব লাগিব।
১৪) সাধাৰণ পৰিষদৰ বৈঠক যিকোনো ঠাইত বহুৱাব পাৰিব।
১৫) সাধাৰন পৰিষদে মুকলি অধিৱেশন নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত পাতিব নোৱাৰিলে ইয়াৰ কাৰ্য্যকাল ১ বছৰৰ বাবে বঢ়াই দিব পাৰিব।
অনুচ্ছেদ-৯ঃ
(ক) কাৰ্যনিৰ্বাহক সমিতিৰ গঠন প্ৰণালী (structure of executive committee)
১) কাৰ্যনিৰ্বাহক সমিতি হ’ল মিচিং বাঃনৗ কৗবাঙৰ মূল কাৰ্য্যপালিকা।
২) কাৰ্যনিৰ্বাহক সমিতি সভাপতি, উপ-সভাপতি, প্ৰত্যেক বাংকে আৰু স্বীকৃতিপ্ৰাপ্ত জাতীয় সংগঠনৰ দ্বাৰা মনোনীত একোজনকৈ প্ৰতিনিধিক লৈ গঠিত হ’ব।
৩) কাৰ্যনিৰ্বাহক সমিতিৰ বিষয় ববীয়া তলত দিয়া ধৰণে হ’ব-
সভাপতি- ১জন
উপ-সভাপতি – ৩জন । ইয়াৰে ১ জন মহিলাৰ বাবে সংৰক্ষিত থাকিব।
সাধাৰণ সম্পাদক- ১ জন।
সহকাৰী সাধাৰণ সম্পাদক- ৪জন । ইয়াৰে ২জন মহিলাৰ বাবে সংৰক্ষিত থাকিব।
সাংগঠনিক সম্পাদক- ৪জন । ইয়াৰে ১জন মহিলাৰ বাবে সংৰক্ষিত থাকিব।
সাংস্কৃতিক সম্পাদক- ১জন ।
আলোচনী সম্পাদক-১জন ।
সদস্যঃ প্ৰত্যেক বাংকে আৰু স্বীকৃতিপ্ৰাপ্ত জাতীয় সংগঠনৰ দ্বাৰা মনোনীত একোজনকৈ সদস্য।
৪) কাৰ্যনিৰ্বাহক সভাপতি আৰু উপ-সভাপতি বিষয় বাচনি সভাত অৰ্থাৎ প্ৰতিনিধি সভাত(Delegate session) অনুচ্ছেদ ২১ ত উল্লেখ কৰা পদ্ধতি অনুসৰি গোপন বেলত কাকতৰ যোগেদি প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা আৰু সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক, আলোচনী সম্পাদক, সাংগঠনিক সম্পাদক আৰু অন্যান্য সদস্য সকলক সাধাৰণ পৰিষদৰ প্ৰথম বৈঠকত পৰোক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰিব লাগিব।
৫) কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া হ’ব। কিন্তু ইয়াৰ কাৰ্য্যকাল পৰিষদে অনুচ্ছেদ ৮(খ)(১৫) অনুযায়ী আৰু ১ বছৰৰ বাবে বঢ়াই দিব পাৰিব।
খ) কাৰ্য্যনিৰ্বাহক সমিতিৰ ক্ষমতা আৰু কাৰ্য্যাৱলী (Power and function of executive committee)
১) কৗবাঙৰ সকলো পৰিকল্পনা, নীতি আৰু কাৰ্য্যসূচী নিৰ্দ্ধাৰণ কৰিব কিন্তু এনে কামবোৰ সাধাৰণ পৰিষদে অনুমোদন কৰিব লাগিব।
২) সাধাৰণ পৰিষদত আৰু মুকলি সভাত লোৱা প্ৰস্তাৱ আৰু সিদ্ধান্ত সমূহ কাৰ্য্যনিৰ্বাহক সমিতিয়ে কাৰ্য্যকৰী কৰিব।
৩) কাৰ্য্যনিৰ্বাহক সমিতিয়ে বৈঠক বছৰত কমেও ৪ বাৰ বহাব লাগিব।
৪) কাৰ্য্যনিৰ্বাহক সমিতিয়ে বৈঠক বহিবলৈ হলে এক-তৃতীয়াংশ সদস্যৰে থুল হব লাগিব।
৫) কাৰ্য্যনিৰ্বাহক কমিতিয়ে প্ৰয়োজনবোধ কৰিলে উপ সমিতি আদি গঠন কৰিব পাৰিব।
৬) কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠক সাধাৰণতে কৗবাঙৰ সদৰ ধেমাজিৰ স্থায়ী কাৰ্য্যালয়ত অনুষ্টিত হ’ব লাগিব।
