WELCOME TO MÍSÍNG BA:NÉ KÉBANG

Want to Partnership with me? Book A Call

Popular Posts

  • All Post
  • A:BANG
  • Dr. Ranoj Pegu
  • DU:PUM KÉBANG
  • Mising Autonomous Council
  • Mising Bane Kebang Logo
  • ক্রীড়া
  • দবুৰ পূজাৰ নতুন নিয়মাৱলী
  • মিচিং জনগোষ্ঠী
  • মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি
  • মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি
  • মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ
  • মিচিং বাঃনৗ কৗবাং
  • মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • ৰাজনীতি
  • ৰৗগৃঃ ৰৗগাম
  • সংবিধান
  • সাধাৰণ পৰিষদ সভা

Categories

Edit Template

মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ।

  • মিচিং জাতীয় সংগঠনৰ ৰাইজলৈ গোহাৰি।
  • মিচিং জাতীয় অভিবৰ্তনৰ উদ্বোধনী বক্তব্য।
  • তিনিজনীয়া বিশেষজ্ঞ কমিটিৰ প্ৰতিদিনৰ থূলমূল আভাস।

(১)

চাৰিটা মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা মিচিং ৰাইজলৈ গোহাৰি।

প্ৰসংগ- মিচিং জাতীয় অভিবৰ্তন।
দিনাংক- ২০ আৰু ২১ জুন, ১৯৯২
স্থান- মিচিং আগম কৗবাঙৰ মুখ্য কাৰ্যালয় প্ৰাংঙ্গণ।

পৰম শ্ৰদ্ধাভাজন ৰাইজ,
অসমৰ অগ্ৰণী দৈনিক আৰু সাপ্তাহিক কাকত সমূহত মিচিং বাঃনৗ কৗবাঙৰ হৈ যোৱা ৩১ তম অধিৱেশনৰ কদৰ্য স্বৰূপ উন্মোচিত বিব্বতি আৰু প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত আচলতে বাঃনৗ কৗবাঙৰ ৩১ তম অধিবেশনত কিয় তীব্ৰ সংঘাতৰ সৃষ্টি হব লগা হল, সেই সম্পৰ্কে স্পষ্টভাৱে জানি লৈ সৰ্ব-সাধাৰন মিচিং ৰাইজৰ মাজত স্বাভাৱিকভাৱেই প্ৰতিক্ৰীয়া সৃষ্টি হোৱা দেখা গৈছে। সচেতন মহলেও এই সম্পৰ্কত নানা ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। কাজেই এই সম্পৰ্কত ৩১ তম বাঃনৗ কৗবাঙৰ সভাস্থলী, সভাগৃহ ত্যাগ আৰু সম্পূৰ্ণ কাৰ্যসূচী বৰ্জন কৰা চাৰিওটা মিচিং জাতীয় সংগঠন- মিচিং আগম কৗবাঙ, তাকাম মিচিং মিমে কৗবাঙ, তাকাম মিচিং পৰিণ কৗবাঙ আৰু মিচিং দিৰবি কৗবাঙৰ তৰফৰ পৰা সৰ্ব-সাধাৰণ সকলো মিচিং ৰাইজৰ জ্ঞাতাৰ্থে ষ্পষ্টভাৱে ঘটনাৰ বিতং বিৱৰণ দিয়াৰ লগতে বাঃনৗ কৗবাঙৰ প্ৰতি উক্ত চাৰিওটা সংগঠনৰ অনাস্থাৰ মূল কাৰণ সমূহ জনাব বিছাৰিছোঁ । বাঃনৗ কৗবাঙৰ ৩১ তম অধিবেশনত প্ৰতিনিধি সভা নিদিষ্ট তাৰিখৰ দিনা পূৰ্ব-সূচীত সময় আৰু নিৰ্ধাৰিত স্থানত অনুষ্ঠিত হোৱা নাছিল।

(২)

প্ৰতিনিধি সভা কেতিয়া আৰু ক’ত আৰম্ভ হব এই কথা প্ৰতিনিধি সকলে সভাস্থলিত থাকিও গম পোৱা নাছিল। ২১ এপিলত ৩ মান বজাতহে প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল। পিছত খবৰা-খবৰি কৰি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ সভাগৃহত আহি পাওঁতে, ইতিমধ্যে প্ৰতিনিধি সভা সাধাৰণ সম্পাদকৰ বছৰেকীয়া প্ৰতিবেদন পাঠ চলি আছিল। সেই তেতিয়া সভা কক্ষত আহি পোৱা প্ৰতিনিধি সকলে প্ৰতিনিধি সভাৰ কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখি ৩১ তম বাঃনৗ কৗবাঙৰ অধিৱেশনত ওপৰত উল্লেখ কৰি অহা চাৰিওটা জাতীয় সংগঠনৰ অস্তিত আৰু স্থিতি সম্পৰ্কত স্বাৰ্থহীনভাবে ষ্পষ্টীকৰণ দাবী কৰি অভিযোগ মূলক প্ৰস্তাৱ পাঠ কৰাৰ কাৰণে সভাপতিৰ পৰা অনুমতি হয়। লগতে, উক্ত চাৰিওটা সংগঠনে নিজা নিজা স্থিতি আৰু স্বকীয় অস্তিত্ব নিশ্চিত নোহোৱা পৰ্যন্ত প্ৰতিনিধি সভাৰ কোনো কাৰ্যসূচীত অংশ গ্ৰহন কৰিব নোৱাৰিব বুলি সন্মিলিতভাৱে আৱাজ দি থকা স্বত্বেও এই দাবী যুক্তি যুক্ততা বিবেচনা নকৰাকৈয়েই এক পক্ষীয় ভাবে অগ্ৰাহ্য কৰি সাধাৰণ সম্পাদকৰ স্বেচ্ছা মূলত হস্তক্ষেপত সভাপতিয়েও উৎকৰ্ণ হৈ সভা চলাই নিয়ে। কাজেই বাঃনৗ কৗবাঙৰ এনে এক পক্ষীয় অৱস্থান বৈষম্য মূলক আচৰণ আৰু চাৰিওটা সংগঠনক কৰা অৱহেলাৰ প্ৰতি অসন্তুোষ্টি প্ৰকাশ কৰি বাঃনৗ কৗবাঙৰ বিৰুদ্ধে সবল প্ৰতিবাদৰ শ্লোগান দি নিজা নিজা সাংগঠনিক স্থিতি আৰু দৃঢ়তা প্ৰদৰ্শন কৰি অবিচলভাৱে পূৰ্বৰ সিদ্ধান্ত অনুসৰি উক্ত চাৰিওটা সংগঠনেও সভাৰ কাৰ্যসূচী বৰ্জন কৰি সভাগৃহও ত্যাগ কৰে আৰু পিছত সভা ত্যাগ কৰা প্ৰতিনিধিবৰ্গ সৰ্ব-সন্মতি গৃহীত প্ৰস্তাৱ মৰ্মে বাহিৰৰ মুকলি পথাৰত সমান্তৰাল ভাৱে প্ৰায় তিনি ঘণ্টা সময় জুৰি মিচিং আগম কৗবাঙৰ সভাপতি চেঙাৰাম মৰাং দেৱৰ সভাপতিত্বত সভা অনুষ্টিত কৰা হয়।

(৩)

সদৌ শেষত এটা কথাও প্ৰতিনিধিবৰ্গৰ সন্মূখত ঘোষণা কৰা হয় যে আজিৰ সমান্তৰাল সভাতে সকলো সিদ্ধান্ত লব পৰা নাযাব। যিহেতু বাঃনৗ কৗবাঙৰ ৩১ তম অধিৱেশনলৈ ব্ৰহ্মপুত্ৰ দক্ষিণপাৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ পৰা এজনো প্ৰতিনিধিয়ে যোগদান কৰিবলৈ প্ৰতিনিধি হিচাপে অহা নাই। কাজেই সদৌ মিচিং ৰাইজৰ সবল জনমতৰ ওপৰত ভিত্তি কৰি সুচিন্তিত ভাৱে সিদ্ধান্ত লোৱা ভাল হব। তেনে পৰিপ্ৰেক্ষিত এখনি মিচিং অভিবৰ্তন তৎকালীনভাৱে মিচিং মিমাগ কৗবাঙৰ নেতৃত্বত অনুষ্টিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়।
চাৰিওটা জাতীয় সংগঠনে বাঃনৗ কৗবাঙৰ ৩১ তম অধিবেশন বৰ্জন কৰা সমীচিন নহল বুলি বহুতে বহু ধৰণে নিজা নিজা প্ৰতিক্ৰিয়া ব্যক্ত কৰা আমাৰ কৰ্ণ গোচৰ হৈছে। তাৰেই ভিতৰত উল্লেখনীয় দুটা মতৰ ওপৰত প্ৰাধান্য আৰোপ কৰি চাৰিওটা সংগঠনৰ অভিবৰ্তন প্ৰকাশ কৰা হল।
চাৰিওটা মিচিং জাতীয় সংগঠনে প্ৰতিনিধি সভা ত্যাগ নকৰি আচলতে বানে কেবাঙৰ মঞ্চ দখল কৰি লব লাগিছিল বুলি বহুতেই নিজা নিজা মন্তব্য আৰোপ কৰিছে। কিন্তু আমাৰ বোধেৰে বাঃনৗ কৗবাঙৰ মঞ্চ দখল কৰি লোৱাটোৱেই মূল উদ্দেশ্যে আৰু শেষ লক্ষ্য হোৱা অনুচিত। যোৱা দশকৰ পৰা বাঃনৗ কৗবাঙৰ কেৱল মঞ্চ দখলৰ প্ৰণেতাই বাঃনৗ কৗবাঙৰ প্ৰাণ প্ৰাচুৰ্য্যতা ধংস কৰাৰ উপৰিও মিচিঙৰ জাতীয় সত্তাটোকো মষিমূৰ কৰিবলৈ ওলাইছে। এইটোৱেই হৈছে বানে কেবাঙৰ ক্ষেত্ৰত আটাইতকৈ দুখ লগা কথা। বাঃনৗ কৗবাঙৰ মঞ্চ দখলৰ স্থিতাৱস্থা সমৰ্থনকাৰী শক্তিটোৰ বিৰুদ্ধে পৰিবৰ্তনকাৰী শক্তিটো এক আৰ্দশগত দ্বন্দ্বহে আমি সূচনা কৰিব বিচাৰো। কিয়নো এনে দ্বন্দ্বৰ অভাৱত সংগ্ৰাম কতিয়াও তীব্ৰতৰ হব নোৱাৰে।

(৪)

