WELCOME TO MÍSÍNG BA:NÉ KÉBANG

Want to Partnership with me? Book A Call

Popular Posts

  • All Post
  • A:BANG
  • Dr. Ranoj Pegu
  • DU:PUM KÉBANG
  • Mising Autonomous Council
  • Mising Bane Kebang Logo
  • ক্রীড়া
  • দবুৰ পূজাৰ নতুন নিয়মাৱলী
  • মিচিং জনগোষ্ঠী
  • মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি
  • মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি
  • মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ
  • মিচিং বাঃনৗ কৗবাং
  • মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • ৰাজনীতি
  • ৰৗগৃঃ ৰৗগাম
  • সংবিধান
  • সাধাৰণ পৰিষদ সভা

Categories

Edit Template

মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰশ্নত

৪ জুলাই ২০১০
আব’তানি সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ, গোগামুখ, ধেমাজি।



মিচিং স্বায়ত্বশাসিত পৰিষদৰ দাবী কৰা পটভূমি

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতৰ জনজাতি সমাজখনৰ স্বকীয় বৈশিষ্ট্য আৰু পশ্চাদপদ অৱস্থাৰ কথা সংবিধান প্ৰণেতা সকলে স্বীকাৰ কৰি লৈ জনজাতি সকলৰ বাবে বিশেষ সুৰক্ষা আৰু পৃথক প্ৰশাসনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি শিক্ষা চাকৰি আৰু ৰাজনৈতিক ক্ষেত্ৰত নিৰ্বাচনৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাৰ ওপৰি জনজাতি সকলৰ সামগ্ৰীক উন্নয়ন আৰু বিভিন্ন দিশত অধিকাৰ সাব্যস্ত কৰণৰ বাবে কিছুমান ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট কৰে। এই ব্যৱস্থাৱলীৰ ভিতৰত সংবিধানত পঞ্চম আৰু ষষ্ঠ অনুসূচী অন্তৰ্ভূক্ত কৰাই প্ৰধান আছিল ষষ্ঠ অনুসূচীৰ অধীনত অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা, বৰ্তমানৰ মেঘালয়, মিজোৰাম আদিক সামৰি লোৱা হ’ল আৰু তাত স্বায়ত্ব শাসিত জিলা পৰিষদ গঠনৰ জৰিয়তে উন্নয়ন আৰু প্ৰশাসনৰ দায়িত্ব স্থানীয় জনসাধাৰণৰ হাতত অৰ্পণ কৰা হ’ল। ভাৰতৰ অন্যান্য জনজাতীয় অঞ্চল সমূহক পঞ্চম অনুসূচীত সামৰি জনজাতীয় অঞ্চল হিচাপে সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হ’ল। পঞ্চম অনুসূচী প্ৰৱৰ্তন কৰা ৰাজ্য সমূহত জনজাতীয় বিষয়ত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়াৰ বাবে জনজাতীয় বিধায়ক সকলক লৈ ৰাজ্যিক পৰ্যায়ত একোখন “জনজাতি উপদেষ্টা পৰিষদ” বা “Tribes Advisory council” গঠন কৰাৰ ব্যৱস্থা কৰা হ’ল। কিন্তু অতি ৰহস্যজনক ভাৱে অসমৰ ভৈয়াম জনজাতীয় অঞ্চল সমূহক সংবিধানৰ ষষ্ঠ অনুসূচী অথবা পঞ্চম অনুসূচী ক’তো অন্তৰ্ভূক্ত কৰা নহ’ল। এনেদৰেই স্বাধীন ভাৰতবৰ্ষত অসমৰ ভৈয়াম জনজাতি সকলক প্ৰাপ্য সাংবিধানিক সুবিধা আৰু অধিকাৰৰ পৰা বৈষম্যমূলক ভাৱে বঞ্চিত কৰা হ’ল।

ভাৰতবৰ্ষৰ জনজাতি অঞ্চলৰ উন্নয়নৰ বাবে এখন জনজাতি উপ -আঁচনি আছে। যাৰ বাবে পঞ্চ বাৰ্ষিকী পৰিকল্পনা যোগে ধন ধাৰ্য্য কৰা হয়। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এক পৃথক জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আছে। কেন্দ্ৰীয় চৰকাৰে এই উপ -আঁচনিৰ ধন আই.টি.ডি.পি, আই.টি.ডি.এ , মডিফাইদ এৰিয়া ডেভেলপমেণ্ট এজেঞ্চি আৰু প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপৰ বাবে খৰছ কৰে। ইয়াৰ ভিতৰত অসমত কেৱল কেৱল আই.টি.ডি.পি হে আছে আৰু আই.টি.ডি.পি ব’ৰ্ড বিলাক তদৰ্থ ভিত্তিত মনোনীত সদস্যৰ দ্বাৰা হে গঠন কৰা হয়। যাৰ বাবে জনজাতি অঞ্চলৰ উন্নয়নৰ বাবে জনজাতি ৰাইজে নিজে পৰিকল্পনা কৰা, আঁচনি প্ৰস্তুত কৰা আৰু কাৰ্যকাৰি কৰাৰ ক্ষেত্ৰত পোনপটীয়া কৈ অংশ লোৱাৰ কোনো ব্যৱস্থা নথকাৰ পৰিপ্ৰেক্ষিততেই সাংবিধানিক গ্যাৰাণ্টিযুক্ত, পঞ্চ বাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত ষষ্ঠ অনুসূচীৰ অধীনৰ স্বায়ত্বশাসিত পৰিষদৰ দাবী অসমত উত্থাপন হয়।