৭) কাৰ্য্যনিৰ্বাহক সমিতিয়ে প্ৰয়োজন সাপেক্ষে বিশেষ জৰুৰী অধিৱেশন সাধাৰণ পৰিষদৰ অনুমোদন সাপেক্ষে পাতিব লাগিব।
অনুচ্ছেদ-১০ঃ
সভাপতি আৰু উপ-সভাপতি নিৰ্বাচনঃ
ক) মুকলি সভালৈ অহা সকলো শ্ৰেণীৰ প্ৰতিনিধিবৰ্গ, সাধাৰণ পৰিষদৰ সদস্য, কাৰ্য্যনিৰ্বাহক সমিতিৰ মাজৰ পৰা কৗবাঙৰ সভাপতি আৰু উপ-সভাপতিক বিষয় বাচনি সভাত অনুচ্ছেদ ২১ অনুযায়ী নিৰ্বাচিত কৰিব। এই দুয়োটা পদৰ বাবে নিৰ্দ্দিষ্ট প্ৰ-পত্ৰত প্ৰাৰ্থীত্বৰ বাবে অৰ্থাৎ মনোনয়ন পত্ৰত আবেদন কৰিব লাগিব আৰু সেই ক্ষেতত অন্তত এজন প্ৰস্তাৱক আৰু এজন সমৰ্থকৰ দ্বাৰা স্বাক্ষৰিত আবেদন পত্ৰহে বৈধ বুলি গণ্য কৰা হ’ব।
খ) সভাপতি আৰু উপ-সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে কমেও ৪০ বছৰ বয়স হব লাগিব।
গ) মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থীজনৰ সিদ্ধান্তই চুড়ান্ত বুলি গণ্য কৰা হ’ব।
অনুচ্ছেদ- ১১ঃ
সভাপতি আৰু উপ-সভাপতি ক্ষমতা আৰু কাৰ্য্যাৱলী(power and functions of president&Vice-president)
১) সভাপতিয়ে সাধাৰণ পৰিষদ আৰু কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠক বোৰত সভাপতিত্ব কৰিব।
২) সভাপতি আৰু সম্পাদকৰ আলোচনা ক্ৰমে যিকোনো বৈঠক বহুৱাবৰ বাবে সভাপতিয়ে সাধাৰণ সম্পাদকক নিৰ্দ্দেশ দিব পাৰিব।
৩) জৰুৰী বিষয়ত সভাপতিয়ে নিজে সাধাৰণ পৰিষদ কিম্বা কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠক আহ্বান কৰিব পাৰিব।
৪) কৗবাঙৰ সকলো টকা পইচাৰ হিচাব পত্ৰ চাব পাৰিব।
৫) সভাপতিয়ে কাৰ্য্যালয়ৰ সহায়কক নিযুক্তি দিব পাৰিব।
৬) বাঃনৗ কৗবাঙৰ সভাপতিয়েই মুকলি অধিৱেশনতো সভাপতিত্ব কৰিব।
৭) কৗবাঙৰ যিকোনো কামৰ বাবে পোনপটীয়াকৈ দায়ী থাকিব।
৮) কৗবাঙৰ সভাপতিৰ পদ মৰ্য্যদা সকলোৰে ওপৰত।
৯) সাধাৰণ পৰিষদ বা কাৰ্য্যনিৰ্বাহক সমিতি বা কৗবাঙৰ যিকোনো সিদ্ধান্ত বা প্ৰস্তাৱ কৗবাঙৰ সভাপতি ৰ স্বাক্ষৰ প্ৰদান থাকিব লাগিব; নহ’লে বৈধ নহ’ব।
১০) কৗবাঙৰ মুৰব্বী হিচাবে সভাপতিয়ে জৰুৰী অৱস্থাত দায়িত্বশীল বিবৃতি আৰু স্মাৰক পত্ৰ যিকোনো দায়িত্বশীল কতৃপক্ষ বা চৰকাৰৰ ওপৰত দিব পাৰিব কিন্তু এনেকৈ দিয়া বিবৃতি বা স্মাৰক পত্ৰ এমাহৰ ভিতৰত কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠক আহ্বান কৰি অনুমোদন লব পাৰিব।
১১) কৗবাঙৰ সভাপতিয়ে যিকোনো চৰকাৰী অনুদান, চান্দা-বৰঙণি, অস্থাৱৰ স্থাৱৰ সম্পত্তি গ্ৰহন কৰিব পাৰিব।