তীব্ৰ সংগ্ৰাম অবিহনে ন্যায্য অধিকাৰ পোৱাৰ নিৰ্দশনো ইতিহাস নাই। অৱশ্যে এই কথা ষ্পষ্টভাৱে কব লাগিব যে, বাঃনৗ কৗবাঙৰ বিৰুদ্ধে আমাৰ কোনো আক্ৰোশমূলক মনোভাৱ নাই। কিন্তু নেতৃত্বৰ পৰিবৰ্তন বিমুখ শক্তিৰ লগত আমি আপোচ কৰিব বিচৰা নাই। বাঃনৗ কৗবাঙক মিচিং সমাজত প্ৰতিষ্ঠিত সৰ্ব প্ৰথম জাতীয় সংগঠন হিচাবে আমি এতিয়াও শ্ৰদ্ধা কৰোঁ। কিন্তু হৈ হোৱা ৩১ তম বাঃনৗ কৗবাঙৰ অধিবেশনহে অবৈধ ঘোষণা কৰি সম্পূৰ্ণ কাৰ্যসূচী বৰ্জন কৰিছোঁ আৰু আমাৰ অনাস্থাৰ কথাও মুক্তভাৱে ব্যক্ত কৰি তীব্ৰ প্ৰতিবাদ জনাইছোঁ।
ইতিপূৰ্বে উল্লেখ কৰি অহা দ্বন্দ্ব ৰাজহুৱাভাবে প্ৰচাৰ লাভ কৰাৰ চৰম মূহুৰ্তত বহুলোকে এই বুলিও মন্তব্য দাঙি ধৰি কয় যে- আমাৰ ভিতৰ চৰাৰ কথা, ভিতৰতে থাকক, বাহিৰত প্ৰকাশ পাবলৈ দিব নালাগে। কাৰন আভ্যন্তৰীণ দ্বন্দ্বৰ কথা বাহিৰত প্ৰকাশ পাবলৈ দিলে শত্ৰু পক্ষেহে সুযোগ গ্ৰহন কৰিব। কথাতে কয় নহয়- ভায়ে ভায়ে দ্বন্দ্ব কৰিলে পৰেৰে পায় সাহ । কিন্তু মিচিং জাতিৰ বৃহত্বৰ স্বাৰ্থৰ খাতিৰত আমি ষ্পষ্টভাৱে জনাব বিচাৰো যে শত্ৰু পক্ষে সুযোগ গ্ৰহন কৰিব বুলি আৰু আনৰ লাজৰ ভয়ত অশুভ শক্তিটোক প্ৰশ্ৰয় দি ভুৱা জাতীয় প্ৰেমৰ অভিনয় কৰাৰ আমি পক্ষপাতী নহয়। এনেকুৱা মিত্ৰ হোৱাতকৈ শত্ৰু পক্ষহে আমাৰ কাৰণে ভাল। লগতে আমি দোহাৰো যে আমাক আৰ্দশগত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হবলৈ আমাৰ কাৰণে দ্বান্দ্বিক বিস্ফোৰণহে কাম্য।
বাঃনৗ কৗবাঙ এক মেলামূখী সংগঠন হৈ পৰিছে। এই কথা কোনো মিচিং লোকৰ অবিদিত নহয়। এই মেলামূখী স্বৰূপ ৩১ তম বাঃনৗ কৗবাঙত অধিক নগ্ন ভাৱে ওলাই পৰিল।

(৫)

মূল গোহাৰীত সন্নিবিষ্ট কাৰ্য ক্ৰমনিকা অনুসৰি ৩১ তম অধিবেশন অনুষ্ঠিত কৰা ন’হল। গোহাৰীত উল্লেখ কৰা ধৰণে আলোচনা চক্ৰও অনুষ্ঠিত ন’হল আলোচক সকল নহাৰ বাবে। তদুপৰি সাংস্কৃতিক বিচিত্ৰানুষ্ঠানতো দিৰবি কৗবাঙৰ কোনো সদষ্ঠ শিল্পীয়ে অংশ গ্ৰহন নকৰিলে। দূৰ্গা পুজা চাবলৈ অহাৰ নিচিনাকৈ মানুহ আহিল আৰু গ’ল। বাঃনৗ কৗবাঙ এনেকুৱা অৰ্থহীন মেলা বুলি জনা হলে সময় নষ্ট কৰি এনেই নাহিলহেতেন বুলিহে নিৰাশ মনেৰে ৰাইজে মন্তব্য কৰি ঘৰলৈ ওভতি যাওঁতে কৈ গল।
দিৰৱি কৗবাঙৰ ওপৰত আক্ষেপ যে- ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা অধিবেশন বোৰত বাঃনৗ কৗবাঙে মিচিং শিল্পী আৰু কলা সংস্কৃতিৰ ওপৰত অকনো গুৰুত্ব আৰোপ কৰা নাই। অধিবেশনবোৰত মিচিং শিল্পী সকলক সভাস্থলিত গীত মাত পৰিবেশনৰ বাবে নিয়োগ কৰি কেৱল শ্ৰোতা দৰ্শক ধৰি ৰাখিবৰ বাবেহে ব্যৱহাৰ কৰি আহিছে; আনহাতে এই সুযোগতে বাঃনৗ কৗবাঙৰ কৰ্মকৰ্তা সকলে প্ৰতিনিধি সভাত কেৱল সভাপতি আৰু উপ-সভাপতি নিৰ্বাচনৰ বাবেহে নিল্লৰ্জভাৱে খোৱা কামোৰা কৰি থাকে। দিৰবি কৗবাঙৰ ৩১ তম বাঃনৗ কৗবাঙৰ ওপৰতো আক্ষেপ যে, দিৰবি কৗবাঙৰ লগত ওতঃ প্ৰোতভাৱে জড়িত কোনো মিচিং শিল্পীক এখনীও নিমন্ত্ৰণী পত্ৰ নিদিয়াকৈয়ে “সাংস্কৃতিক সমাৰোহৰ কথা গোহাৰীত উল্লেখ কৰা আছিল। কিন্তু কাৰ্যত যিটো ৰূপায়ন কৰা সম্ভৱ হৈ নুঠিল। অৱশ্যে বাঃনৗ কৗবাঙৰ তথাকথিত নেতৃবিন্দই এইবিলাক কথা ঢুকি পাইনে নাপায় নাজানো?
যোৱা এটা দশকত নেতৃত্বত থকা লোকসকলে সমগ্ৰ মিচিং জাতিৰ স্বাৰ্থত অৰ্থনৈতিক পৰিকল্পনা আৰু কল্যানমূলক আচঁনি কাৰ্যত দিব পৰাকৈ যুগুতাই উলিয়াব পৰা নাই। যদিও মিচিং বাঃনৗ কৗবাঙ আৰ্থ সামাজিক জাতীয় সংগঠন।

(৬)

তাৰ বিপৰীতে বাঃনৗ কৗবাঙ তথাকথিত ৰ্শীষ স্থানীয় নেতা সকলে মিচিং জাতিৰ জাতীয় মঞ্চ- বাঃনৗ কৗবাঙক কেৱল দলগত ৰাজনৈতিক লাভালাভৰ স্বাথত হে ব্যৱহাৰ কৰি আহিছে। লগতে এইটো ষ্পষ্টভাৱে লক্ষ্য কৰা হৈছে যে- নিজৰ মানুহে নিজৰ মানুহক শোষণ প্ৰতাৰণা কৰাৰ যি প্ৰৱণতা, তাৰেই স্থিতাৱস্থা বাহাল ৰাখি তেনে তথা কথিত নেতা-পালিনেতা সকলো সুবিধাবাদী স্বাৰ্থপূৰণৰ প্ৰক্ৰিয়াহে ৰচনা কৰি আহিছে। এতিয়া এই কথা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞান বুদ্ধিৰে ঢুকি নোপোৱাকৈ থকা নাই। কাজেই বহুল ব্যাখা নিস্প্ৰয়োজন। গতানুগতিক স্বাৰ্থ পুৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি ৩১ তম বাঃনৗ কৗবাঙৰ অধিবেশনতো মঞ্চ দখলৰ বাবে তথাকথিত নেতাসকলে আকৌ এবাৰ কূট-কৌশল ৰচনা কৰিবলৈ অপ-চেষ্টা চলাইছিল। তেওঁলোকৰ কু-অভিপ্ৰায় বুজি পাই বাঃনৗ কৗবাঙৰ কাৰ্যনিৰ্বাহকৰ ৰ্শীষ স্থানীয় কেবা গৰাকী নেতাইও প্ৰতিনিধি সভা ত্যাগ কৰি মিচিঙৰ উক্ত চাৰিটা জাতীয় সংগঠনৰ দ্বাৰা অনুষ্ঠিত সমান্তৰাল প্ৰতিনিধি সভাতহে যোগদান কৰে। বাঃনৗ কৗবাঙৰ কাৰ্য নিৰ্বাহকৰ পৰা স্ব-ইচ্ছাৰে ওলাই অহা সমান্তৰাল প্ৰতিনিধি সভাত কয় যে- এহাতে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰতে কাৰ্বি আংলং সদৃশ স্বায়ত্ব শাসিত ৰাজ্য দাবী কৰাৰ স্মাৰক পত্ৰ কেন্দ্ৰীয় চৰকাক প্ৰদান কৰি আনহাতে যোৱা নিৰ্বাচনৰ বড়ো আন্দোলনৰ সমৰ্থক সকলৰ পৰা ভোট আদায় কৰিবৰ বাবে পৃথক বড়োলেণ্ডৰ দাবীদাৰ আন্দোলনকৰী গোষ্ঠীটোৰ লগতে বড়োলেণ্ডৰ সমৰ্থনত যুটীয়া ভাৱে আন্দোলন কৰাৰ প্ৰতিশ্ৰুতি দি বাঃনৗ কৗবাঙৰ কাৰ্যনিৰ্বাহক সমিতিৰ অজ্ঞাতে গোপন চুক্তিও সম্পাদনা কৰিছিল বাঃনৗ কৗবাঙ তথাকথিত নেতৃবিন্দই। এনে চুক্তি মৰ্মে যুটীয়াভাৱে স্বাক্ষৰ কৰি প্ৰস্তুত কৰা স্মাৰক পত্ৰখনিৰ এটা কপি যোৱা ৩১ তম বাঃনৗ কৗবাঙৰ প্ৰতিনিধি সভাত প্ৰাক্তন-

(৭)

মন্ত্ৰী শ্ৰী গনেশ কুটুমে প্ৰদৰ্শন কৰি বাঃনৗ কৗবাঙৰ তথাকথিত নেতাসকলৰ নগ্ন স্বৰূপ উদঙাই দেখুৱাই বুলিও সমান্তৰাল ভাৱে অনুষ্ঠিত প্ৰতিনিধি সভা বাঃনৗ কৗবাঙৰ ৰ্শীষস্থানীয় কাৰ্যনিৰ্বাহক সকলৰ বক্তব্যৰ পৰা জানিব পৰা হয়।
বড়ো আৰু মিচিং জনগোষ্ঠীক সমানে প্ৰতাৰণা কৰাৰ কৌশল ৰচনা উপৰিও অসমৰ সামগ্ৰিক স্বাৰ্থত আঘাত সানি ভ্ৰাতৃ-ঘাটিমূলক সংৰ্ঘষৰ সূত্ৰ-পাত কৰিব বিচৰা এনে অবিবেচক কাৰ্য-কলাপত বাঃনৗ কৗবাঙৰ নেতৃত্বই লিপ্ত হোৱাত মিচিং জনগোষ্ঠীটোক অন্য জন গোষ্ঠীৰ জন মানসত হেয় প্ৰতিপন্ন কৰাৰ লগতে মিচিং জাতিটোক তথাকথিত বাঃনৗ কৗবাঙৰ নেতা সকলে বিপথে পৰিচালিত কৰিছে।
আমি আকৌ পুনৰ দোহাৰিছো যে বাঃনৗ কৗবাঙৰ নেতৃত্বই স্থিতাৱস্থাৰহে ধাৰক বাহক হিচাবে মিচিং বিৰোধী শক্তিটোৰহে স্বাৰ্থ পূৰণ কৰি আহিছে। ভুৱা জাতীয় প্ৰেমৰ মোখা পিন্ধি পৰিবৰ্তনকামী ধাৰাতো বাধা প্ৰদান হে কৰি আহিছে। মিচিং জাতিৰ মৌলিক সমস্যাৰ লগত যোৱা এটা দশক ধৰি বাঃনৗ কৗবাঙ জড়িত হোৱা নাই আৰু জাতীয় সংকটৰ সময়তে সম্পূৰ্ণ উদাসীনতাহে অৱলম্বন কৰি আহিছে।
অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী শদিয়াত অৱস্থিত মিচিং আৰু আদি গাওঁ সমূহৰ মাজত সীমা -বিবাদৰ ফল স্বৰূপে ভাতৃঘাটীমূলক সংঘৰ্ষৰ সময়তো বাঃনৗ কৗবাঙে কেৱল নিৰৱ ভূমিকা গ্ৰহণ কৰিয়েই থাকিল।
অৰুণাচলত যুগ যুগ ধৰি বসবাস কৰি অহা আবুতানিৰ বংশধৰ মিচিং সকলক একে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰতে অনুসূচীত জনজাতি হিচাপে তালিকাভূক্তত কৰা সম্পৰ্কতো বাঃনৗ কৗবাঙে একো মাতিব পৰা নাই কিয় ?
লাইকা গুইজান অঞ্চলত মিচিং সকলক (মানুহক) উচ্ছেদ

(৮)

কৰি পশু পক্ষীৰ আশ্ৰয় স্থল সৃষ্টি কৰাৰ বাবে জাৰি কৰা উচ্ছেদ জাননী দিয়াৰ পৰিপ্ৰেক্ষিত চলি থকা প্ৰতিৰোধ সংগ্ৰাম আৰু প্ৰতিৰোধ সংগ্ৰামক দমন কৰিবলৈ সংঘটিত গুলিচালনাত হোৱা মৃত্যু সম্পৰ্কে বাঃনৗ কৗবাঙ (জাতীয় সংগঠন হিচাবে) কিবা জানে নে ?
ব্যক্তি সন্ত্ৰাসক গৰিহণা দি প্ৰস্তুত কৰা প্ৰতিবেদনত ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ বাবে গৰ্ভাৱতী অৱস্থান নিম্মৰ্মভাৱে বলি পৰমাদৈ পাৱৰ ঘটনাটো তল পৰিল কিয়? দুখীয়া পৰিয়ালৰ বুলিয়েই নহয়তো?