এনে এক ঐতিহাসিক প্ৰেক্ষাপটত সমগ্ৰ পৃথিৱীজুৰি আদিবাসী বা খিলঞ্জীয়া লোক সকলৰ স্বকীয় অস্তিত্ব, ভাষা, কৃষ্টি, সংস্কৃতি, জল -জংঘল-জমীনৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ বাবে স্বায়ত্ত্ব শাসনৰ দাবীত আন্দোলনে মূৰ দাঙি উঠাৰ সময়ত আৰু আনকি ৰাষ্ট্ৰসংঘইও এনে আন্দোলনৰ ন্যয্যতাক স্বীকাৰ কৰি বিশেষ কৰ্মগোট (United Nations working group on indigenous peoples) গঠন কৰাৰ সময়তে অসমৰ অন্যতম প্ৰধান জনজাতি জনগোষ্ঠী মিচিং সকলো স্বায়ত্ব শাসনৰ প্ৰতি সজাগ হৈ উঠে আৰু ১৯৮২ চনৰ ১৪ আৰু ১৫ চেপ্তেম্বৰত ঢকুৱাখনাৰ অল আছাম মিৰি হাইস্কুলত অনুষ্ঠিত হোৱা সদৌ অসম মিচিং ছাত্ৰ সন্থাৰ অধিৱেশনত ষষ্ঠ অনুসূচীৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে। পৰবৰ্তী কালত ১৯৮৫ চনত ২২, ২৩ আৰু ২৪ ফ্ৰেব্ৰুৱাৰীত মাজুলীৰ জেংৰাইমুখত অনুষ্ঠিত অধিবেশনত সদৌ অসম মিচিং ছাত্ৰ সন্থাৰ নামাকৰণ টাকাম মিচিং পৰিন কেবাং কৰি স্বায়ত্ত শাসনৰ দাবীত আন্দোলন আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা হয়। এই সময়ছোৱাত সকলো মিচিং সংগঠনে মিচিং ভাষাৰ স্বীকৃতিৰ বাবে আন্দোলনত লিপ্ত হ’ব লগা হোৱাত স্বায়ত্ত শাসনৰ দাবীত আন্দোলন তল পৰি যায়। তথাপিও স্বায়ত্ত শাসনৰ দাবীৰ প্ৰতি জনমত সৃষ্টিৰ বাবে ২ আৰু ৩ চেপ্টেম্বৰ ৮৯ তাৰিখে জীয়াঢল হাইস্কুলত মিচিং জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। জাতীয় সংগ্ৰাম খনত মহিলাৰ অংশগ্ৰহণৰ গুৰুত্ব উপলব্ধি কৰি এই জাতীয় অভিৱৰ্তনতে “টাকাম মিচিং মিমৌ কেবাং” নামেৰে মিচিং মহিলা সংগঠন গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। স্বায়ত্ত শাসন আন্দোলনটোত মিচিং সমাজৰ সকলো অংশক সামৰি লোৱাৰ উদ্দেশ্যে জোনাইত অনুষ্ঠিত এক অভিৱৰ্তন যোগে ১৯৯৩ চনত “মিচিং মিমাগ কেবাং” জন্ম দিয়া হয়। তেতিয়াৰ পৰা মিচিং স্বায়ত্ত শাসনৰ আন্দোলনক TMPK, MMK, TMMK ই যৌথ ভাৱে নেতৃত্বত দি আহিছে।

স্বায়ত্ত শাসন আৰু চৰকাৰৰ লগত আলোচনা

আন্দোলনৰ মাজতে ঁ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ-ই চৰকাৰ খনে ১৯৯৩ চনত TMPK, MMK, TMMK ক আলোচনা লৈ আমন্ত্ৰণ জনায় আৰু ৰাজ্য চৰকাৰৰ এখন আইনৰ অধীনত কোনো নিৰ্দিষ্ট অঞ্চল আৰু চাৰিসীমা নথকাকৈ এক স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰস্তাৱটোৰ মূল দিশকেইটা আছিল –

১/ যিবিলাক গাঁৱত শতকৰা ৫০% বা অধিক মিচিং জনবসতি আছে কেৱল সেই গাঁৱ বিলাকক লৈ মিচিং স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হ’ব।

২/ মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিদিষ্ট কোনো অঞ্চল আৰু চাৰিসীমা নাথাকিব।

৩/ পঞ্চায়তী ৰাজৰ দৰে পৰিষদ খনো তিনি খলপীয়া হ’ব- ক) গাওঁ পৰিষদ খ) আঞ্চলিক পৰিষদ গ) শীৰ্ষ পৰিষদ।

৪/ সংবিধানৰ ৭৩ তম সংশোধনীয়ে পঞ্চায়ত ব্যৱস্থা লৈ প্ৰদান কৰা ক্ষমতা আৰু কাম কাজ সমূহ মিচিং স্বায়ত্বশাসিত পৰিষদক প্ৰদান কৰা হ’ব।

বিতং আলোচনা আৰু বিভিন্ন ঠাইত অনুষ্ঠিত কৰা নাগৰিক সভাত গ্ৰহণ কৰা ৰাইজৰ মতামতৰ ভিত্তিত নিম্নোক্ত কাৰণ দৰ্শাই TMPK, MMK, TMMK ই চৰকাৰী প্ৰস্তাৱ টো নাকচ কৰে আৰু বিকল্প প্ৰস্তাৱ আগবঢ়ায়।

১/ কেৱল ৫০% মিচিং জন বসতি থকা গাঁৱ সমূহৰ অন্তভূক্তিৰে স্বায়ত্ব শাসন পৰিষদ গঠনক সমৰ্থন কৰিব পৰা নাযায়।