১২) কাৰ্য্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল উকলি গলে কৗবাঙৰ সভাপতিয়ে কাৰ্য্যনিৰ্বাহক সমিতিৰ হৈ ইস্তফা বা পদত্যাগ বিখয় বাচনি দিব লাগিব। কিন্তু মুকলি অধিৱেশনৰ কাম শেষ নোহোৱা পৰ্য্যন্তলৈ বা কোনো বিকল্প ব্যৱস্থা নোহোৱা লৈকে সভাপতিয়ে কাৰ্য্যভাৰ চলাই যাব পাৰিব।
১৩) সভাপতিৰ অনুপস্থিতিত উপ-সভাপতিয়ে যিকোনো বৈঠকতে সভাপতিত্ব কৰিব।
১৪) সভাপতিয়ে অনিবাৰ্য্য কাৰণবশতঃ নিজে কাম চলাব নোৱাৰিলে উপ-সভাপতিক অস্থায়ী হিচাপে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাম কৰিবলৈ দায়িত্ব দিব পাৰিব আৰু সেই সময়চোৱাৰ ভিতৰত ওপৰত উল্লেখিত ক্ষমতা আৰু কাৰ্য্যাৱলীবোৰ কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদন সাপেক্ষে প্ৰয়োগ কৰিব পাৰিব।
১৫) সাধাৰণ পৰিষদলৈ পঠোৱা কোনো বাংকে কৗবাঙৰ সদস্যপদ খালি থাকিলে সেই পদ সাধাৰণ পৰিষদৰ অনুমোদন সাপেক্ষে সভাপতিয়ে সেই মহকুমাৰ লোকেৰে সেই পদ পূৰণ কৰিব লাগিব।
অনুচ্ছেদ- ১২ঃ সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, আলোচনী সম্পাদক আৰু সাংস্কৃতিক সম্পাদকৰ ক্ষমতা আৰু কৰ্তব্য( Power& Duties of general Secy.Asst.general Secy, Megazine Secy, Organizing secretary& cultural secretary):
১) সাধাৰণ সম্পাদকে সভাপতিৰ অনুমতি লৈ সাধাৰণ পৰিষদ আৰু কাৰ্য্যনিৰ্বাহক সমিতি বা কৗবাঙৰ যিকোনো সভা আহ্বান কৰিব।
২) সাধাৰণ সম্পাদকেই বিষয় বাচনি সভা আৰু মুকলি অধিৱেশনৰো কাৰ্য্য সম্পাদন কৰিব।
৩) সাধাৰণ সম্পাদকে কৗবাঙৰ টকা-পইচাৰ হিচাপ, নথি-পত্ৰ আচবাব, সা-সম্পত্তি আদি নিজৰ দায়িত্বত ৰাখিব পাৰিব।
৪) সাধাৰণ সম্পাদকে যিকোনো চৰকাৰী অনুদান, দান-বৰঙণি, সম্পত্তি আদি কৗবাঙৰ হৈ গ্ৰহন কৰিব পাৰিব আৰু এনেকৈ পোৱা টকা-পইচা যিকোনো ৰাষ্ট্ৰীয়কৃত বেংকত জমা থব লাগিব।
৫) সাধাৰণ সম্পাদকে কৗবাঙৰ হৈ মিচিং জাতিৰ স্বাৰ্থ হকে সংবাদ মাধ্যমৰ জৰিয়তে বিবৃতি দিব পাৰিব আৰু চৰকাৰৰ বা যিকোনো দাজিত্বশীল কতৃপক্ষৰ ওচৰত স্মাৰক পত্ৰ দিব পাৰিব। কিন্তু কাৰ্য্যনিৰ্বাহক সমিতিত এমাহৰ ভাতৰত অনুমোদন লব লাগিব।
৬) সাধাৰণ সম্পাদক বা সহকাৰী সাধাৰণ সম্পাদকে
কৗবাঙৰ যি কোনো সভাৰ কাৰ্য্যাৱলী লিপিবদ্ধ(Record) কৰিব।
৭) সাধাৰণ সম্পাদকে এবাৰত ৩ হাজাৰ টকালৈকে হাতত ৰাখি খৰচ কৰিব পাৰিব। ইয়াতকৈ বেছি প্ৰয়োজন হ’লে সভাপতিয়ে এবাৰত মঞ্জুৰী কৰা মতে খৰচ কৰিব পাৰিব।
৮) বাঃনৗ কৗবাঙৰ মুকলি অধিৱেশনত সম্পাদকে প্ৰতিবেদন দাখিল কৰিব লাগিব। সেই প্ৰতিবেদন কাৰ্য্যনিৰ্বাহক সমিতিত অনুমোদন কৰাৰ পাছত বিষয় বাচনি সভাত অনুমোদন কৰাব লাগিব আৰু ইয়াৰ চুড়ান্ত অনুমোদনৰ বাবে সাধাৰণ অধিৱেশনত পেছ কৰিব লাগিব।