    ফিল'বাৰী আৰু টিৰাপ সীমান্তৱৰ্তী এলেকাসমূহত শ শ মিচিং পৰিয়ালক পুনৰ সংস্থাপনৰ নামত দুবিঘাকৈ মাথোন ভেঁটি-মাটি দি জীয়াতু ভুগিবলৈ দিয়া দুভৰ্গীয়া লোকসকলৰ আজি দীৰ্ঘদিন ধৰি আৰু অধিক মাটি আৱণ্টন পাবৰ বাবে জনাই অহা দাবীক আওকান কৰি, তাৰ বিপৰীতে পুঁজিপতি গোষ্ঠীৰ চাহ বাগিছাৰ মালিকক শ শ বিঘা মাটি আবণ্টন দিয়া বৈষম্যমূলক চৰকাৰী ভূমিনীতিৰ বিৰুদ্ধে বাঃনৗ কৗবাঙে কিবা মাতিছেনে?
  বিগত ১৯৮৮ চনত চিচি-টঙানীৰ অন্তৰ্গত পিপলগুৰি মথাউৰি ভাঙি যোৱাৰ ফলত খাদ্যৰ নাটনি হৈ মিচিং মানুহ মৃত্যুমুখত পৰাৰ সময়ত অখাদ্য খাইহে মিচিং মানুহ মৃত্যুমুখত পৰিছে বুলি বিধান সভাৰ মজিয়াত উথাপিত হওঁতে আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত সু-প্ৰতিষ্ঠিত "Sunday" আলোচনীত এই বিষয়ে বিস্তৃত বিৱৰণ প্ৰকাশ পোৱাৰ পিছতো বাঃনৗ কৗবাঙ নিৰব-নিমাত হয়েই আছিল কিয় ? সেই সময়ত TMPK ৰ কেন্দ্ৰীয় পৰ্য্যায়ৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি আহি বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদকৰ বাস-ভৱনত দেখা কৰি সবিশেষ দুখ-দুদ্দৰ্শাৰ কথা জনোৱাৰ পিছতো উক্ত ৰাইজৰ স্বাৰ্থত প্ৰয়োজনীয় ব্যৱস্থা তৎকালিনভাৱে গ্ৰহনৰ হকে বাঃনৗ কৗবাঙৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ ওপৰত

(৯)

হেঁচা প্ৰয়োগ কৰিবলৈ অনুৰোধ কৰা স্বত্বেও মই গলে মানে কংগ্ৰেছে ৰাজনীতি কৰা বুলি কব; গতিকে মই নোযোৱাই ভাল ধৰণৰ গা এৰা দিয়া মন্তব্য। কিন্তু আমি ভাবো যে মিচিঙৰ কাৰণে মাত মাতিলে সৰ্ব-ভাৰতীয় ৰাজনৈতিক চৰিত্ৰত সম্প্ৰদায়িকতাৰ চেকা লগাৰ ভয়তেই কিজানি বাঃনৗ কৗবাঙৰ সম্পাদক ডাঙৰীয়াই এনে অবিৰোচক মন্তব্য আৰোপ কৰিছিল। প্ৰাসংগিক ক্ৰমে পুনৰ দোহাৰিব লাগিব যে সেই তেতিয়া ১৯৮৮ চনত অগপৰ চৰকাৰ থকা বাবে ওপৰত উল্লেখ কৰা ধৰণৰ মন্তব্য কৰিব লগা হৈছিল কিজানি। কিন্তু এইবাৰ আই কংগ্ৰেছৰ চৰকাৰ আছে। বাঃনৗ কৗবাঙৰ সম্পাদকৰ নিজা বুলি দাবী কৰিব পৰা চৰকাৰ থকা স্বত্বেও ১৯৯১ চনতেই ভাঙি যোৱা চিচি বৰচাপৰি মথাউৰিটো বানপানীৰ আগে আগে পুনৰ নিৰ্ম্মাণ কৰাই লব নোৱাৰিলে কিয় ?
বড়ো আৰু অসমৰ অন্যান্য জনজাতি জনগোষ্ঠী সমূহৰ সমস্যা যথাস্থানত গৈ নিৰীক্ষণ আৰু পৰ্য্যবেক্ষনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰেৰণা কৰা তিনিজনীয়া বিশেষত্ব কমিটিৰ হাতত মিচিং বাঃনৗ কৗবাঙৰ নেতৃত্বত মিচিঙৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰও প্ৰদান কৰিছিল বুলি শুনা যায়। কিন্তু, সেই স্মাৰক পত্ৰ খনিত কি আছিল মিচিং ৰাইজক ৰাজহুৱা ভাৱে আজি পৰ্য্যন্ত লৈকে জনোৱা হোৱা নাই কিয়? ইতিমধ্যে তিনিজনীয়া বিশেজ্ঞ কমিটিয়েও প্ৰতিবেদন যুগুত কৰি কেন্দ্ৰীয় চৰকাৰক যথাবিহিত কাৰ্য্য ব্যৱস্থা গ্ৰহণৰ অৰ্থে আনুষ্ঠানিক ভাৱে দাখিল কৰা বুলিও বাতৰি কাকত পঢ়িবলৈ পাইছোঁ। পিছে, বিশেজ্ঞ কমিটিৰ প্ৰতিবেদনত মাজুলীকে ধৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বসবাস কৰি থকা মিচিং সকলক তিনিজনীয়া বিশেজ্ঞ কমিটিৰ দ্বাৰা স্বীকৃত বাঃনৗ কৗবাঙৰ তিনিতৰপীয়া ৰাজনৈতিক প্ৰশাসনিক গাঁথনিৰ ভিতৰত চিহ্নিত

(১০)

ভৌগোলিক পৰিসীমা সামৰি লোৱা হোৱা নাই। একাংশ মিচিং ৰাইজক বাদ দিয়াৰ পক্ষপাতী আমি কেতিয়াও নহয় কিন্তু। কাজেই উক্ত তিনিজনীয়া বিশেষজ্ঞ কমিতিৰ প্ৰতিবেদৰ ওপৰত পুঙ্খানুপুঙ্খ ভাৱে পৰ্য্যালোচনা দাঙি ধৰি প্ৰতিবেদন সম্পৰ্কত মিচিং ৰাইজৰ মতামত বিনিময় কৰি তৎকালিন ভাৱে কাৰ্যপন্থা যুগুতাই উলিওৱাৰ বাবেও আগন্তুক মিচিং জাতীয় অভিবৰ্তন খনি বিশেষ ভাৱে পৃষ্ঠপোষকতা কৰা হৈছে।
গতিকে, হে! পৰিবৰ্তনকামী আৰু প্ৰগতিমুখী ৰাইজ আপোনাসকলে যেন সকলো দিশ চালি-জাৰি চাই অহা ইং-২০ আৰু ২১/জুন২৯ তাৰিখে ধেমাজিত আহ্বান কৰা জাতীয় অভিবৰ্তন খনিও সাফল্য মণ্ডিত কৰি তুলিবহি আৰু লগতে এক বাস্তৱ সন্মত বিস্তৃত কাৰ্যসূচী যুগুতাই উলিয়াই ঐক্যবদ্ধ সংগ্ৰামৰো পথ সূচনা কৰিব। উক্ত জাতীয় অভিবৰ্তনৰ বাবে ১৫ জনীয়া সদস্যৰে গঠিত এখনি নিৰ্ভৰযোগ্য আহ্বায়ক সমিতিও গঠন কৰা হৈছে। পূৰ্বৰ সিদ্ধান্ত মৰ্মে মিচিং মিমাগ কৗবাঙক অভিবৰ্তনখনি আহ্বানৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত আছিল, যদিও বিষয়টো পুনৰ পৰ্য্যালোচনা কৰি চাই চাৰিটা জাতীয় সংগঠনে নিজা-কৰীয়াকৈ আহ্বায়ক সমিতি গঠন কৰিহে জাতীয় অভিবৰ্তন আহ্বানৰো নতুন সিদ্ধান্ত লয়।

   ইতি

    ভৱদীয়

চেঙাৰাম মৰাং, সভাপতি, মিচিং আগম কৗবাঙ।

হৰেন্দ্ৰনাথ দলে, সম্পাদক, মিচিং আগম কৗবাঙ।

হৰিনাৰায়ণ পেগু, সভাপতি, তাকাম মিচিং পৰিণ কৗবাঙ।

পৰমানন্দ চায়েঙীয়া, উপ-সভাপতি, তাকাম মিচিং পৰিণ কৗবাঙ।

প্ৰদীপ গাম, সভাপতি, মিচিং দিৰবি কৗবাঙ।

দেবীৰাম পেগু, উপ-সভাপতি,মিচিং দিৰবি কৗবাঙ।

অযোধ্যা পেগু, সভানেত্ৰী, তাকাম মিচিং পৰিণ কৗবাঙ।

(১১)

প্ৰতিনিধিত্বমূলক মিচিং জাতীয় অভিবৰ্তন।

২০ আৰু ২১ জুন ১৯৯২

স্থানঃ মিচিং আগম কৗবাঙৰ মুখ্য কাৰ্যালয়, ধেমাজী।

         উদ্বোধনী বক্তব্য

পৰম শ্ৰদ্ধাভাজন ৰাইজ,
অসমৰ অন্যতম বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জাতিসত্বাৰ চাৰিটা মূল সংগঠন MAK, MDK, TMMK আৰু TMPKৰ আহ্বানত আজি কি পৰিস্থিতিত কি উদ্দেশ্যে এই জাতীয় অভিবৰ্তনৰ আহ্বানত জানিবলগীয়া হ’ল তাক ইতিমধ্যে আপোনালোকে আমাৰ গোহাৰি আৰু নিমন্ত্ৰণী পত্ৰযোগে জানিব পৰিছে। ধেমাজী চহৰত উপস্থিত হৈ আপোনালোকে হয়তু এই অভিবৰ্তনৰ বিৰোধীতা কৰি জনৈক হৰেন দলেৰ নাম পোষ্টাৰ মৰাও দেখিছে। মিচিঙৰ চাৰিটা জাতীয় সংগঠনক নেওচা দি ৰাতিটোৰ ভিতৰতে মিচিঙৰ ত্ৰানকৰ্ত্তা কোন ধূমকেতু ওলাল সেইজন ?