কাৰণ এনে সূত্ৰই অধিকাংশ মিচিং বসতি প্ৰধান গাওঁ আৰু অঞ্চলক পৰিষদৰ বাহিৰত ৰাখিব। ইয়াৰ পৰিবৰ্তে মিচিং জন বসতি প্ৰধান ট্ৰাইবেল বেল্ট তথা জনজাতীয় উপ আঁচনি অঞ্চল সমূহক সামৰি মিচিং স্বায়ত্বশাসিত পৰিষদৰ Core Area বা মূল অঞ্চল আৰু তাৰ বাহিৰৰ মিচিং বসতি প্ৰধান গাওঁ সমূহক লৈ Satellite Area বা উপগ্ৰহীয় অঞ্চল গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়।

২/ চাৰিসীমা বিহীন স্বায়ত্ত শাসন ধাৰণাটো অবাস্তৱ। নিদিষ্ট অঞ্চল এটা নথকাকৈ স্বায়ত্বশাসিত পৰিষদ এখন বৰ্তী থাকিব নোৱাৰে। এতেকে ওপৰত উল্লেখ কৰি অহা অঞ্চল সমূহ সামৰি মিচিং স্বায়ত্বশাসিত পৰিষদৰ চাৰিসীমা নিৰ্দ্ধাৰণ কৰিব লাগিব।

৩/ যিহেতু জনজাতীয় স্বায়ত্বশাসিত পৰিষদ গঠনৰ ব্যৱস্থা একমাত্ৰ সংবিধানৰ ষষ্ঠ অনুসূচীত হে আছে, এতেকে মিচিং স্বায়ত্বশাসিত পৰিষদকো ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰিব লাগে।

৪/ যিহেতু মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰস্তাৱিত ক্ষমতা আৰু কাম কাজ পঞ্চায়ত ব্যৱস্থাৰ সৈতে একে, এতেকে ভৱিষ্যতে পঞ্চায়ত আৰু MAC ৰ মাজত ক্ষমতা আৰু কাম কাজক লৈ দ্বন্দ হোৱাটো স্বাভাৱিক। এনে দ্বন্দ এৰাই চলিবলৈ পঞ্চায়ত ব্যৱস্থাৰ আওঁতাৰ পৰা MAC ৰ প্ৰস্তাৱিত অঞ্চলক ৰেহাই দিব লাগে।

কিন্তু অসম চৰকাৰে TMPK, MMK, TMMK ৰ সৎ পৰামৰ্শৱলীক গুৰুত্ব দিয়াৰ সলনি আমাৰ সংগঠনত বিভাজন অনাৰ গভীৰ ষড়যন্ত্ৰত হে লিপ্ত হয়। শাসক দলৰে কিছুমান লোকক লৈ ৰাতিটোৰ ভিতৰত জন্ম দিলে MADC নামৰ এক গণ ভিত্তিহীন সংগঠনৰ-, যি চৰকাৰী নিৰ্দেশত চাৰিসীমা বিহীন ভুৱা স্বায়ত্ত শাসন গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ’ল। দুৰ্ভাগ্যজনক ভাৱে MADC ৰ লগ লাগিল। সেই সময়ত মিচিং বানৌ কেবাঙৰ নেতৃবৃন্দ, ১৯৯৪ চনৰ ২১ এপ্ৰিলত ঢকুৱাখনা মহকুমাৰ বিলমুখত মিচিং বানৌ কেবাঙৰ অধিৱেশন অনুষ্ঠিত কৰি তাতে মুখ্যমন্ত্ৰী ঁ হিতেশ্বৰ শইকীয়াৰ দ্বাৰা চাৰিসীমা বিহীন স্বায়ত্ত শাসন ঘোষণা কৰোৱাৰ পূৰ্ণ চৰকাৰী প্ৰস্তুতি চলিল। TMPK, MMK, TMMK ৰ নেতৃত্বত মিচিং জনসাধাৰণে অভূতপূৰ্ব সাহস আৰু একতাৰে এই চৰকাৰী ষড়যন্ত্ৰ ৰ প্ৰতিবাদ কৰিলে। ২১ এপ্ৰিলৰ দিনা বিশাল প্ৰতিবাদী সমদলে বিলমুখ কঁপাই তুলিলে । সেই নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদী জনতাৰ ওপৰত চৰকাৰে নিৰ্মম গুলী চালনা কৰি হত্যা কৰিলে বগা(মহানন্দ) আৰু নৰেশ্বৰ টাইদক। আহত হ’ল অসংখ্য। চাৰিওফালে চলিল পুলিচ আৰু MADC গুণ্ডাৰ নিৰ্মম অত্যাচাৰ। গোগামুখৰ প্ৰতিবাদী সমদলত পুলিচৰ বয়নেটৰ খোচত আঘাতপ্ৰাপ্ত হৈ পিছত মৃত্যু বৰণ কৰিলে অঞ্জনা পেগুৱে। এনে হত্যা সন্ত্ৰাসৰ মাজতে হেলিকপ্টাৰত উঠি মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া বিলমুখ লৈ আহিল। কিন্তু ভূৱা স্বায়ত্ত শাসন ঘোষণাৰ পৰা বিৰত থাকিবলৈ বাধ্য হ’ল।

বিলমুখ ঘটনাৰ পৰৱৰ্তী কালৰ ইতিহাস TMPK, MMK, TMMK ৰ কৰ্মী আৰু প্ৰতিবাদী মিচিং জনসাধাৰণৰ ওপৰত পুলিচ আৰু MADC বাহিনীৰ অমানুষিক অত্যাচাৰ -উৎপীড়ণৰ ইতিহাস। শ শ কৰ্মীক মনেসজা গোচৰত বন্দী কৰি কাৰাগাৰত নিক্ষেপ কৰা হ’ল। কেন্দ্ৰীয় নেতৃত্বৰো কোনো বাদ নপৰিল। ইয়াৰ মাজতে ১৪ জুন তাৰিখ MADC আৰু মিচিং বানৌ কেবাঙৰ লগত এখন তথাকথিত চুক্তি চহী কৰি কংগ্ৰেছ (ই) চৰকাৰ খনে এককক্ষীয় ভাবে জাপি দিলে ভুৱা স্বায়ত্ত শাসন। গঠন হ’ল অন্তবৰ্তীকালীন মিচিং স্বায়ত্বশাসিত পৰিষদ।