৯) সহকাৰী সাধাৰণ সম্পাদকে সম্পাদকক সকলো কাৰ্য্যতে সহায় কৰিব আৰু সাধাৰণ সম্পাদকৰ অনুপস্থিতিত যি কোনো এজনক সভাপতিয়ে অস্থায়ীভাৱ সাধাৰণ সম্পাদকৰ কাম কৰিবলৈ দিব পাৰিব।
১০) আলোচনী সম্পাদক কৗবাঙৰ আলোচনী প্ৰকাশৰ আৰু সাংস্কৃতিক সম্পাদকে সাংস্কৃতিক বিষয়ৰ সকলো দায়িত্বত (টকা পইচা বাহিৰে) থাকিব।
১১) সাধাৰণ সম্পাদকে সভাপতিৰ লগত আলোচনা কৰি সাধাৰণ পৰিষদৰ প্ৰথম বৈঠকতে গোটেই কাৰ্য্যকালৰ বাবে বাজেট পেছ কৰি অনুমোদ কৰাই ল’ব লাগিব।
১২) নতুন সাধাৰণ সম্পাদক নিৰ্বাচিত নকৰা পৰ্য্যন্ত কিম্বা বিকল্প ব্যৱস্থা নোহোৱা পৰ্য্যন্ত সাধাৰণ সম্পাদকে কৗবাঙৰ তত্ত্বাৱধায়ক সাধাৰণ সম্পাদক হিচাপে কাম চলাই যাব পাৰিব।
১৩) সাংগঠনিক সম্পাদক সকলে কৗবাঙৰ সংগঠনৰ দিশবোৰ চোৱাৰ আৰু কাম কৰাৰ দায়িত্বত থাকিব।
অনুচ্ছেদ-১৩ঃ কৰ্ণাধাৰ সমিতি(Standing committee):
সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, আলোচনী সম্পাদক, সাংগঠনিক সম্পাদক আৰু সাংস্কৃতিক সম্পাদক সকলক লৈ এখনি কৰ্ণাধাৰ সমিতি গঠিত হ’ব।
অনুচ্ছেদ-১৪ঃ কৰ্ণাধাৰ সমিতিৰ ক্ষমতা আৰু কাৰ্যাৱলী(Power& Functions of standing committee):
যিকোনো জৰুৰী বিষয়ৰ ওপৰত সময়োপযোগী আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্য্য ব্যৱস্থা লবৰ বাবে কৰ্ণাধাৰ সমিতিয়ে বৈঠক অনুষ্ঠিত কৰিব পাৰিব আৰু এনে সিদ্ধান্ত কাৰ্য্যনিৰ্বাহকৰ পৰৱৰ্ত্তী বৈঠকত অনুমোদন ল’ব লাগিব।
অনুচ্ছেদ-১৫ঃ কৗবাঙৰ মুখপত্ৰ(Organ of Ke´bang)
১) কৗবাঙৰ এখন মুখপত্ৰ থাকিব। বাঃনৗ কৗবাঙৰ কাম-কাজ খতিয়ান মিচিং ভাষা, কলা সংস্কৃতি আৰু আৰ্থ সামাজিকৰ ওপৰত ৰেখাপাত কৰিব পৰাকৈ চাৰিমাহৰ মূৰে মূৰে এনে আলোচনী বাতমুখপত্ৰ প্ৰকাশ কৰা হ’ব।
২) কৗবাঙৰ মুখপত্ৰ প্ৰকাশৰ বাবে এটি উপ-সমিতি(Sub Committee) বা সম্পাদনা সমিতি(Editorial Board) কাৰ্য্যনিৰ্বাহক সমিতিয়ে গঠন কৰি দিব পাৰিব।
অনুচ্ছেদ-১৬ঃ কৗবাঙৰ পুঁজি আৰু সা-সম্পত্তি(Fun & properties of the ke´bang)
১) বাঃনৗ কৗবাঙৰ এটা স্থায়ী পুঁজি(Fund) থাকিব। সেই পুঁজি -ক) প্ৰাথমিক সভ্য বৰঙণি।
খ) সাধাৰণ পৰিষদৰ সদস্য মাচুল।
গ) চৰকাৰী অনুদান ।
ঘ) ব্যক্তি ।
ঙ) অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ পৰা সংগৃহীত ধনেৰে হ’ব।
২) কৗবাঙৰ পুঁজি চান্দা সংগ্ৰহ কৰিবলৈ সভাপতি বা সাধাৰণ সম্পাদকে কাৰ্য্যনিৰ্বাহকৰ অনুমতি সাপেক্ষে ৰচিদ বহী ছপা কৰি পুঁজি টনকিয়াল কৰিব পাৰিব।
৩) চান্দা সংগ্ৰহৰ বাবে কোনো ব্যক্তিক দিয়া ৰচিদ বহী সময়মতে ঘূৰাই দিব নোৱাৰিলে টকা আত্মসাৎ কৰিলে বুলি গণ্য কৰা হ’ব আৰু কাৰ্য্যনিৰ্বাহক সমিতিয়ে ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ উপৰিও আইন সংগত ব্যৱস্থা ল’ব পাৰিব।