শ্ৰদ্ধেয় ৰাইজ,
ইতিহাস, প্ৰকৃতিৰ বহু নিষ্ঠুৰ আঘাতক সহ্য কৰি আজিও ভাৰতবৰ্ষৰ পূৰ্ব দিশত নিজস্ব ভাষা, কৃষ্টি সংস্কৃতিৰে মহিমামণ্ডিত হৈ জীয়াই আছে মিচিং নামৰ এটা জাতি। সেই মিচিং জাতিৰ সংগ্ৰামৰ দিনপঞ্জীত আজি এটা সন্ধিক্ষণ আহিছে, এই সংকট মূহুৰ্ত আহিছে। এই সন্ধিক্ষণ এই সংকট মূহুৰ্ত ৰাজনৈতিক ভাষিক, সাংস্কৃতিক, শিক্ষা, কৃষি, চাকৰি সকলো দিশৰ পৰা আহিছে।

(১২)

এইটো সত্য নহয়নে যে আজি যি সময়ত ভাৰতবৰ্ষৰ প্ৰতিটো জাতি সত্বাই ৰাজনৈতিক আত্ম নিয়ন্ত্ৰণৰ দাবী সাব্যস্ত কৰিবলৈ ঐক্যবদ্ধ কৰিবলৈ আগবাঢ়িছে, যেতিয়া অসমৰ জনজাতি সমস্যাক লৈ গঠিত তিনিজনীয়া বিশেষজ্ঞ কমিটিয়ে বড়ো সকলৰ লগত মিচিং সকলৰ বাবেও স্বায়ত্ব শাসনৰ দাবীৰ ন্যায্যতাক স্বীকৃতি দিছে তেতিয়া মিচিঙৰ দায়িত্বশীল ব্যক্তি সকল দলীল ৰাজনীতি, ক্ষন্তেকীয়া ক্ষমতা খেলত মগ্ন? এই বিশেষ মুহুৰ্তত মিচিং জাতিটোক মিচিং সংগঠন সমূহক একত্ৰিত কৰাৰ সলনি সিবিলাকৰ মাজত অনক্য আৰু বিশৃংখলাৰ বীজ ৰূপন কৰিবলৈ ব্যৰ্থ চেষ্টা কৰাৰ অথ কি ?

মণিপুৰী ভাষাই ইতিমধ্যেই সংবিধানৰ অষ্টম অনুসূচীত ঠাই পাইছে। তাৰ পাছে পাছে গৈ আছে বড়ো ভাষা। কিন্তু মিচিং ভাষাটোক ৩য় আৰু ৪ৰ্থ শ্ৰেণীত সীমিত সংখ্যক স্কুলত ভাষা বিষয় হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্তও যে নিষ্ঠা আৰু সততাৰে চৰকাৰে পালন কৰা নাই তালৈ কোনে কান দিছে? মাত মতাৰ দায়িত্ব আমাৰ নাই নে ?
বানপানী আৰু গৰা খহনীয়াই প্ৰতিদিনে যে ভূমিহীন আৰু গৃহহীন মিচিং মানুহৰ সংখ্যা বৃদ্ধি কৰি আনিছে। তাক লৈ চিন্তা কৰাৰ সময় উপক্ৰম হব হোৱা নাই নে ? মিচিং সকলৰ জীৱিকাৰ একমাত্ৰ উপায় কৃষি উপযোগী ব্ৰহ্মপুত্ৰ পাৰৰ উৰ্বৰ মাটিবোৰ যে নদীৰ বুকুত জাহ গৈছে নতুবা বালী পৰি কৃষিৰ অনুপযোগী হৈ পৰিছে, তাক লৈ চিন্তা কৰাৰ কিবা কাৰ্য্য ব্যৱস্থা গ্ৰহন কৰাৰ সময় এইয়া নহয়নে । বুৰৈৰ পৰা জোনাই লৈকে প্ৰতিখন নদীৰ ভূমিপৃষ্ঠ যে অতি বিপদজনক ভাবে বাম হৈ পৰিছে যাৰ ফলস্বৰূপে লখিমপুৰ আৰু ধেমাজী জিলাৰ সৰহ সংখ্যক মাটিয়েই যে কেৱল খেতিৰ অনুপযোগী হৈ নুঠিব, মানুহ বসবাসৰো অনুপযোগী হৈ উঠিব সেই বিষয়ে আমি আজিয়েই সজাগতা অবলম্বন কৰিছোঁ নে ? আমি বসবাস কৰা আজিৰ মাটিবিলাক অহাকালিলৈ

(১৩)

যদি খেতিৰ বসবাসৰ অনুপযোগী হৈ উঠে আমি কলৈ যাম?
আমাৰ ভাষা, সাহিত্য সংৰক্ষণ, গবেষণা, উন্নয়নৰ কথা বাদ। হাজাৰবাৰ দাবী কৰাৰ পাছতো আকাশবাণীৰ যোগে মিচিং ভাষাত বাতৰি এটা পৰিবেশন কৰাৰ ব্যস্ততা আজিলৈকে নহ’ল।
আমি ক’লৈ গতি কৰি আছো? দহহাজাৰ টকীয়া স্কুলৰ মাষ্টৰ চাকৰি কিনাৰ সামৰ্থ্য আমাৰ কেইজন মিচিঙৰ আছে? ধেমাজী, লখিমপুৰ, মাজুলীত কেইখন ঘাটি মজুৰীপ্ৰাপ্ত কলেজ আছে আমি কেতিয়াবা হিচাপ কৰিছোনে? আমি খবৰ ৰাখিছো নে যে আমাৰ প্ৰিয় বাসভূমিত ক্ৰমাগত বহিৰাগতৰ সংখ্যা বৃদ্ধি পাব লাগিছে আৰু আমি ক্ৰমান্বয়ে সংখ্যালঘূৰ পৰা আৰু সংখ্যালঘূ হোৱাৰ পথত গতি কৰিছো।
চিচি টঙানীৰ ছিগা মথাউৰিত বহি আৰু কিমান দিন মিচিঙে সিপাৰৰ কোটী টকীয়া শিলৰ পাৰেৰে সুৰক্ষিত ডিব্ৰুগড় আগৰৰ শোভা চাই চাই হা-হুমুনিয়াহ পেলাই থাকিব?
আমাৰ এই জলন্ত সমস্যাৰাজিক লৈ , সময়ে আমাৰ সন্মূখলৈ কঢ়িয়াই অনা নিষ্ঠুৰ প্ৰশ্নসমূহক লৈ জাতিটোক বচোৱাৰ স্বাৰ্থত বাস্তৱ পদক্ষেপ লোৱাৰ দায়িত্ব কাৰ আছিল? ১৯৭১ চনত জন্ম লাভ কৰা টি এম পি কেৰ নে ১৯২৪ চনত জন্ম লাভ কৰা মিচিং বাঃনৗ কৗবাঙৰ? কিন্তু তেনে এটা দায়িত্বশীল সংগঠনৰ বিষয় ববীয়া সকলে যেতিয়া মিচিঙৰ প্ৰধান চাৰিটা সংগঠনৰ প্ৰতিনিধিক এষাৰ কথা কোৱাৰ সুযোগ নিদি হিটলাৰ সুলভ স্বেচ্ছাচাৰিতা প্ৰৰ্দশন কৰে তেতিয়া আমি কি কৰা উচিত ?

(১৪)

জাতিটোৰ অনিশ্চয়তা আৰু অন্ধকাৰৰ সুৰংগলৈ ঠেলি দিম নে বিকল্প অনুসন্ধান কৰিম?
এতিয়া জোৰ পুৰি হাত পালেহি। উদাৰতাবাদ আৰু আপোচৰ সময় এতিয়া আৰু নাই। সেয়েহে, আমি মিচিঙৰ চাৰিটা সংঠনৰ প্ৰতিনিধি সকলে যোৱা মিচিং বাঃনৗ কৗবাঙৰ ৩১ তম অধিবেশনৰ বিশৃংখল প্ৰতিনিধি সভাৰ পৰা ন্যায্য বিক্ষোভ প্ৰদৰ্শন কৰি ওলাই আহি সমান্তৰাল প্ৰতিনিধি সভা পাতিলে বৃহত্তৰ সামাজিক আৰু জাতীয় স্বাৰ্থত। বাঃনৗ কৗবাঙ আমাৰ শত্ৰু নহয়। ব্যক্তিগতভাৱে বাঃনৗ কৗবাঙৰ বিষয়ববীয়া সকলো আমাৰ শত্ৰু নহয়। আমাৰ শত্ৰু তেওঁলোকৰ স্বেচ্ছাচাৰিতা, তেওঁলোকৰ ৰক্ষণশীল মনোভাৱ, নিষ্ক্ৰিয়তা আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়াশীল ৰাজনীতি। সেইসকল নেতা স্বেচ্ছাচাৰিতা ৰক্ষণশীল মনোভাৱ প্ৰতিক্ৰিয়াশীল ৰাজনীতিৰ বাবে এখন সমাজ, এটা জাতিৰ জাতীয় অস্তিত্ব সুৰক্ষাৰ আকাংক্ষা, প্ৰগতি আৰু পৰিবৰ্ত্তন কেতিয়াও থমকি ৰৈ থাকিব নোৱাৰে। সময় ঘড়ীৰ কাটাই যেনেকৈ কোনো একছত্ৰী সম্ৰাটৰ নিৰ্দেশত নচলে, ইতিহাসত চকা যেনেকৈ পিছলৈ নুঘূৰে ঠিক তেনেকৈ মিচিং জাতিও কাৰোবাৰ বাবে ৰৈ থাকিব নোৱাৰে অথবা পিছলৈ যাব নোৱাৰে। সেয়েহে ৩১ তম মিচিং বাঃনৗ কৗবাঙৰ অধিবেশন স্থলিতে বদতিৰ সুকোমল কেঁচা ঘাহনিত বহি মুকলি আকাশৰ তলত মুকলি মনেৰে বহা চাৰিটা মিচিং সংগঠনৰ অপমানিত প্ৰতিনিধিসকলৰ সমান্তৰাল প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহন কৰিলে। মিচিং বাঃনৗ কৗবাঙৰ ৩১ তম অধিবেশনক অবৈধ ঘোষণা কৰা হওক (মিচিং বাঃনৗ কৗবাঙক নহয়) । বৰ্তমান পৰিস্থিতিত জাতিটোক আগুৱাই নিবলৈ যি পদক্ষেপ লোৱা উচিত তাক আলোচনা কৰিবলৈ তৎকালিনভাৱে মিচিং মিমাগ কৗবাঙৰ নেতৃত্বত এখন জাতীয় অভিবৰ্তন আহ্বান কৰা হওক।

(১৫)