অগপ নেতৃত্বাধীন চৰকাৰৰ লগত আলোচনা আৰু নতুন চুক্তিত স্বাক্ষৰ

১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ ই চৰকাৰ খনৰ শোচনীয় পৰাজয় ঘটিল আৰু ক্ষমতালৈ আহিল অগপ নেতৃত্বাধীন চৰকাৰ। কিন্তু অগপ চৰকাৰ খনে মিচিং স্বায়ত্বশাসিত পৰিষদ বিষয়টোক কোনো গুৰুত্ব নিদিয়াত মিচিং ৰাইজে আন্দোলনৰ কাৰ্যসূচী বাহাল ৰাখিবলৈ বাধ্য হয়। আন্দোলনৰ হেঁচাত ১৯৯৮ চনত অগপ নেতৃত্বাধীন চৰকাৰ খনে TMPK, MMK, TMMK ক আলোচনা আমন্ত্ৰণ জনায় আৰু এলানি আলোচনা অন্তত TMPK, MMK, TMMK ই ষষ্ঠ অনুসূচীৰ দাবী অব্যাহত ৰাখিও অন্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ MAC গঠন কৰাৰ স্বাৰ্থত ২৮ এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী শ্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধানসভা অধ্যক্ষ ঁ গণেশ্ব কুটুমৰ উপস্থিতিত অসম চৰকাৰৰ লগত এখন নতুন চুক্তি স্বাক্ষৰ কৰে। চুক্তিৰ মূল কথাটো আছিল TMPK, MMK, TMMK ই দিয়া পৰামৰ্শৱলী ভিত্তিত মিচিং স্বায়ত্বশাসিত পৰিষদ আইন খনৰ সংশোধনীৰ জৰিয়তে আমূল পৰিবৰ্তন ঘটোৱা আৰু নতুন এখন আইনৰ ভিত্তিত চাৰিসীমা নিৰ্ধাৰণ কৰি MAC ৰ গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা। আইন সংশোধনীৰ বাবে শিক্ষামন্ত্ৰী শ্ৰী থানেশ্বৰ বড়োৰ অধ্যক্ষতাত এখন পুনৰীক্ষণ সমিতি বা Review Committee গঠন কৰা হয়।

অগপ নেতৃত্বাধীন চৰকাৰ খনৰ লগত আলোচনা কালত TMPK, MMK, TMMK ই মিচিং বসতি প্ৰধান ট্ৰাইবেল বেল্ট ব্লক আৰু জনজাতীয় উপ আঁচনি অঞ্চল সমূহক MAC ত অন্তৰ্ভূক্ত কৰা, MAC ক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, MAC ক পঞ্চায়তী ৰাজ আইনৰ আওঁতাৰ পৰা ৰেহাই দিয়া আদি দাবীৰ ওপৰিও নিম্নোক্ত দাবী সমূহ দাঙি ধৰে-

১/ MAC ক তিনি খলপীয়া কৰাৰ সলনি দুই খলপীয়া কৰিব লাগে অৰ্থাৎ নিম্ন পৰ্যায়ত গাওঁ পৰিষদ আৰু শীৰ্ষ পৰিষদ থাকিব। মধ্যবৰ্তিকালীন আঞ্চলিক পৰিষদ নাথাকে।

২/ MACৰ শীৰ্ষ পৰিষদৰ সদস্যৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি কৰিব লাগে। ৪ জন মনোনীত সদস্য থাকিব।

৩/ MAC ত সংসদীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু তাৰ বাবে MACৰ সাধাৰণ পৰিষদৰ সভা পৰিচালনা কৰিবৰ বাবে এজন অধ্যক্ষ (Chairman) আৰু এজন উপাধ্যক্ষ (Deputy Chairman)পদৰ সৃষ্টি কৰিব লাগে।

৪/ নিৰ্বাচন অনুষ্ঠিত কৰা বিতং বিধি ব্যৱস্থা আইনখনত সন্নিবিষ্ট কৰিব লাগে।

৫/ পৰিষদৰ ৫০ শতাংশ আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰিব লাগে আৰু বাকী ৫০ শতাংশ আসন সকলোৰে বাবে মুক্ত ৰাখিব লাগে।

৬/ MAC ক নিজা বিভাগ সৃষ্টি কৰা আৰু তাৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়াৰ দিয়াৰ ক্ষমতা দিব লাগে।

৭/ নিজা বাজেট প্ৰস্তুত কৰাৰ সম্পূৰ্ণ ক্ষমতা MAC ক প্ৰদান কৰিব লাগে।

৮/ ভূমি আৰু ৰাজহৰ সম্পূৰ্ণ ক্ষমতা MAC প্ৰদান কৰিব লাগে।

৯/ MAC ৰ প্ৰধান সচিব জন ৰাজ্য চৰকাৰৰ সচিব পৰ্যায়ৰ হ’ব লাগে।

অসম চৰকাৰে ওপৰৰ ১ নং আৰু ৫ নং দাবীলৈকে মানি লোৱাৰ ওপৰি MAC ত ট্ৰাইবেল বেল্ট ব্লক আৰু জনজাতীয় উপ আঁচনিৰ অঞ্চল সমূহ চিনাক্তকৰণ, মাটিকালি, জনগাঁঠনি আদিৰ তথ্য আহৰণৰ বাবে দীঘলীয়া এক প্ৰক্ৰিয়া হাতত লয়।