৪) কৗবাঙৰ টকা পইচা কৗবাঙৰ সদৰ ঠাই ধেমাজী ৰাষ্ট্ৰীয়কৃত বেংকত একাউণ্ট খুলি জমা ৰাখিব লাগিব। উক্ত বেংকত ৰখা জমা টকাৰ লেন দেন সভাপতি আৰু সম্পাদকে যুটীয়াভাৱে কৰিব।
৫) কৗবাঙৰ সকলো খৰচ সাধাৰণ সম্পাদকৰ জৰিয়তে হ’ব লাগিব আৰু কৗবাঙৰ সাধাৰণ সম্পাদকে কেছবুক ৰাখিব লাগিব।
৬) কৗবাঙৰ সকলো আয় ব্যয়ৰ হিচাব কাৰ্য্যকালৰ শেষ বছৰত কাৰ্য্যনিৰ্বাহক সমিতিৰ অনুমোদন কৰাই বিষয় বাচনি সভাতো অনুমোদন কৰাইহে সাধাৰণ সম্পাদকৰ প্ৰতিবেদনৰ জৰিয়তে গৃহীত কৰাব লাগিব।
অনুচ্ছেদ- ১৭ঃ হিচাব পৰীক্ষক(Auditor):
১) কৗবাঙৰ আয় ব্যয়ৰ হিচাব চাবৰ বাবে হিচাব পৰীক্ষক কাৰ্য্যনিৰ্বাহক সমিতিয়ে নিযুক্তি দিব পাৰিব।
২) হিচাব পৰীক্ষকে প্ৰতি কাৰ্য্যকালৰ মূৰে মূৰে কৗবাঙৰ হিচাব পৰীক্ষা কৰিব আৰু সেই হিচাব পৰীক্ষাৰ প্ৰতিবেদন সাধাৰণ অধিৱেশন বহাৰ এমাহৰ আগতে সাধাৰণ সম্পাদকে কাৰ্য্যনিৰ্বাহক সমিতিয়ে দাখিল কৰি অনুমোদন কৰিব লাগিব।
অনুচ্ছেদ-১৮ঃ সাধাৰণ অধিৱেশন(General session)
১) মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ অধিৱেশন ৩ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’ব কিন্তু বিশেষ কাৰণবশতঃ ৩ বছৰৰ মূৰত পাতিব নোৱাৰিলে তাৰ পিছত অনুচ্ছেদ ৮ (খ) (১৫) অনুযায়ী পাতিব পাৰিব।
২) সাধাৰণ অধিৱেশন বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত পাতিব লাগিব। ইয়াৰ ভিতৰত পাতিব নোৱাৰিলে কাৰ্য্যনিৰ্বাহক সমিতিয়ে ২ মাহ কাল বঢ়াই দিব পাৰিব।
৩) কৗবাঙৰ সভাপতিয়েই মুকলি অধিৱেশনৰো সভাপতি হ’ব।
৪) (ক) প্ৰতিনিধি সংখ্যা আৰু
প্ৰতিনিধিৰ মাচুল কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে নিৰ্দ্ধাৰণ কৰিব।
(খ) প্ৰতিনিধি সকলৰ লিষ্ট এমাহৰ আগতে মাচুলসহ বাংকে কৗবাঙ বোৰে সাধাৰণ সম্পাদকৰ হাতলৈ পোৱাকৈ পঠাব লাগিব।
৫) জনসংখ্যাৰ ভিত্তিত নোহোৱা অনুষ্ঠান আৰু ঠাইৰ পৰা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে নিৰ্দ্ধাৰণ কৰা অনুপাতে অধিৱেশনলৈ প্ৰতিনিধি পঠাব লাগিব।দঃলুং কৗবাঙবোৰে তেঁওলোকৰ প্ৰতিনিধি বাংকে কৗবাঙৰ যোগেদি পঠাব লাগিব।
৬) মুকলি অধিৱেশনলৈ আমন্ত্ৰণ জনাবলগীয়া মুখ্য অতিথি, নিদিষ্ট বক্তা বা অন্যান্য ব্যক্তিসকলক কাৰ্য্যনিৰ্বাহক সমিতিৰ সিদ্ধান্ত ক্ৰমেহে আমন্ত্ৰণ কৰিব লাগিব।
অনুচ্ছেদ-১৯ঃ বিষয় বাচনি সভা(Subject Committee)