মিচিং সামন্তীয় অৰ্থাৎ জমিদাৰী শাসন অথবা ৰাজতন্ত্ৰৰ গোলামী বহন নকৰাকৈ আদিম সাম্যবাদী গনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ পৰা পোনে পোনেই আজিৰ সাম্যবাদী গণতান্ত্ৰিকতাৰ সংস্পৰ্শলৈ অহা জাতি। সেই ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবলৈকে আমি গণতান্ত্ৰিকভাৱে চুড়ান্ত সিদ্ধান্ত গ্ৰহন কৰিবলৈ জাতীয় অভিবৰ্তনৰ প্ৰস্তাৱ ল’লো।
আটাই বিলাক মিচিং সংগঠনৰ সক্ৰিয় সহযোগ আৰু প্ৰতিনিধিত্বৰে গঠিত মিচিং মিমাগ কৗবাঙকেই জাতীয় অভিবৰ্তন আহ্বান কৰাৰ দায়িত্ব উল্লেখিত প্ৰতিনিধি সভাই দিছিল। কিন্তু অতি লাজ আৰু পৰিতাপৰ কথা যে গঠন কৰা দিনৰে পৰা এক প্ৰকাৰ নিষ্ক্ৰিয় থকা মিমাগ কৗবাঙে জাতীয় অভিবৰ্তনখন অনুষ্ঠিত কৰাৰ নূন্যতম দায়িত্বও পালন কৰাত দুখঃজনক ভাবে ব্যৰ্থ হ’ল। আমাৰ সন্দেহ তিনিজনীয়া বিশেষজ্ঞ কমিটিয়ে দিয়া প্ৰতিবেদনৰ ওপৰত মিচিং সকলে আলোচনা কৰিব পৰা বিষয় আছে বুলি মিমাগ কৗবাঙে জানে নে নাজানে ?
যি কি নহওঁক আমি হতাশ হৈ নপৰি আমাৰ চাৰিটা সংগঠনৰ যৌথ উদ্যোগত আহ্বায়ক সমিতি গঠন কৰি আজিৰ এই অভিবৰ্তন অনুষ্ঠিত কৰিলো।
এই অভিবৰ্তন যাতে অনুষ্ঠিত নহয়, অভিবৰ্তন যাতে ব্যৰ্থ হয় তাৰ বাবে আৰম্ভণীৰ পৰাই মিচিঙৰ ভিতৰৰে এচাম জাতিদ্ৰোহীৰ নীচ ষড়যন্ত্ৰ চলিছে। ষড়যন্ত্ৰ কৰি অভ্যৰ্থনা সমিতি ভাঙি দিয়াৰ প্ৰচেষ্টা চলিছে, অভিবৰ্তন বাতিল বুলি বাতৰি কাকত যোগে ভূৱা প্ৰচাৰ কৰাৰ দৰে তৃতীয় শ্ৰেণীৰ হাঁহি উঠা প্ৰচেষ্টা চলিছে, অভিবৰ্তন কৰ্মীক ভাবুকি প্ৰদৰ্শন কৰা হৈছে, অভিবৰ্তন অনুষ্ঠিত কৰিবলৈ দিব নালাগে বুলি পুলিচ থানাত গৈ জনাইছে। তেওঁলোকে কালিলৈ কব পুলিচে মিচিং জাতিৰ জাতীয় অস্তিত্ব ৰক্ষা কৰি দিব লাগে। এইয়াই তেওঁলোকৰ

(১৬)

জাতিপ্ৰেম, এইয়াই তেওঁলোকৰ জাতিৰ প্ৰতি, সমাজৰ প্ৰতি দায়বদ্ধতা!
এই সমস্ত বাধা বিঘিনি, ষড়যন্ত্ৰক প্ৰতিহত কৰি আপোনালোক আহি আজিৰ সভাগৃহত উপস্থিত হৈছে। তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ, অভিনন্দন! অভিবাদন।

আপোনালোকলৈ আমাৰ আহ্বান-

১/ আমি চাৰিটা মিচিং সংগঠনৰ তৰফৰ পৰা এতিয়ালৈকে লোৱা পদক্ষেপ সমূহৰ এটা পৰ্যালোচনা কৰক। ভূল-শুদ্ধ বিচাৰ কৰক আৰু ভৱিষ্যতৰ বাবে সঠিক পথ নিৰ্ধাৰণ কৰক।

২/ কঠিন সংগ্ৰামৰ জৰিয়তে মিচিং সকলৰ বাবে আত্ম-নিয়ন্ত্ৰন, আত্ম-নিৰ্ভৰশীলতা, সামাজিক সন্মান, শান্তি আৰু প্ৰগতি কঢ়িয়াই আনিবৰ বাবে বৰ্তমানে থকা ছাত্ৰ-ভিত্তিক চাৰিটা সংগঠনৰ এটা সমন্বয়ৰক্ষী সংগঠনৰ প্ৰয়োজন আছে নে নাই? যদি তেনে প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তা মিচিং বাঃনৗ কৗবাঙে পূৰণ কৰিব পাৰিছানে বা ভৱিষ্যতে পাৰিবনে? যদি নোৱাৰে তেনে এই অভিবৰ্তনে কি পদক্ষেপ লোৱা উচিত?

৩/ মিচিং সকলে কেৱল জাতীয় আত্ম-নিয়ন্ত্ৰণ, ভাষা, সামাজিক প্ৰশ্ন লৈও সংগ্ৰামত নামিত ?

৪/ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জন-জাতীয় অঞ্চলৰ জন-জাতীয় সকলক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাৰ বিষয় লৈ মূলতঃ বড়ো আন্দোলনক কেন্দ্ৰ কৰি গঠিত তিনিজনীয়া বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে। উক্ত প্ৰতিবেদনত মিচিং জাতি সত্বাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে আৰু “স্বায়ত্ব শাসনৰ” কেতবোৰ অনুমোদনাৱলী দিয়া হৈছে। উক্ত প্ৰতিবেদন এই অভিবৰ্তনত

(১৭)

উদযাপন কৰা হব আৰু তাৰ ওপৰত বিস্তৃত আলোচনা সাপেক্ষে নিজস্ব স্থিতি নিৰ্ধাৰণ কৰক।

৫/ অসমৰ অন্যান্য জন-জাতীয় সংগঠন তথা সংগ্ৰাম সমূহৰ লগত মিচিং সংগঠন সমূহে কেনে সম্পৰ্ক ৰক্ষা কৰিব?

৬/ দেশৰ অন্যান্য গনতান্ত্ৰিক প্ৰগতিশীল আন্দোলন বিলাকৰ প্ৰতি মিচিং সংগঠন বিলাকৰ ভূমিকা কি হব?

৭/ বানপানী আৰু গঢ়া খহনীয়া তথা আন নদী বিলাকৰ পৃষ্ঠভূমি উঠি অহা তথা গতিপথ সলনিৰ ফলত সৃষ্টি হোৱা বা হব লগীয়া পৰিস্থিতিৰ মুগমুখী কেনেকৈ হম।

৮/ প্ৰগতিশীল জাতিদ্ৰোহী বিলাকৰ ক্ষেত্ৰত আমি কি ভূমিকা লম, কেনে আচৰণ কৰিম?

৯/ মিচিং কৃষ্টি, উৎসৱ, মাংগলিক কাৰ্য আদি পালআ কৰাৰ ক্ষেত্ৰত সাম্প্ৰতিক কালত কিছু খেলি-মেলি আৰু বেমেজালিৰ সৃষ্টি হোৱা তথা ঠাই বিশেষে মিচিং জাতিসত্বাৰ মাজত কৃষ্টি সংস্কৃতিত অপসংস্কৃতিৰ প্ৰৱেশ পৰিলক্ষিত কৰা হৈছে। এই ক্ষেত্ৰত মিচিঙৰ জাতীয় সংগঠন সমূহে লিখিত বিধি-বিধান প্ৰস্তুত কৰা উচিত নে ? কৃষ্টি সংস্কৃতি লৈ Uniformity বা একৰূপ অনা উচিত নে ?

১০/ মিচিং ভাষা প্ৰাথমিক বিদ্যালয় সমূহত প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ ক্ষেত্ৰত মিচিং জাতিয়ে কি সিদ্ধান্ত লোৱা উচিত?

১১/ গতানুগতিক কৃষি পদ্ধতিৰ পৰিবৰ্তে আধুনিক প্ৰগতিশীল কৃষি ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত এই অভিবৰ্তনে কেনেকুৱা নীতি নিদ্দেৰ্শনা দিয়া উচিত?

(১৮)

১২/ মিচিং অধ্যুষিত অঞ্চল সমূহত যাতায়ত ও চিকিৎসা ব্যৱস্থা উন্নত কৰণ সম্পৰ্কত আজিৰ অভিবৰ্তনে চৰকাৰক কি ধৰণে হেচাঁ প্ৰয়োগ কৰিব।

১৩/ গুৱাহাটীত মিচিং ভৱন নিৰ্মাণৰ সম্পৰ্কত অভিবৰ্তনৰ সিদ্ধান্ত।

১৪/ ৰেডিঅ’ আৰু টেলিভিচনত মিচিং ভাষাত বাতৰি প্ৰচাৰৰ সম্পৰ্কত কেনে পদক্ষেপ লোৱা উচিত?

১৫/ অসম অৰুণাচল সীমাৱৰ্তী এলেকা সমূহত বসবাস কৰি থকা মিচিং আৰু আদি জনগোষ্ঠীৰ মাজত চলি থকা সীমা বিবাদ জীয়াই ৰখাৰ যি ৰাজনৈতিক চক্ৰান্ত চলি আছে তেনে ক্ষেত্ৰত আজিৰ অভিবৰ্তনৰ ভূমিকা কেনে হোৱা উচিত।

ধন্যবাদান্তে
মিগাং হৰেন্দ্ৰ নাথ দলে আহ্বায়ক।
মিগাং পৰমানন্দ চায়েঙীয়া
সহ-আহ্বায়ক।

(১৯)

         তিনিজনীয়া বিশেষজ্ঞ কিমিটিৰ পৰামৰ্শসমূহৰ থূলমূল আভাস।

১) বিভিন্ন নৃগোষ্ঠী সমূহৰ ক্ৰমবৰ্ধমান আশা আকাংক্ষা পূৰণ কৰিব পৰাকৈ ৰাজনৈতিক আৰু প্ৰশাসনীয় গাঁঠনি(Politico-adminstrative structures) বোৰ নতুনকৈ গঢ় দিয়া, পৰম্পৰাগত সংহতি আৰু সমন্বয় সাধনৰ উদ্দেশ্যে পৰামৰ্শ দিবৰ বাবে এই কমিটিখন গঠন কৰা হৈছে।

২) সমাজ জীৱনৰ বিভিন্ন অংশৰ আকাংক্ষাসমূহ কমিটিয়ে উপলব্ধি কৰিছে। সম্ভ্ৰান্ত অংশটোৱে যেতিয়া কাৰিকৰী অৰ্থনৈতিক সাফল্য সমূহক ইতিবাচক ভাৱে লৈছে, তেতিয়া দলিত অংশটোৱে নিম্নতম প্ৰয়োজনীয়তা, মৌলিক অধিকাৰ, মানবিক মৰ্য্যদা বোৰ পূৰণ কৰাৰ সপোন দেখিছে। সমূহীয়া সম্প্ৰত্তিৰ ওপৰত খিলঞ্জীয়াসকলৰ ঐতিহাসিক অধিকাৰৰ সম্পৰ্কে এক বোধশক্তিৰ আভাস কমিটিয়ে দেখিবলৈ পাইছে।

৩) সংখ্যালঘু শাৰিৰীক নিৰাপত্তা আৰু আৰ্থ-সামাজিক নিৰাপত্তা সম্পৰ্কত এইটো বিবেচনা কৰিব লাগিব যে সেই বিলাকৰ নিশ্চয়তা সংযুক্তখণ্ড(Federating unite) বিলাকৰ ওপৰত ন্যস্ত কৰিব লাগিব নেকি? কেন্দ্ৰই এজন সতৰ্ক তদাৰককাৰী ৰেফাৰী আৰু উৎসাহী অভিভাৱকৰ ভূমিকা পালন কৰা বুলি ধৰি লৈ আমি এই প্ৰশ্নৰ আলোচনা কৰিব লাগিব।

৪) আইনী নীতি(Rule of law) আৰু ন্যায্য সমতাপূৰ্ণ সামাজিক গাঁঠনি(Equitous social order) ৰ প্ৰতিষ্ঠানিকৰণ(institutionalisation )ৰ দ্বাৰাহে “ভাৰতবৰ্ষ” ৰ ধাৰণাটো মূৰ্ত(concretieed) হব।

(২০)

সংখ্যাগুৰু আৰু সংখ্যালঘু সম্প্ৰদায় সমূহক একেলগে লৈ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰসমূহত আইনী-নীতিৰ পৃথকীকৰণ নকৰাকৈ আৰু সম-সম্প্ৰসাৰণৰ যোগেদিহে সকলোৰে মাজত একেলগে দৃঢ় প্ৰত্যয় জন্মাব পাৰিব।

৫) কিছুমান বড়ো সংগঠনে এখন পৃথক বড়োলেণ্ড ৰাজ্য বিচাৰিছে ভাৰত ৰাষ্ট্ৰৰ ভিতৰতে। অন্যহাতে দি কিছুমান অসমীয়া ভাষী সংগঠন অসমখনক পুনৰ খণ্ডিত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে।