এই প্ৰক্ৰিয়া অনুযায়ী অসমৰ আঠখন জিলাৰ উপায়ুক্তৰ জৰিয়তে বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমূহৰ পৰা মানচিত্ৰ, গাঁৱৰ তালিকা, জনগাঁঠনি আদিৰ তথ্যপাতি সংগ্ৰহ কৰে। এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত TMPK ৰ ফালৰ পৰা সৰ্বমুঠ ১৭৩৬ খন গাঁৱৰ এখন তালিকা অসম চৰকাৰৰ ওচৰত দাখিল কৰা হয়। ইয়াৰ পাছত এচাম স্বায়ত্ত শাসন বিৰোধী বিধায়কৰ ৰহস্যজনক স্থিতিৰ বাবে অসম চৰকাৰে সমস্যাটো সমাধান কৰাৰ পৰা আঁতৰি ফুৰিবলৈ ধৰে আৰু দীৰ্ঘদিন আলোচনা অনুষ্ঠিত নকৰাকৈ থাকে। চুক্তি ৰূপায়ন কৰাৰ কথা বাৰে বাৰে সোঁৱৰাই থকাৰ পাছত অগপ নেতৃত্বাধীন চৰকাৰ খনে কৰ্মকাল শেষ হোৱাৰ আগে আগে শেষ বিধানসভা অধিৱেশন খনত MAC ৰ সংশোধনী বিল – Mising Autonomous Council (Amendment) Act, 2001 খন পাছ কৰায়। ট্ৰাইবেল বেল্ট-ব্লক আৰু জনজাতীয় উপ আঁচনিৰ অঞ্চল সমূহক লৈ MAC ৰ মূল অঞ্চল বা Core Area গঠন কৰাৰ লগতে অধ্যক্ষ আৰু উপাধ্যক্ষ পদ সৃষ্টি কৰাৰ নতুন দফাই আইনখনত ঠাই পায় কিন্তু, TMPK, MMK, TMMK ই আগবঢ়োৱা অনন্য সংশোধনী সমূহ চৰকাৰে গ্ৰহণ নকৰিলে। অন্যহাতে নতুন প্ৰস্তৱনা অনুসৰি গাঁৱৰ তালিকা ঘোষণা অগপ চৰকাৰে কৰি থৈ নগ’ল।

তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ লগত আলোচনা

২০০১ চনৰ নিৰ্বাচনত পুনৰ কংগ্ৰেছ ই চৰকাৰ ক্ষমতা লৈ আহিল। ইতিমধ্যে মিচিং বানৌ কেবাঙৰ অধিৱেশন হৈ যায় আৰু অধিৱেশনত নতুন ৰূপত নতুন নেতৃত্বই মিচিং বানৌ কেবাঙৰ দায়িত্ব লয়।

অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ বিভাগে ২০০২ চনৰ ২১ জুন তাৰিখে TMPK , MBK, MMK, MAK ৰ নেতৃত্বক আলোচনা লৈ মতাত চাৰিওটা সংগঠনৰ নেতৃত্বই আলোচনাত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী ভৰত চন্দ্ৰ নৰহ আৰু স্বাস্থ্য মন্ত্ৰী ডা়ঃ ভূমিধৰ বৰ্মন উপস্থিত থকা আলোচনাত TMPK, MMK ৰ লগত মিচিং MBK আৰু MAK এ পূৰ্বৰ পৰা কৰি অহা দাবী সমূহ দোহাৰে। পূৰ্বৰ অগপ চৰকাৰ খনে MAC আইনখনৰ যি সংশোধনী ঘটালে তাৰ ভিত্তিতেই MAC ৰ Core Area আৰু Satellite Area চিনাক্ত কৰি চাৰিসীমা নিৰ্দ্ধাৰণ কৰাৰ বাবে সচিব শ্ৰী বি বি হাগজেৰক লৈ এখন কমিটি গঠন কৰা হয় আৰু ২৬ চেপ্তেম্বৰ তাৰিখে দিছপুৰ সচিবালয়ত সভাকক্ষত কমিটিৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত TMPK, MMK, MBK ই অংশগ্ৰহণ কৰে। আলোচনাত চৰকাৰে আমি বিচৰা মতে সংশোধিত আইনৰ ভিত্তিত এমাহৰ ভিতৰত গাওঁ সমূহ চিনাক্ত কৰিবলৈ সিদ্ধান্ত লয় আৰু তাৰ দায়িত্ব অসম চৰকাৰৰ জৰীপ বিভাগৰ যুটীয়া সঞ্চালকক অৰ্পণ কৰে। এমাহ পাছত দ্বিতীয় বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

আলোচনাৰ ফলশ্ৰুতিতে চৰকাৰে ১৮ ডিচেম্বৰত, ২০০৩ তাৰিখে আদেশ নং TAD/BC/198/97/Pt-I/26 যোগে কেবিনেট মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নেতৃত্বত মিচিং স্বায়ত্বশাসিত পৰিষদ , ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো পৰীক্ষা কৰাৰ বাবে এখন কেবিনেট উপ সমিতি গঠন কৰি দিয়ে। এই কমিটিয়ে তেওঁলোকৰ অধ্যয়ন কালত ২০০৪ চনৰ ১৪ জুন তাৰিখে গোগামুখ অহাৰ সময়ত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে মিচিং বনাম অনামিচিং সংঘৰ্ষৰ সৃষ্টিৰ উদ্দেশ্যে এক ৰাজনৈতিক চক্ৰৰ উচটনিত ষষ্ঠ অনুসূচী বিৰোধিতা কৰাৰ নামত এচাম লোকে গোগামুখত কেবিনেট উপ-সমিতিৰ সন্মূখত হিংসাত্মক প্ৰদৰ্শন কৰে আৰু গোগামুখৰ পৰা চিলাপথাৰ আৰু জোনাই লৈ ঘূৰি যোৱাৰ পথত আমাৰ সমৰ্থক সকলৰ ওপৰত আক্ৰমণ কৰি প্ৰায় ত্ৰিশ-চল্লিশখন গাড়ী ভঙাৰ ওপৰি অসংখ্য লোক আহত হয়।