১) মুকলি অধিৱেশন আগদিনা বিষয় বাচনি সভা বা প্ৰতিনিধি সভা বহিব। কাৰ্য্যনিৰ্বাহক সমিতিৰ সদস্য, সাধাৰণ পৰিষদৰ সদস্যসকল, দঃলুং কৗবাং আৰু বাংকে কৗবাং বোৰে পঠিওৱা প্ৰতিনিধি বৰ্গ, স্বীকৃতিপ্ৰাপ্ত জাতীয় সংগঠন বা ঠাই অনুপাতে পঠিওৱা প্ৰতিনিধি বৰ্গ, অভ্যৰ্থনা সমিতিৰ পৰা পঠিওৱা প্ৰতিনিধি সকললৈ বিষয় বাচনি সভা গঠিত হ’ব।
২) বিষয় বাচনি সভাত কৗবাঙৰ সভাপতিয়েই সভাপতিত্ব কৰিব। সভাপতিৰ অনুপস্থিতিত উপ-সভাপতি আৰু উপ-সভাপতি অনুপস্থিতিত বিষয় বাচনি সভাত উপস্থিত থকা যিকোনো এজন জেষ্ঠ প্ৰতিনিধিক সভাপতি মনোনীত কৰি সভাৰ কাম চলাই যাব পাৰিব।
৩) বাংকে কৗবাং বা অন্যান্য ফালৰ পৰা সাধাৰণ অধিৱেশনত প্ৰস্তাব পঠিয়াব লগা হ’লে এসপ্তাহৰ আগত পোৱাকৈ সাধাৰণ সম্পাদকলৈ পঠাব লাগিব।
৪) বিষয় বাচনি সভাতে মুকলি অধিৱেশনৰ কাৰ্য্যসূচী অনুমোদিত হ’ব।
৫) বিষয় বাচনি সভাতে কৗবাঙৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ পৰিষদৰ সদস্য সকলক অনুচ্ছেদ ২১ অনুযায়ী নিৰ্বাচিত কৰিব লাগিব।
৬) বিষয় বাচনি সভাত দাখিল কৰা আৰু উত্থাপন কৰা প্ৰস্তাৱ সমূহ সভাৰ আলোচনা ক্ৰমে গৃহীত কৰিব পাৰি।
৭) কৗবাঙৰ কাৰ্য্যকাল অন্ত পৰিলে বিষয় বাচনি সভাতে সভাপতি পদত্যাগ কৰিব আৰু নতুন সমিতি গঠন প্ৰক্ৰিয়াৰ পথ প্ৰশস্ত কৰিব।
অনুচ্ছেদ-২০ঃ অভ্যৰ্থনা সমিতি(Reception Committee):
১) সাধাৰণ অধিৱেশন পাতিবৰ কাৰণে অধিৱেশন বহিবলগীয়া ঠাইত এখন অভ্যৰ্থনা সমিতি গঠন হ’ব লাগিব।
২) সাধাৰণ অধিৱেশনৰ দিন তাৰিখ কাৰ্য্যনিৰ্বাহক সমিতিৰ লগত আলোচনা ক্ৰমে ধাৰ্য্য কৰিব।
৩) সাধাৰণ অধিৱেশনৰ যাৱতীয় সকলো খৰচ যেনে- প্ৰতিনিধি বৰ্গক অভ্যৰ্থনা কৰাৰ দায়িত্ব, স্মৃতিগ্ৰন্থ প্ৰকাশ, প্ৰচাৰ, সভাপতি অভিভাষণ আদিৰ খৰচ অভ্যৰ্থনা সমিতিয়ে বহন কৰিব।
৪) অভ্যৰ্থনা সমিতিয়ে ৰচিদ বহী ছপাই মুকলি অধিৱেশনৰ বাবে চান্দা, দান বৰঙণি সংগ্ৰহ কৰিব পাৰিব আৰু সেই সম্পৰ্কে বাঃনৗ কৗবাঙক অভ্যৰ্থনা সমিতিয়ে অৱগত কৰিব লাগিব।
৫) মুকলি অধিৱেশন হোৱা সকলো আয় ব্যয়ৰ হিচাব অভ্যৰ্থনা সমিতিয়ে নৱগঠিত সাধাৰণ পৰিষদৰ প্ৰথম বৈঠকতে দাখিল কৰিব লাগিব। মুকলি অধিৱেশনত ৰাহি হোৱা ধন বাঃনৗ কৗবাঙত জমা দিব লাগিব।
৬) অভ্যৰ্থনা সমিতিয়ে বিষয় বাচনি সভালৈ তেঁওলোকৰ প্ৰতিনিধি হিচাবে ১১ জন সদস্য মনোনীত কৰি পঠাব লাগিব।
৭) অভ্যৰ্থনা সমিতিখন বাঃনৗ কৗবাঙৰ নিয়ন্ত্ৰণাধীন হ’ব।
৮) মুকলি অধিৱেশনৰ বাবে দিয়া চৰকাৰী অনুদান আদি
কৗবাঙৰ সভাপতি আৰু সম্পাদক সকলেহে ল’ব পাৰিব। সেই সন্দৰ্ভত প্ৰয়োজনীয় প্ৰস্তাৱ বা সিদ্ধান্ত ল’ব পাৰিব।
অনুচ্ছেদ-২১ঃ নিৰ্বাচনী প্ৰক্ৰিয়া(Election procedure)
১) কৗবাঙৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ পৰিষদৰ সদস্য সকলক নিৰ্বাচন কৰিবৰ কাৰণে বিষয় বাচনি সভাই এখন নিৰ্বাচনী কমিচন গঠন কৰিব লাগিব।