এই ক্ষেত্ৰত আমি একো মন্তব্য আগবঢ়াব নোৱাৰো। আমাৰ কাম মাত্ৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বাস কৰা বড়ো অধ্যুষিত অঞ্চলবোৰ চিনাক্ত কৰা আৰু আন আন ভৈয়াম জনজাতিৰ অঞ্চলবোৰ বাচি উলিওৱা।
দ্বিতীয়তে আমি স্বায়ত্ব শাসন গাঁথনিটোৰ বিধায়িনী, প্ৰশাসিন আৰু অৰ্থনৈতিক ক্ষমতাসমূহৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াব পাৰোঁ। গতিকে আমি এখন সুকীয়া ৰাজ্য স্থাপনৰ প্ৰশ্নৰ টোলৈ যাবৰ বাবে বাধ্য নহয়।

৯) যিহেতু অসমত ১৯৮১ চনত কোনো লোকপিয়ল নহ’ল। গতিকে ১৯৭১ৰ পৰিসংখ্যাবোৰ পূৰণি হৈ গৈছে আৰু সেয়ে আমি গৃহ দপ্তৰ আৰু ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ পৰা ১৯৯১ চনত পিয়লৰ সংখ্যাবোৰ বিচাৰিছিলোঁ যিবোৰ অসমৰ উত্তৰ ভৈয়ামঞ্চলেৰে সম্পৰ্কিত।

৭) ইয়াৰ ভিত্তিত বড়ো জনজাতি বাস কৰা অঞ্চলসমূহ আমি বাচি উলিয়াইছিলোঁ। মেপত বিভিন্ন অনুসূচীত জনজাতিসমূহ বাস কৰা অঞ্চল বোৰ দেখুওৱা হৈছে আৰু এই ৰিপৰ্টত সংলগ্ন হৈছে।

(২১)

৮) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কেন্দ্ৰীয় পশ্চিম অঞ্চলতে ঘাইকৈ অধিক সংখ্যক বড়ো জনগোষ্ঠীৰ লোকে বাস কৰে। এই অঞ্চলটোত মুঠ ১১ দশমিক ৭ লাখ বড়ো জনগোষ্ঠীৰ লোকে বাস কৰে। ইয়াৰে ২৮ দশমিক ৫ শতাংশ কোকৰাঝাৰ, ১৬ দশমিক ৮ শতাংশ দৰং, ১২ দশমিক ৪ শতাংশ নলবাৰী, ১২ শতাংশ বঙাইগাওঁ, ৯ দশমিক ৪ শতাংশ শোণিতপুৰ, ৯ দশমিক ৩ শতাংশ বৰপেটা আৰু ৫ দশমিক ১ শতাংশ কামৰূপ জিলাৰ উত্তৰ পাৰত আছে।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে পূৱ খণ্ডত ৩.১৫ লাখ মিচিং সম্প্ৰদায়ৰ লোকে বাস কৰে। ইয়াৰ ১১.১% শোণিতপুৰ, ৪৫% ধেমাজি, ৪৩.৩% মিচিং লোক লখিমপুৰ জিলাত বাস কৰে।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ১.৩২ লাখ সোণোৱাল আৰু ৮০ হাজাৰ ৰাভা জনগোষ্ঠীৰ লোক বাস কৰে।

৯) তিনি খলপীয়া ৰাজনৈতিক প্ৰশাসনিক গাঁঠনিৰ দ্বিতীয় খলপত বিধায়িনী(legislative), প্ৰশাসনিক আৰু অৰ্থনৈতিক স্বাধিকাৰ উত্তৰ ভৈয়াম অঞ্চলৰ বিভিন্ন জনজাতিবোৰলৈ হস্তান্তৰিত কৰা হ’ব।

৯) যিহেতু পৃথক ৰাজ্যৰ বিৰোধীতা কৰা বৃহৎ অংশই স্বায়ত্ব শাসনৰ ধাৰণাটো আদৰি লৈছে। কমিটিয়ে বিশ্বাস কৰে যে এই প্ৰস্তাৱনাত স্বায়ত্ব শাসন বিচাৰি থকা দলবোৰে সন্মতি জনাব।

১১) বিভিন্ন সময়ত অসমৰ ভিন ভিন জনগোষ্ঠী সমূহৰ মাজত যোগাযোগ সম্পৰ্ক বিচ্ছিন্ন হৈ থকা বুলি কমিটিয়ে অনুভৱ কৰে। এই বিচ্ছিন্নতাই সামাজিক-মনস্তাত্বিক ব্যৱধান সৃষ্টি কৰিছে যিটো নাইকিয়া কৰাব পৰা নাই। ইয়াৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত আছে-

ক) ভূমিৰ পৰা অধিকাৰচ্যুত হোৱা।
খ) অৰণ্য বিলুপ্তিকৰণ
গ) আৰ্থ সামাজিক উন্নয়নৰ মন্থৰ গতি
ঘ) শিক্ষাৰ সীমিত প্ৰসাৰ
ঙ) চৰকাৰী চাকৰিৰ সংৰক্ষিত আসন সমূহৰ থাকি যোৱা বেকলগ
চ) ভাষা সংস্কৃতিৰ ওপৰত আধিপত্যবাদী মনোভাৱ
ছ) পৃথকীকৰণ আৰু মনস্তাত্বিক বিচ্ছিন্নতাৰ( Psychological alienation) দুৰ্বোধ্য তথা নোহোৱা উৎসবোৰ।

(২২)

১২) বিভিন্ন জনগোষ্ঠী সমূহ একেলগে হৈ ভাব বিনিময় কৰি সমস্যাবোৰ একেলগে বিচাৰি উলিওৱাৰ মনোভাৱ সংকুচিত হৈ আহিছে। এনে মনোভাৱ দীৰ্ঘস্থায়ী হোৱাৰ আগতেই সুষ্ঠ হস্তক্ষেপ আৰু ভাৱ বিনিময় বৃদ্ধি কৰাটো প্ৰয়োজনীয়।

১৩) আমাৰ দৃষ্টিত দুটা পদক্ষেপ লব পৰা যায় – প্ৰথমতে, চলিত সামাজিক ৰাজনৈতিক আৰু প্ৰশাসনীয় ব্যৱস্থাকেই ভালদৰে ব্যৱহাৰ কৰা অথবা নতুন গাঁথনি গঢ়ি তোলা।
দ্বিতীয়তে, তেনে পৰম্পৰাগত আৰু আধুনিক অনুষ্ঠান বোৰলৈ সৰ্বাধিক সম্ভৱপৰ স্বায়ত্ব ক্ষমতা হস্তান্তৰ কৰা।

১৪) কোৱা হয় যে, গনতন্ত্ৰ হৈছে সংখ্যাগৰিষ্ঠৰ শাসন আৰু সংখ্যালঘুৰ অধিকাৰ। ৰাজ্যখনৰ বিধান সভাখনে বিভিন্ন সামাজিক ৰাজনৈতিক সত্বা সমূহৰ মাজত আদান প্ৰদানৰ সুচল কৰিব পৰা নাই। জনগণৰ সমস্যাবোৰ সমাধান বিধান সভাই উলিয়াব পৰা নাই। ৰাজ্যখনৰ সমগ্ৰ সমাজ জীৱনৰ বাবে প্ৰযোজ্য আইন বাহিৰ কৰিব পৰা নাই। কিন্তু নৃগোষ্ঠীগত সংখ্যালঘু সকলে অভিযোগ কৰে যে তেওঁলোকক অৱহেলা কৰা হৈছে, বৈষম্যমূলক চকুৰে চোৱা হৈছে। ৰাজ্যখনৰ বুদ্ধিজীৱী গুৰুত্বপূৰ্ণ অংশই অনুভৱ কৰে যে এইটো নাইকীয়া কৰিবলৈ বিধান সভাত দ্বিতীয় এক চেম্বাৰ লাগে, যত সকলোবোৰ নৃগোষ্ঠীৰ সম-প্ৰতিনিধিত্ব থাকিব। আমি সম আসনৰ কথা নকলেও এখন বিধান পৰিষদ(legislative council) গঠন কৰিবলৈ কওঁ। সংবিধানৰ ১৭১(৩)নং অনুচ্ছেদ অনুসৰি আৰু ৰাজ্যখনৰ বিধান সভাৰ সদস্য সংখ্যা ১২৬ জন হোৱাৰ কাৰনে বিধান পৰিষদৰ সদস্য হব লাগে ৪২ জন। কিন্তু অনুসূচিত জনজাতি সকলৰ উপযুক্ত প্ৰতিনিধিত্বৰ বাবে বিধান পৰিষদৰ সদস্যৰ সংখ্যা ৪২তকৈ অধিক হব পাৰে।

(২৩)

এই ক্ষেত্ৰত তিনিটা পৰামৰ্শ হৈছে-

ক) ১৯৯১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্য মুঠ জনসংখ্যা ১৪ শতাংশ অৰ্থাৎ ৩০ দশমিক ৩৩ লাখ অনুসূচিত জনজাতি লোক। কমিটিয়ে বিধান সভাৰ সংখ্যা ১২৬ জনৰ তুলনাত ১৪ শতাংশ হিচাবত ১৮ জন কৰিবলৈ পৰামৰ্শ আগবঢ়াই।

খ) সংবিধানৰ ১৭১(৩)নং অনুচ্ছেদ অনুসৰি বিধান পৰিষদলৈ সদস্য নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সমষ্টিসমূহ পাঁচটা ভাগত ভাগ কৰা হয়। প্ৰথম চাৰিভাগৰ সমষ্টিৰ পৰা বিধান পৰিষদলৈ নিৰ্বাচিত কৰা ৪২ জন সদস্যৰ ভিতৰত কেইজনমান অনুসূচিত জনজাতিৰো লোক থাকিব পাৰে।

গ) ৰাজ্য গঠন কৰা বাবে পৰামৰ্শ আগবঢ়োৱা দ্বিতীয় অনুসূচীত জনজাতি আৰু অনা-অনুসূচীত জনজাতি সদস্য সকলৰ মাজত সামঞ্জস্য থাকিব লাগিব। ওপৰত উল্লেখ কৰা (ক) কাৰণৰ পৰিপ্ৰেক্ষিতত বিধান পৰিষদৰ সদস্যৰ সংখ্যা ৪২ জনতকৈ বেছি হব পাৰে। যদি অনুসূচীত জনজাতি সদস্যৰ ক্ষেত্ৰত সামঞ্জস্য ৰক্ষা নহয়, তেতিয়াহলে সামঞ্জস্য ৰক্ষাৰ বাবে অনুসূচীত জনজাতিৰ সদস্য মনোনিত কৰিবলৈ ৰাজ্যপালক ১৭১(৩)নং অনুচ্ছেদৰ (ঙ) দফা অনুসৰি ক্ষমতা প্ৰয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়াব পাৰি।

(১৫) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে প্ৰধানকৈ বড়ো আৰু মিচিং জনগোষ্ঠীৰ লোকে বাস কৰে। এই অঞ্চলটোত বড়ো জনগোষ্ঠী লোকৰ সংখ্যা ১১.৭ লাখ, মিচিং লোকৰ সংখ্যা ৩.১৫ লাখ। শোণিতপুৰ জিলাৰ পশ্চিম অঞ্চলত বড়ো লোকৰ আধিক্য আছে।

(২৪)

মিচিং সম্প্ৰদায় লোকসকল ঘাইকৈ ধেমাজি, লখিমপুৰ আৰু শোণিতপুৰ জিলাত আছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মুঠ ১৬.৩১ লাখ অনুসূচীত জনজাতিৰ লোক আছে। বড়ো আৰু মিচিং সম্প্ৰদায়ৰ বাহিৰেও এই অঞ্চলত ২.৯ লাখ আন জনগোষ্ঠীৰ লোক আছে। ইয়াৰে ১২ লাখ সোণোৱাল সম্প্ৰদায়ৰ, ৮০ হাজাৰ ৰাভা সম্প্ৰদায়ৰ, ২০ হাজাৰ দেউৰি সম্প্ৰদায়ৰ, ৫ হাজাৰ লালুং সম্প্ৰদায়ৰ আৰু মেছ সম্প্ৰদায়ৰ প্ৰায় ডেৰ হাজাৰ ।