এই পৰিস্থিতিত জাতীয় সংগঠনৰ নেতৃত্বই সাম্প্ৰদায়িক সংঘৰ্ষৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনাত মিলিত হোৱাৰ ওপৰি পোনপটীয়া ভাৱে অজনজাতীয় গাওঁ সমূহত গৈ তৃণমূল পৰ্য্যায়ত ৰাইজৰ লগত আলোচনাত বহি স্বায়ত্ত শাসন আৰু ষষ্ঠ অনুসূচী সম্পৰ্কে থকা ভূল ধাৰণা সমূহ দূৰ কৰে। আৰু সামগ্ৰিক ভাৱে আমাৰ অঞ্চলটোৰ উন্নয়নৰ বাবে ঐক্যবদ্ধ ভাৱে কাম কৰাৰ সংকল্প গ্ৰহন কৰে। এই প্ৰক্ৰিয়াৰ ফলতে সন্মিলিত জনগোষ্ঠীয় সমন্বয় ৰক্ষী সমিতি গঠন হয় আৰু মিচিং অনামিচিং ৰাইজৰ একতা গঢ় লৈ উঠে।

ইফালে কেবিনেট উপ-সমিতিয়ে ষষ্ঠ অনুসূচী সন্দৰ্ভত চুড়ান্ত প্ৰতিবেদন দিয়াৰ বাবে অধিক সময় বিচাৰি এক অন্তবৰ্তী প্ৰতিবেদন দাখিল কৰে আৰু Core Area আৰু Satellite Area গঠন কৰাৰ আমাৰ প্ৰস্তাৱৰ ভিত্তিত MAC আইন খন সংশোধন কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। আমি ষষ্ঠ অনুসূচীৰ দাবীত আন্দোলন অব্যাহত ৰাখিও MAC ত তদৰ্থবাদৰ অন্ত পেলাই গনতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত কেবিনেট উপ-সমিতিৰ অন্তবৰ্তী প্ৰতিবেদন খনক আদৰণি জনাওঁ আৰু MAC আইনখনৰ সংশোধনী দাবী কৰোঁ। সেই মৰ্মে বিধানসভা সভাত Mising Autonomous Council (Amendment) Act, 2005 গৃহীত হয়। নতুন আইনত
Core Area আৰু Satellite Area ৰ সংজ্ঞা তলত দিয়া ধৰণে দিয়া হয়।

  1. In the principal Act, in section -2, sub-section- (u) shall be substituted by the following:
  2. “(U)” Core Area ” means compact and contiguous areas predominantly in habited by Mising people, having more than 50% ST population as a whole in the area and not necessarily in individual villages”
  3. In the principal Act, in section -2, after sub-section- (u), following new sub – section shall be inserted:

“(V)” Satellite area ” means non – contiguous cluster of villages predominantly inhabited by Mising people having more than 50% ST population as a whole in the cluster and not necessarily in individual villages”.

এই সংশোধিত আইনৰ ভিত্তিত ১৭৩৬ খন গাওঁ MAC ত অন্তৰ্ভূক্ত গাওঁ হিচাপে ঘোষণা কৰি সমষ্টি নিৰ্ধাৰণ কৰাৰ বাবে উত্তৰ অসমৰ আয়ুক্ত শ্ৰীমতী এলিমি চৌধুৰীক লৈ সমষ্টি নিৰ্ধাৰণ আয়োগ গঠন কৰা হয়।

কিন্তু পুনৰ ৰাজনৈতিক ষড়যন্ত্ৰৰে মিচিং স্বায়ত্বশাসিত পৰিষদ সমস্যা শান্তিপূৰ্ণ মীমাংসাক বাধা দিয়াৰ বাবে স্বায়ত্ত শাসন বিৰোধী শক্তিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদত অনা মিচিং, অ-ৰাভা গাওঁ অন্তৰ্ভূক্তিৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰে। হাইক’ৰ্টে এই গোচৰ সমূহ শুনানিৰ বাবে গ্ৰহণ কৰি সমষ্টি গঠনৰ তালিকা প্ৰকাশ সমসাময়িক ভাৱে স্থগিত ৰাখিবলৈ এক অন্তবৰ্তী আদেশ দিয়ে। এই অন্তবৰ্তী স্থগিতাদেশ প্ৰত্যাহাৰ কৰোৱাৰ বাবে অসম চৰকাৰে যি তৎপৰতা অৱলম্বন কৰিব লাগিছিল সেইয়া পৰিলক্ষিত নহ’ল। তাৰোপৰি আজি দেউৰী, ঠেঙাল আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰদৰ্শণ কৰাৰ দৃঢ়তাও সেই সময়ত দেখা পোৱা নগ’ল।