২) ওপৰোক্ত পদ সমূহৰ বাবে প্ৰত্যক্ষ আৰু গোপন বেলত পেপাৰ দ্বাৰা নিৰ্বাচন কৰা হ’ব।
৩) নিৰ্বাচনী কমিচনত এজন ৰিৰ্টানিং বিষয়া, এজন প্ৰিচাইডিং বিষয়া আৰু পুলিং বিষয়া থাকিব।
৪) প্ৰতিদ্বন্দিতা কৰা প্ৰত্যেকজন প্ৰাৰ্থীয়েই একোজনকৈ পুলিং এজেণ্ট নিয়োগ কৰিব পাৰিব।
৫) ৰিৰ্টানিং বিষয়া সংখ্যা গৰিষ্ট ভোট পোৱা জনকে নিৰ্বাচিত বুলি ঘোষণা কৰিব। যদি সমান ভোট পায় তেতিয়া লটাৰীৰ দ্বাৰা নিৰ্বাচিত কৰিব।
৬) বিষয় বাচনি সভাত উপস্থিত প্ৰতিনিধি, কাৰ্যনিৰ্বাহক সমিতিৰ সকলো বিষয় ববীয়া সকলক লৈ ভোটাৰ তালিকা প্ৰস্তুত কৰিব। ভোটাৰ তালিকাত কৗবাঙৰ সভাপতিৰ চহী থাকিব।
৭) বাকী(Defaulter) প্ৰতিনিধি সকলে ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব।
৮) নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত উক্ত ঘোষণাৰ বৈধতাৰ সৰ্ম্পকত প্ৰত্যাহ্বান জনাব খুজিলে ফলাফল ঘোষণা কৰাৰ দুই ঘণ্টাৰ ভিতৰত অসন্তুোষ্ট প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰ্দখাস্ত দিব পাৰিব আৰু বিষয় নিৰ্বাচনী সভাৰ সিদ্ধান্তই চুড়ান্ত হ’ব। সেই মৰ্মে
বিষয় নিৰ্বাচনী সভাই প্ৰয়োজনবোধ কৰিলে উপ-সমিতি বা তদন্ত আয়োগ গঠন কৰিব পাৰিব আৰু এনে আয়োগৰ প্ৰতিবেদন ২ ঘণ্টাৰ ভিতৰত বিষয় বাচনি সভাক দাখিল কৰিব লাগিব।
৯) কোনো ব্যক্তিয়ে একেটা পদৰ বাবে একেৰাহে দুবাৰকৈ বেছি প্ৰাৰ্থীত্ব আগবঢ়াব নোৱাৰিব। অৱশ্যে এটা কাৰ্য্যকাল পাৰ হোৱাৰ পিছত নিৰ্বাচনত পুনৰ প্ৰাৰ্থী হ’ব লাগিব।
অনুচ্ছেদ-২২ঃ পদত্যাগ আৰু সদস্য পদ, সভ্যপদ বিলুপ্তিকৰণ(Resgination and ceasation of membership):
১) যিকোনো সদস্য সভা আৰু বিষয়ববীয়াই কৗবাঙৰ সভাপতিক লিখিতভাৱে সাধাৰণ সম্পাদকৰ জৰিয়তে পদত্যাগ পত্ৰ দাখিল কৰিব পাৰিব। যেতিয়ালৈকে সাধাৰণ পৰিষদে তেঁওলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰে তেতিয়ালৈকে তেঁওলোকক নিজ নিজ দায়িত্বৰ পৰা অব্যাহতি দিয়া নহ’ব।
২) সভাপতিয়ে পদত্যাগ কৰিলে সাধাৰণ সম্পাদকৰ যোগেদি সাধাৰণ পৰিষদত দিব লাগিব।
৩) কোনো সদস্যই একেৰাহে তিনিবাৰকৈ কৗবাঙৰ যিকোনো বৈঠকত কোনো কাৰণ নেদেখুৱাকৈ অনুপস্থিত থাকিলে তেঁওৰ সদস্য পদ বাতিল হ’ব।
অনুচ্ছেদ- ২৩ঃ (Amendment procedure)
১) বাঃনৗ কৗবাঙৰ সংবিধান অংশ, অনুচ্ছেদ প্ৰয়োজন সাপেক্ষে সংশোধন, পৰিবৰ্তন আৰু সংযোজন কৰিব পাৰিব।