(১৬) এই সকলো সম্প্ৰদায়ৰ লোকৰ পৰাই গাওঁ পৰ্য্যায়ত গামি জথুম আৰু দলুং কৗবাঙ বিলাকত, আঞ্চলিক পৰ্য্যায়ত গোমি জথুম আৰু কেবাং বিলাকত প্ৰতিনিধিত্ব থাকিব। কিবা কাৰণত প্ৰতিনিধিত্ব নাথাকিলেও বিশেষ উপায়েৰে সেইটা কৰিব লাগিব। একেদৰে ৰ্শীষ পৰ্য্যায়ত(Apexiter) ক্ষুদ্ৰ জনজাতি বিলাকৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগিব।

(১৭) কমিটিয়ে অসম চৰকাৰে ৰাজ্যখনত অলপতে প্ৰয়োগ কৰা পঞ্চায়তী ৰাজ ব্যৱস্থা গভীৰ ভাৱে পৰীক্ষা কৰে আৰু মত প্ৰকাশ কৰে যে দেশৰ আন জনজাতীয় অঞ্চলত এই ব্যৱস্থা ভালদৰে কাৰ্যকৰী হোৱা নাই। সেয়েহে কমিটিয়ে এক গাঠনিমূলক স্বায়ত্ব শাসন ব্যৱস্থাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ অঞ্চলৰ বাবে এই ব্যৱস্থা অধিক উপযোগী হব বুলি কমিটিয়ে প্ৰতিবেদনত উল্লেখ কৰে।

(১৮) পৰম্পৰা আৰু আধুনিক আকাংক্ষাসমূহক সন্মূখত ৰাখি কমিটিয়ে এক তিনি খলপীয়া ৰাজনৈতিক প্ৰশাসনিক গাঁঠনিৰ ধাৰনা কৰে, যিটো উত্তৰ ভৈয়াম অঞ্চলৰ কেন্দ্ৰীয় পশ্চিমাঞ্চল আৰু পূৱ অঞ্চলত প্ৰযোজ্য হব।
এই তিনি খলপীয়া ব্যৱস্থা একেবাৰে তলত থাকিব- গাওঁ পৰিষদ বা “গামি জথুম” (বড়ো সকলৰ বাবে) আৰু দলুং কৗবাঙ (মিচিং সকলৰ বাবে) ।

(২৫)

এই গাওঁ পৰিষদৰ ওপৰত থাকিব ‘আঞ্চলিক পৰিষদ’ যিটোক কোৱা হব বড়ো গাজৌ জথুম আৰু বাঃনৗ কৗবাঙ।
এখেবাৰে ৰ্শীষত থাকিব গাজৌ জথুম আৰু বাঃনৗ কৗবাঙ।

২৯) আঞ্চলিক পৰিষদ বিলাকৰ সীমা নিদ্ধাৰণৰ বাবে তিনিটা বৈশিষ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেইকেইটা হৈছে ক্ৰমে-
ক) এটা অঞ্চলত ২০, ০০০ৰ পৰা ৪০, ০০০ জনসংখ্যা।
খ) ৰাজহ চক্ৰ, মহকুমা আৰু জিলাৰ ভিত্তিত প্ৰশাসনীয় সীমা অটুত ৰখা।
গ) প্ৰাকৃতিক ভৌগলিক বৈশিষ্টসমূহ।

(২০) উত্তৰৰ ভৈয়াম অঞ্চলৰ বাবে থাকিব দুখন আঞ্চলিক পৰিষদ। এখন পশ্চিম মধ্য খণ্ডৰ বাবে, আনখন পূৰ্বাঞ্চল খণ্ডৰ বাবে। চলিত পৰম্পৰা মতে তেওঁলোকে বিধায়নি আৰু কাৰ্যপালিকাই কাৰ্য্যনিৰ্বাহ কৰিব। প্ৰতিবেদনত কাৰ্য্যতালিকা স্পষ্ট কৰি দিয়া হৈছে। এয়া অৱশ্যে ধৰা বন্ধা নহয়। আলাপ আলোচনাৰে ইয়াক সলনি কৰিব পৰা যাব। সৰ্বোচ্চ পৰ্যায়ৰ পৰিষদ বিলাকৰ সদস্য পদক তল খলপাৰ “গুড়ি জথুম” আৰু বাংকে কৗবাঙত জড়িত কৰা হব। পশ্চিম মধ্য খণ্ডৰ বাবে প্ৰতিবেদনে ৪৬ খন গাজৌ জথুমৰ পৰামৰ্শ দিছে। ইয়াত সদস্য থাকিব ৯২ জন। মিচিং এলেকাৰ বাবে ১৮খন বাংকে কৗবাঙ থাকিব। প্ৰতিখন বাংকে কৗবাঙে ৩ জনকৈ সদস্য পঠাব পাৰিব আৰু মুঠতে সৰ্বোচ্চ পৰিষদে বানে কেবাঙত ৫৪ জন সদস্য থাকিব।

২১) পৰিষদৰ বাবে নিদ্ধাৰণ কৰা কাৰ্যক্ষেত্ৰত থাকিব লগা বিষয়বোৰ হৈছে-
সা-সম্পত্তিৰ উত্তৰাধিকাৰী, বিবাহ আৰু বিবাহ বিচ্ছেদ, সামাজিক আচাৰ ৰীতি সম্বন্ধীয় আইন কানুন বিলাক, যাৰ ব্যৱহাৰ জনজাতি আৰু অ-জনজাতীয় লোকৰ ক্ষেত্ৰত কৰি অহা হৈছে।

(২৬)

আঞ্চলিক জথুম বা কৗবাঙ আৰু গাওঁ পৰ্যায়ৰ জথুম কৗবাঙ বিলাকৰ ক্ষেত্ৰত এই কাৰ্য্যবিধি প্ৰযোজ্য হব আৰু বাকী থকা ন্যায়িক কাম কাজ বিলাক আধুনিক ন্যায় পালিকা পদ্ধতিৰে পৰিচালিত হব। কিন্তু কমিতিৰ এই মত খাটাং নহয়। উপযুক্ত কতৃপক্ষই এই বিষয়ে পৰ্য্যালোচনা কৰি যাব।

(২২) প্ৰতিবেদনত বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা, বিশেষকৈ আঞ্চলিক আৰু গাওঁ পৰ্য্যায়ৰ কাৰ্য্যপালিকাৰ ক্ষেত্ৰত পূৰ্ণ ক্ষমতা প্ৰদান কৰিব বিচাৰিছে। যাতে প্ৰতিটো গোটে ৰাজনৈতিক প্ৰশাসনীয় গাঁথনীত অংশীদাৰ হৈ স্বায়ত্ব শাসনৰ ভাগ লব পাৰে। সেইবোৰ আঞ্চলিক অথবা গাঁও পৰ্যায়ৰ পৰিষদৰ বাবে কাৰ্য নিধাৰণৰ খাটাং পৰামৰ্শ আগবঢ়োৱা নাই। তেওঁলোকে অনুভৱ কৰে যে পৰিষদে নিজে নিজৰ কাৰ্য্যক্ষেত্ৰ নিদ্ধাৰণ কৰিব পাৰিব।

(২৩) কমিটিয়ে জনজাতীয় লোক সকলৰ পৰম্পৰাৰ ওপৰত আঘাত দিব খোজা নাই। বৰং তেনে মহৎ পৰম্পৰা অবিকৃতভাৱে ৰাখি গাওঁ পৰ্যায়ৰ “গামী জথুম” আৰু “বাংকে কৗবাঙ” আৰু উচ্চ পৰ্যায়ৰ “গাজৌ জথুম” আৰু বানে কেবাঙৰ প্ৰতিনিধি সকলক অনুসূচীত জনজাতীয় লোক সকলে নিৰ্বাচিত কৰিব। জনজাতীয় নেতা সকলে যদি অনুভৱ কৰে যে, ইয়াৰ পৰিবৰ্তন কৰা উচিত, তেতিয়া হলে প্ৰয়োজনীয় সংশোধন কৰি লব পাৰিব।

(২৪) ৰ্শীষ খলপাৰ কাৰ্যক্ষেত্ৰ আৰু ক্ষমতা পৰিসৰৰ বিষয়ে প্ৰতিবেদনত তালিকা সংযোজন কৰে। পৰিষদ বিলাকৰ কাৰ্য ক্ৰমনিকা নিৰ্ধাৰণ কৰোঁতেও তেওঁলোকৰ মাজত থকা পৰম্পৰা, আচাৰ ব্যৱহাৰ আদিৰ প্ৰতি লক্ষ্য ৰখা হৈছে। বৰ্তমান কালৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ দিয়া হৈছে। এনে অৱস্থাতো কমিটিয়ে পৰামৰ্শ দিয়ে যে পৰিষদ বিলাকৰ কাৰ্য্য পৰিসৰৰ বিষয়ে উচ্চ স্তৰৰ পৰিষদ বিলাকে পৰিষদ গঠনৰ ৯ মাহৰ ভিতৰত বিবেচনা কৰি ঠিৰাং কৰিব লাগিব। অন্যথা উচ্চ পৰ্যায়ৰ পৰিষদকো ভংগ কৰিব আৰু নতুনকৈ গঠন কৰি লব পাৰিব।

(২৭)

২৫) প্ৰতিবেদনত ৰাজ্য স্তৰত কি ধৰণৰ সম্পৰ্ক ৰক্ষা কৰা হব এই বিষয়ে স্পষ্ট পৰামৰ্শ আগবঢ়োৱা হৈছে। বিধান সভা আৰু বিধান পৰিষদৰ লগত প্ৰত্যক্ষ সংযোগ থকাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। উচ্চ খলপাৰ পৰিষদ বোৰত সিহতৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰৰ পৰা বিষয়ৰ আইন প্ৰণয়নৰ প্ৰস্তাৱ কৰি বিধান সভা আৰু বিধান পৰিষদকো সেইবিলাক প্ৰেৰণ কৰিব লাগিব। বিধান পৰিষদে এনেবিলাক সভাৰ সু বিবেচনাযুক্ত মতেৰে লাভবান হব। বিধান পৰিষদে এই বিলাক ক্ষেত্ৰত নিজা মতামত দাঙি ধৰিব পাৰিব। প্ৰস্তাৱিত বিধেয়কৰ বিষয়ে আপত্তি নাথাকিলে বিধান পৰিষদে ইয়াক অনুমোদন জনাব। একেদৰেই বিপৰিত ধৰণে বিধান সভায়ো বিধেয়কৰ ওপৰত সংশোধনীসহ অনুমোদন জনাব পাৰিব। কোনো বিষয়ত মত নিমিলিলে বিধান পৰিষদৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে পৰিষদলৈ ঘূৰাই পঠাব পাৰিব। কিন্তু মতান্তৰ বাহাল থাকালে সৰ্বোচ্চ স্তৰৰ পৰিষদৰ মতকেই গ্ৰহন কৰা হব।