এনে পৰিস্থিতিত আহি পৰা অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত আমি অসম চৰকাৰৰ লগত এক বুজাবুজি মৰ্মে জাতীয় সংগঠন আৰু চৰকাৰৰ মনোনীত সদস্যৰ দ্বাৰা যৌথভাবে মিচিং স্বায়ত্বশাসিত পৰিষদ পৰিচালনাৰ সিদ্ধান্ত লওঁ আৰু চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে যে, হাইক’ৰ্টৰ গোচৰৰ মীমাংসা কৰি চৰকাৰে শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু ষষ্ঠ অনুসূচীৰ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰ প্ৰতিবেদনো দাখিল কৰিব। এই প্ৰতিশ্ৰুতিৰ ভিত্তিতে ২০০৬ চনত বিধানসভাৰ নিৰ্বাচনত আমি চৰকাৰ খনলৈ সহায় -সহযোগীতা আগবঢ়াওঁ। কংগ্ৰেছ -ই আৰু শ্ৰীহাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি অসমত চৰকাৰ গঠন কৰে। কিন্তু, আমি বহুবাৰ দাবী কৰাৰ পাছতো হাইক’ৰ্টৰ অন্তবৰ্তী স্থগিতাদেশ প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰে হাইক’ৰ্টত কোনো আবেদন দাখিল নকৰাৰ বাবেই আজিলৈকে স্থগিতাদেশ
বাহাল থাকিল। আৰু তাৰেই অজুহাতত চৰকাৰ খনে মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ আছে। চৰকাৰ খনৰ সদিচ্ছা আৰু দৃঢ়তা থাকিলে নিৰ্বাচন যে পাতিব পাৰে দেউৰী, তিৱা আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনেই সেই কথা প্ৰমাণ কৰিছে। নতুন চৰকাৰৰ কাৰ্যকালত কেবিনেট উপ-সমিতি খনৰ কাৰ্যকাল বৃদ্ধি কৰা হয়, কিন্তু আজিলৈকে উক্ত কেবিনেট উপ-সমিতিয়ে প্ৰতিবেদন দাখিল কৰা নাই।

আমাক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবেই আমি অসম চৰকাৰলৈ আমাৰ সমৰ্থন, সহায় সহযোগীতা প্ৰত্যাহাৰ কৰোঁ। চৰকাৰ খনৰ লগত আমাৰ সংঘাট বৃদ্ধি পায় আৰু যোৱা লোকসভা নিৰ্বাচনৰ পাছত চৰকাৰে MAC ৰ অন্তবৰ্তীকালীন পৰিষদ খন ভংগ কৰি ধেমাজি জিলাৰ উপায়ুক্তক প্ৰশাসক হিচাপে নিযুক্তি দিয়ে। কিছুদিন পাছত এই দায়িত্ব উত্তৰ অসমৰ আয়ুক্তৰ হাতত অৰ্পণ কৰে আৰু বৰ্তমান তেওঁৱেই এই দায়িত্ব পালন কৰি আছে।

অনা মিচিং অ-জনজাতিৰ অধিকাৰ সম্পৰ্কে

মিচিং বা আন জনজাতি সকলৰ আজিৰ পশ্চাদপদ অৱহেলিত অৱস্থাটোৰ বাবে আমি কোনো অনা মিচিং বা অজনজাতি জনসাধাৰণক কেতিয়াও দায়ী বা জগৰীয়া বুলি কোৱা নাই। দায়ী আমাৰ ৰাজনৈতিক শাসন ব্যৱস্থা টোহে। সেয়েহে ৰাজনৈতিক ব্যৱস্থা টোৰ পৰিবৰ্তনৰ বাবে আমি গণতান্ত্ৰিক স্বায়ত্ত শাসন দাবী কৰিছোঁ। এই স্বায়ত্ব শাসন দাবী কোনো জনগোষ্ঠী বা সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়। বৰং মিচিং স্বায়ত্বশাসিত পৰিষদত অনা মিচিং বা অজনজাতি সকলৰ অধিকাৰ আৰু সা সুবিধা আইনৰ দ্বাৰা সু-নিশ্চিত কৰা হৈছে।

MAC ৰ শীৰ্ষ পৰিষদৰ ৪০ জন সদস্যৰ ভিতৰত ৪ জন মনোনীত সদস্যক অঞ্চলটোৰ এনেকুৱা সম্প্ৰদায়ৰ পৰা মনোনীত কৰিব লাগিব যি সম্প্ৰদায়ৰ কোনো প্ৰতিনিধি পৰিষদত নাই। MAC ৰ মুঠ আসনৰ ২৫ খন আসন অনুসূচীত জনজাতিৰ বাবে (কেৱল মিচিঙৰ বাবে নহয়) , ৬ খন আসন মহিলাৰ বাবে সংৰক্ষিত কৰি বাকী আসন সকলোৰে বাবে মুক্ত কৰি ৰখা হৈছে। যোৱা ২০০৬ চনত গঠিত অন্তবৰ্তী পৰিষদ খনত ৪ জনতকৈ কাৰ্য্যবাহী সদস্য পদত অন্য জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু সকলো জনগোষ্ঠীৰ মাজত উন্নয়নমূলক আঁচনিৰ কাম হাতত লোৱা হৈছিল। ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে, MAC ৰ দ্বাৰা মিচিং, অনা মিচিং, জনজাতি সকলোৱে সমানে উপকৃত হ’ব, সমান অধিকাৰ, সা সুবিধা উপভোগ কৰিব পাৰিব।

বৰ্তমান পৰিস্থিতিঃ

যোৱা ৩১ মে’ ২০১০ তাৰিখে পুনৰ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ আমন্ত্ৰণ মৰ্মে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমস্যাৰ এক গ্ৰহণযোগ্য সমাধানৰ বাবে মিচিং জাতীয় সংগঠন – মিচিং বানে কেবাং, মিচিং আগম কেবাং, মিচিং দৃৰবৃ কেবাং, মিচিং মিমাগ কেবাং, টাকাম মিচিং মিমৌ কেবাং আৰু টাকাম মিচিং পৰিন কেবাং ৰ এটা সজাতি দলে অসম চৰকাৰৰ লগত আলোচনাত মিলিত হয়।

ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী প্ৰমীলাৰাণী ব্ৰহ্মৰ সভাপতিত্বত আৰু আন বিভাগীয় প্ৰধান সচিব শ্ৰী এছ মেৱাৰা তথা আয়ুক্ত শ্ৰী লংফি ফাংচ’ উপস্থিত থকা সভাখনত মিচিং জাতীয় সংগঠন সমূহে আকৌ এবাৰ মনোনীত সদস্যৰ দ্বাৰা অন্তবৰ্তীকালীন তদৰ্থ পৰিষদ গঠনৰ পৰা চৰকাৰক বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে অতি শীঘ্ৰে বৰ্তমানৰ মিচিং স্বায়ত্বশাসিত পৰিষদ আইনখনৰ অধীনতে MAC গনতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু পৰিষদ খনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ দাবী জনায়।

