আজি ইংৰাজী ১৬/১১/২০২৫ তাৰিখে মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত চিলাপথাৰ কাৰেং চাপৰি ইক’ কেম্পত ‘মিচিং সমাজৰ পৰম্পৰাগত লোকবিশ্বাস আৰু গুৰু সন্মিলন’ অনুষ্ঠিত কৰা হয়।
মিচিং জনগোষ্ঠীৰ মাংগলিক পৰম্পৰা, ধৰ্মীয় বিশ্বাস, সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ-প্ৰসাৰৰ ওচৰত বিশেষভাৱে আলোচনা কৰা হয়।
অনুষ্ঠানত মিচিং সমাজৰ ঐতিহ্য, উপাসনা, পৰম্পৰাৰ ওপৰত বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক ভাষণ আগবঢ়াই মিচিং বাঃনৗ কৗবাঙৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়াই।
উপস্থিত থাকে আদি আগম কৗবাঙৰ সন্মানীয় সভাপতি তথা আঃবাং আৰু দঃঞি পঃল য়েলামৰ বিশেষজ্ঞ, ধৰ্মগুৰু কালিং বৰাং ডাঙৰীয়া, মিচিং মিমাগ কৗবাঙৰ সন্মানীয় সভাপতি তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ডাঙৰীয়া, পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য ক্ৰমে – পুৰুষোত্তম দলে ডাঙৰীয়া, জহান দলে ডাঙৰীয়া, যজ্ঞেশ্বৰ কুটুম ডাঙৰীয়া, নৰেশ্ব কুম্বাং ডাঙৰীয়া, সাধাৰণ সদস্য ক্ৰমে – প্ৰতাপ টায়ে ডাঙৰীয়া, ৰাজু পেগু ডাঙৰীয়া, কনক দলে ডাঙৰীয়া, সদস্যা লাৱণ্য মিলি ডাঙৰীয়ানী, নিভা মিলি ডাঙৰীয়ানী, দঃঞি পঃল য়েলাম কৗবাঙৰ সন্মানীয় সভাপতি একলব্য গাম ডাঙৰীয়া, সন্মানীয় সম্পাদক বিনোদ কুম্বাং ডাঙৰীয়া, মিচিং আগম কৗবাঙৰ সন্মানীয় সভাপতি হৰিনাৰায় পেগু ডাঙৰীয়া, সন্মানীয় সম্পাদক সোমেশ্বৰ কপ্তাক ডাঙৰীয়া, TMMK ৰ সন্মানীয়া সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, MMK ৰ সন্মানীয় সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং ডাঙৰীয়া, TMPK ৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক চান পাংগিং ডাঙৰীয়া, MDK ৰ সন্মানীয় সম্পাদক তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি ডাঙৰীয়া, TMMK ৰ সন্মানীয়া সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, সন্মানীয়া জিলা পৰিষদ সদস্যা বন্তিবালা পেগু ডাঙৰীয়ানী, মিচিং জনগোষ্ঠীৰ বিশিষ্ট গাম, পুৰোহিত, সাতুলা সকল, সমাজকৰ্মী, শিক্ষাবিদ, MBK, MAK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ বিষয়ববীয়া।