২) সাধাৰণ পৰিষদ, কাৰ্য্যনিৰ্বাহক সমিতিৰ যিকোনো সদস্য, বাংকে কৗবাং সমূহ বা স্বীকৃতিপ্ৰাপ্ত যিকোনো কৗবাঙে সংশোধনী প্ৰস্তাৱ আনিব পাৰিব আৰু এনে সংশোধনী প্ৰস্তাৱ সাধাৰণ অধিৱেশন বহাৰ কমেও তিনি মাহৰ আগতে সাধাৰণ সম্পাদকৰ হাতত পোৱাকৈ পঠাব লাগিব যাতে কাৰ্য্যনিৰ্বাহক সমিতি অনুমোদনৰ কাৰণে পেছ কৰিব পাৰি।
৩) কাৰ্য্যকৰী সমিতিয়ে অনুমোদন নকৰা কোনো সংশোধনী প্ৰস্তাৱ বিষয় বাচনি সভাত উত্থাপন কৰিব নোৱাৰিব।
৪) যিকোনো সংশোধনী প্ৰস্তাৱ গৃহীত হ’বলৈ বিষয় বাচনি সভাৰ মুঠ উপস্থিত সদস্যৰ দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰ মত লাগিব।
পৰিশেষ (Appendix)
১) কৗবাঙৰ পতাকাঃ
ক) মিচিং বাঃনৗ কৗবাঙৰ নিজাকৈ এখন পতাকা থাকিব। কৗবাঙৰ পতাকাৰ জোখ আৰু সংমিশ্ৰণ তলত দিয়া ধৰণে হ’ব।
খ) দীঘ প্ৰস্থৰ অনুপাত- ৩-২
গ) পতাকাৰ আকাৰ ওপৰত দিয়া অনুপাতে ডাঙৰ বা সৰু ল’ব পাৰিব।
ঘ) ৰং- ওপৰৰ অৰ্ধাংশ বগা আৰু তলৰ অৰ্ধাংশ সেউজীয়া।
২) পতাকা আৰু প্ৰতীক নক্সা( Emblem) উদিত সূৰ্য্য বগা অংশত পাঁচোটা তৰাৰ সৈতে কাচি জোন সেউজীয়া অংশত থাকিব।
৩) পতাকাৰ প্ৰতীকৰ অৰ্থঃ
ক) বগা ৰঙে মিচিং জাতিৰ শান্তি প্ৰিয়তাৰ প্ৰতীক।
খ) সেউজীয়া ৰঙে উন্নতি আৰু মিচিং জাতিৰ প্ৰকৃতিৰ লগত থকা গাঢ় সৰ্ম্পকৰ কথা সূচায়।
গ) উদিত সূৰ্য্য আৰু ন কাচি জোন টোৱে মিচিং সকলৰ পৰম্পৰা বিশ্বাস মতে মাতৃ সূৰ্য্য আৰু পিতৃ চন্দ্ৰ হিচাবে প্ৰতিনিধিত্ব কৰা বুজাইছে।
ঘ) মিচিং বাঃনৗ কৗবাঙৰ পতাকাত পাচঁটা তৰা দিয়া আছে। পাঁচটা তৰাই মিচিং জাতিৰ বিশ্বাস মতি ব্ৰহ্মাণ্ডৰ সৃষ্টি পাতনিৰ সময়ত ওপৰে আৰু তলে পাচঁ তৰপকৈ সৃষ্টি হোৱা বুজায় (তালৌঃপৌ ৰুমঙক, কৌঅৃকপৌ ৰমঙক) মিচিং চাংঘৰৰ তলে ওপৰে পাঁচ তৰপীয়া। তদুপৰি হিন্দু ধৰ্মৰ মতে তিনিটা ভূৱন, যেনে- স্বৰ্গ, মত্য, পাতাল। অৱশ্যে মিচিঙৰ মতে পাঁচটা- ক্ৰমে ক) দং আমং, খ) উয়ু আমং, গ) মাঃ ঞিং আমং ঘ) তলৌঃয়াপৌ আমং ঙ) লঃতুঃ-য়াৰী আমং। তদুপৰি পাঁচদিন গেনা, পাঁচদিনৰ মূৰত শৰাই আদি দিয়া কাৰ্য্যই পাচঁ সংখ্যাৰ গুৰুত্ব বুজায়। আকৌ য়ালটোৱে শৰীৰৰ পৰা পৰা পাঁচখন উয়ু আমঙৰ নদী পাৰ হৈ আতৰি গ’লে মৃতু অনিবাৰ্য্য বুলি ভাৱে। ই হিন্দু দৰ্শনৰ ক্ষীতি, অপ, তেজ, মৰু আৰু ব্যুম এই “পঞ্চভূত”ৰ তাৎপৰ্য্যৰ লগত মিলে। মিচিং বিশ্বাসৰ সংখ্যাৰ ধাৰণা সূচাবৰ কাৰণেই পতাকাত পাঁচতা তৰা দিয়া হৈছে।
৪) মিচিং জাতীয় সংগীতঃ
ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই
চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই
তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ
নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ
বিঃদ্ৰঃ উক্ত গীত মিচিং সমাজৰ যিকোনো অনুষ্ঠানৰ শেষত পৰিবেশন কৰিব পাৰিব।