২৬) বিধান পৰিষদ খনো জনগোষ্ঠীসমূহৰ তত্বাৱধায়ক স্বৰূপ হোৱাৰ লগতে জনগোষ্ঠী সম্পৰ্কীয় আলোচনা, বিতৰ্ক আৰু সিদ্ধান্তৰ এক মঞ্চ হ’ব লাগে বুলি পৰামৰ্শ দিছে। ৰ্শীষ খলপাৰ অধিৱেশন বছৰটোৰ বাৰ মাহেই বাহাল নাথাকিও পাৰে। ৰ্শীষ খলপাৰ হৈ বিশেষকৈ অধিৱেশন নথকা সময়ত কাম-কাজ নিৰীক্ষণৰ বাবে এটা নিকায় গঠনৰ প্ৰয়োজনীয়তা আহিব পাৰে। বিধান পৰিষদে ইয়াৰ সকলোবোৰ সদস্যৰ মাজৰ পৰা পাঁচজন সদস্যৰে এনে এটা নিকায় গঠন কৰিব পাৰে আৰু এই নিকায়ৰ নিজস্ব সচিবালয় থাকিব পাৰে।

(২৮)

নিকায়ে ইয়াৰ প্ৰতিবেদন আৰু পৰমৰ্শাৱলী বিধান পৰিষদলৈ পঠাব পাৰে আৰু পৰিষদে এই সমূহ ৰাজ্য চৰকাৰ দৃষ্টিগোচৰ কৰিব পাৰে। কিন্তু ইয়াক চৰকাৰ আৰু চৰকাৰী বিভাগ সমূহৰ মাজৰ পৰম্পৰিক আলোচনাৰ পৰা বিৰত থাকিব নোৱাৰিব। এই নিকায়ে উত্তৰ ভৈয়াম অঞ্চলত ৰ্শীষ পৰিষদৰ সৈতে ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰিব।

(২৭) ৰ্শীষ পৰিষদখন ভংগ কৰিবলৈ বিচাৰিলে মন্ত্ৰী পৰিষদেই এই সিদ্ধান্ত গ্ৰহন কৰিব লাগিব আৰু বিধান পৰিষদকে ধৰি ৰাজ্যিক বিধান মণ্ডলে পয়াত অনুমোদন জনাব লাগিব। সেই দিশৰ পৰা উচ্চতম পৰিষদে ভংগ কৰা প্ৰক্ৰিয়াটো গণতান্ত্ৰিক হব। পৰিষদ ভংগ কৰিলে পুনৰ নিৰ্বাচন আৰু পুনৰ গঠন প্ৰক্ৰিয়াটো পৰিষদ ভংগ কৰা দিনৰে পৰা ছয় মাহৰ ভিতৰত সম্পূৰ্ণ হব লাগিব। নিম্ন খলপাৰ নিকায়সমূহ ভংগ কৰাৰ ক্ষেত্ৰতো একে নিয়মেই প্ৰযোজ্য হব।

(২৮) আনহাতে, বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায়িক কাৰ্য্য পৰিচালনাৰ কৰাৰ বাবে এক উপযুক্ত প্ৰশাসনিক ব্যৱস্থা আৱশ্যকীয় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এনেধৰনৰ প্ৰশাসনিক ব্যৱস্থাৰ উচ্চতৰ স্তৰটো ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণাধীন ৰাজ্যিক কেডাৰৰ দ্বাৰা গঠিত কৰিব পৰা যায়। নতুন গাঁথনিটোৰ সৈতে উত্তৰৰ ভৈয়াম অঞ্চলত কাম কাজ কৰা সময়ত তেওঁলোক ‘উপ-কেডাৰ’ ৰূপে পৰিগণিত হোৱা উচিত আৰু অনুশাসন সম্পৰ্কীয় বিষয়কে ধৰি সকলো ক্ষেত্ৰত ৰ্শীষ পৰিষদৰ পূৰ্ণ নিয়ন্ত্ৰণাধীন হৈ থাকিব। নিম্ন পৰ্য্যয়ৰ সেৱা অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ কৰ্মচাৰী সকলক লৈ গঠিত হবলগীয়া ক্ষেত্ৰ সংগঠনৰ দ্বাৰা নিযুক্ত তথা নিয়ন্ত্ৰন কৰা হ’ব।

(২৯)

পুজিঃ ৰ্শীষ পৰিষদলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা পুজি সাহাৰ্য্য হিচাপে আগবঢ়োৱা মজুৰি ধৰণৰ হোৱা উচিত আৰু এই পুজিৰ কোনো নিদিষ্ট ম্যাদ নাথাকে। ইয়াৰ উপৰিও ৰাজ্য চকাৰে ৰ্শীষ পৰিষদলৈ আগবঢ়োৱা পুজি ৰাজ্যিক বাজেটত এটা পৃথক হিচাবৰ শিতানতৰ অধিনত মোটামুটি ধৰণৰ ধৰণৰ হব লাগে। এই মজুৰি বিভিন্ন খণ্ডত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ৰ্শীষ পৰিষদৰ সিদ্ধান্ত কঠোৰ ভাৱে মানি চলিব লাগিব বুলিও প্ৰতিবেদনত কোৱা হয়। একেদৰে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা পুজি ৰাজ্য চৰকাৰৰ হিচাবৰ তালিকাতে প্ৰতিখন ৰ্শীষ পৰিষদৰ বাবে এটা পৃথক শিতানৰ অধীনত থাকিব আৰু ৰ্শীষ পৰিষদৰ খণ্ডমূলক বিতৰণৰ সৈতে সংগতি ৰাখিহে ব্যৱহাৰযোগ্য হব লাগিব।

(৩০) পৰিষদ সমূহৰ বিত্তীয় হিচাপ পাতি মহাগাননিক পৰামৰ্শ অনুসাৰে ৰখাৰ ব্যৱস্থা কৰা হ’ব। যথোপযুক্ত ভাৱে হিচাপ পাতি ৰখাটো আমি গুৰুত্বপূৰ্ণ বুলি ভাবো আৰু এই ক্ষেত্ৰত পৰিষদে সৰ্তকতা অৱলম্বন কৰিব বুলি আশা ৰাখিছোঁ।

(৩০)

গাজৌ জথুম আৰু বাঃনৗ কৗবাঙক অৰ্পণ কৰিব বিচৰা বিষয় সমূহ –

ক) ভূমি আৰু ভূমি ৰাজহ;

খ) বন আৰু পৰিৱেশ( environment) যিটো সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভূক্ত নহয়।

গ) কৃষি কাৰ্য্যত ব্যৱহৃত হ’ব পৰা খাল আৰু আন পানী উৎস সমূহ( watercourse);

ঘ) কৃষি;

ঙ) জনস্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা( sanitation), চিকিৎসাল আৰু স্বাস্থ্য-কেন্দ্ৰসমূহ;

চ) পৰ্য্যটন;

ছ) বৃত্তিমূলক প্ৰশিক্ষণ;

জ) গড়কাপ্তানি(Public works) উন্নয়ন আৰু পৰিকল্পনা;

ঝ) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথসমূহৰ বাহিৰে আনসকলোবোৰ পথৰ নিৰ্মাণ আৰু তদাৰক ;

ঞ) পৰিবহন আৰু পৰিবহনৰ উন্নয়ন ;

ট) কবৰ আৰু কবৰ স্থান সমূহৰ পৰিচালনা, শৱ সৎকাৰ আৰু সৎকাৰ স্থান সমূহৰ পৰিচালনা;

ঠ) জীৱ-জন্তুবিলাকৰ সংৰক্ষণ আৰু পশুৰোগ প্ৰতিৰোধী, পশু চিকিৎসাৰ প্ৰশিক্ষণ আৰু ব্যৱহাৰিক প্ৰয়োগ;

ড) গৰু মহৰ খোৱাৰ আৰু গৰু মহৰ অনাধিকাৰ প্ৰৱেশ;

ঢ) পানী-অৰ্থাৎ পানী-যোগান, জলসিঞ্চন আৰু খাল, নদৰ্মা আৰু বান্ধ, জল সংৰক্ষণ;

ণ) মৎস পালন

ত) বজাৰ আৰু হাটৰ পৰিচালনা, যিবিলাক ইতিমধ্যে পৌৰ কতৃপক্ষ, পঞ্চায়ত সমিতি বা গাওঁ-পঞ্চায়তসমূহৰ অধীনত নাই;

থ) শিক্ষা-প্ৰাথমিক মাধ্যমিক আৰু উচ্চ;

(৩১)

দ) সাধাৰণ পৰিষদৰ অধীনত থকা কামবোৰ, বাট-পথ আৰু ঘৰ-দুৱাৰ;

ধ) ক্ষুদ্ৰ-উদ্যোগ আৰু কুটীৰ উদ্যোগসমূহ;

ন) সা-সম্পত্তিৰ উত্তৰাধিকাৰী, বিবাহ আৰু বিচ্ছেদ, সামাজিক আচাৰ ৰীতি সম্বন্ধীয় আইন-কানুন, যাৰ ব্যৱহাৰ জনজাতি আৰু অজনজাতীয় লোকৰ ক্ষেত্ৰত কৰি অহা হৈছে;

প) ভাষা উন্নয়ন, জনজাতি আৰু লোক কৃষ্টিৰ সকলো দিশ;

ফ) অনুজ্ঞা পত্ৰৰ পৰা পোৱা কৰৰ ভাগ আৰু খনিজ সম্পদৰ চুক্তি ;

ব) উন্নয়নৰ সৈতে জড়িত যিকোনো বিষয়।

Share Article:

Rnewsindia24.com

R News India 24

Mising Bane Kebang ৰ বিভিন্ন খবৰৰ বাবে Facebook ত নিয়মীয়াকৈ চাওঁক R News India 24

New Update

  • All Post
  • A:BANG
  • Dr. Ranoj Pegu
  • DU:PUM KÉBANG
  • Mising Autonomous Council
  • Mising Bane Kebang Logo
  • ক্রীড়া
  • দবুৰ পূজাৰ নতুন নিয়মাৱলী
  • মিচিং জনগোষ্ঠী
  • মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি
  • মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি
  • মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ
  • মিচিং বাঃনৗ কৗবাং
  • মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • ৰাজনীতি
  • ৰৗগৃঃ ৰৗগাম
  • সংবিধান
  • সাধাৰণ পৰিষদ সভা

Join the family!

Sign up for a Newsletter.

You have been successfully Subscribed! Ops! Something went wrong, please try again.

Tags

Edit Template

'সংবিধান' মিচিং বাঃনৗ কৗবাং

Mising Bane Kebang

প্ৰস্তাৱনাঃ
(preamble of the constitution).

 

Mising Bane Kebang

মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।

Mising Bane Kebang

Mísíng Bané Kébang

মিচিং জাতীয় সংগীতঃ

ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই

চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই

তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ

নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।

শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী

বিশিষ্ট সমাজ সংস্কাৰক, মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী।

About

“Mising Ba:ńe Kébang” অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন।
মিচিং জনগোষ্ঠীৰ বিভিন্ন ন-পুৰণি তথ্য সমূহ একত্ৰিত কৰি সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰ বাবে এই Website –
www.misingbanekebang.org
Call 7099152095

-: সূচীপত্ৰ :-

মিচিং জনগোষ্ঠী।

অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী।

মিচিং বাঃনৗ কৗবাং।

মিচিং জাতীয় সংগঠন।

মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকল।

মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি।

ৰাজনীতি।

অৰ্থনীতি।

সমাজনীতি।

শিক্ষা।

স্বাস্থ্য।

ক্রীড়া।

পৰম্পৰা।

ধৰ্ম।

কৃষি।

বাসস্থান।

খাদ্য।

জীৱন জীবিকা।

মিচিং স্বায়ত্বশাসিত পৰিষদ।

Recent Post

  • All Post
  • A:BANG
  • Dr. Ranoj Pegu
  • DU:PUM KÉBANG
  • Mising Autonomous Council
  • Mising Bane Kebang Logo
  • ক্রীড়া
  • দবুৰ পূজাৰ নতুন নিয়মাৱলী
  • মিচিং জনগোষ্ঠী
  • মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি
  • মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি
  • মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ
  • মিচিং বাঃনৗ কৗবাং
  • মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • ৰাজনীতি
  • ৰৗগৃঃ ৰৗগাম
  • সংবিধান
  • সাধাৰণ পৰিষদ সভা