অসম চৰকাৰৰ তৰফৰ পৰা আমাক কোৱা হৈছে যে, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি নিৰ্ধাৰণৰ তালিকা খন প্ৰকাশ কৰাৰ ক্ষেত্ৰতহে হাইক’টৰ এক অন্তবৰ্তী স্থগিতাদেশ আছে, নিৰ্বাচন পতা নপতা বিষয়ত কোনো স্থগিতাদেশ নাই। সমষ্টি নিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰাৰ ক্ষেত্ৰত যি অন্তবৰ্তী স্থগিতাদেশ আছে তাক প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰে হাইক’ৰ্টত আবেদন কৰিছে আৰু তাৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিছে। চৰকাৰে আশা কৰিছে যে, হাইক’ৰ্টে অন্তবৰ্তী স্থগিতাদেশ প্ৰত্যাহাৰ কৰিব আৰু অসম চৰকাৰে বাৰিষা বতৰৰ পাছত MAC ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ বাবে চৰকাৰে আমাৰ সহায় সহযোগীতা কামনা কৰিছে।

আমাৰ তৰফৰ পৰা আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয় আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ সহায়-সহযোগীতা প্ৰতিশ্ৰুতি দিয়া হয়। নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়াত বিভেদকামী শক্তিৰ প্ৰৰোচনাত জনগোষ্ঠীয় সংঘাত যাতে নহয় তাৰবাবে চৰকাৰ আৰু মিচিং জাতীয় সংগঠন সমূহে সতৰ্ক তাৰে আৰু সু-সমন্বয়েৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু এম.এ.ডি.চি ষষ্ঠ অনুসূচী দাবী সিমিতি আদি ভুৱা অস্তিত্ব বিহীন সংগঠনক প্ৰশয় নিদিবলৈ চৰকাৰক সঁকিয়াই দিয়া হয়।

আলোচনাত মিচিং বানে কেবাঙৰ সভাপতি আৰু আৰু সাধাৰণ সম্পাদক ক্ৰমে শ্ৰীবন্ধু পাৱেগাম আৰু শ্ৰী পৰমানন্দ চায়েঙীয়া, মিচিং আগম কেবাঙৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ডাঃ বিদ্যেশ্বৰ দলে আৰু শ্ৰী দীপক দলে, মিচিং দৃৰবৃ কেবাঙৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শ্ৰী একলব্য গাম আৰু শ্ৰী নবীন কাৰ্দং, টাকাম মিচিং মিমৌ কেবাঙৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা ক্ৰমে শ্ৰী মতী মূল্যৰীণা পেগু আৰু শ্ৰীমতী উষাৰানী কুম্বাং, মিচিং মিমাগ কেবাঙৰ সভাপতি আৰু সম্পাদক ক্ৰমে ডাঃ ৰণোজ পেগু আৰু শ্ৰী পুৰুষোত্তম দলে, টাকাম মিচিং পৰিন কেবাঙৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শ্ৰী জহান দলে আৰু শ্ৰী ইন্দ্ৰ কুমাৰ চুংক্ৰাং প্ৰমূখ্যে অনান্য নেতৃবিন্দই অংশগ্ৰহণ কৰে।

মিচিং জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

চৰকাৰৰ লগত আলোচনাৰ পাছত মিচিং জাতীয় সংগঠন কেইটা এক যৌথ সভাত মিলিত হয় আৰু ইতিবাচক দিশত আলোচনা আগবঢ়াই নিয়াৰ বাবে সিদ্ধান্ত লোৱাৰ লগতে সকলোৰে বাবে গ্ৰহণযোগ্য সমাধানৰ লক্ষ্যত সহমত সৃষ্টিৰ বাবে অতি শীঘ্ৰে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত যৌথ আলোচনাত মিলিত হ’বলৈ TMPK ক দায়িত্ব দিয়ে। যৌথ সভাই বিভাজন কামী শক্তিক পৰাস্ত কৰি মিচিং জাতি সত্ত্বাক ঐক্যবদ্ধ কৰিবলৈ আৰু জাতীয় ঐক্যমত গঢ় দিবলৈ ১৩ জুন,২০১০ তাৰিখে জৰুৰী ভাৱে গোগামুখত মিচিং জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্ত মৰ্মেই TMPK ৰ আহ্বানত আজি এই জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰা হৈছে।

মিচিং জাতীয় অভিৱৰ্তনলৈ আমাৰ আহ্বান

ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে মিচিং স্বায়ত্বশাসিত পৰিষদ সমস্যাৰ এক গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ মীমাংসাৰ বাবে মিচিং জাতীয় সংগঠন সমূহে সদায় ইতিবাচক ভূমিকা পালন কৰি আহিছে। ক্ষমতাত যি চৰকাৰেই নাথাকক – আলোচনাত বহিছে আৰু সমস্যা সমাধান কৰাৰ সুযোগ প্ৰদান কৰিছে। ষষ্ঠ অনুসূচীৰ দাবীত আকোৰ গোজ স্থিতি নলৈ অন্ততঃ গণতান্ত্ৰিক নিৰ্বাচনৰ পক্ষত সদায় বলিষ্ঠ স্থিতি গ্ৰহণ কৰি আহিছে। কিন্তু চৰকাৰ সমূহে ৰাজনৈতিক অভিসন্ধিৰে কৌশলেৰে নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ আছে। এই ক্ষেত্ৰত শাসক দলটোৰ হৈ কাম কৰা মিচিং জনগোষ্ঠীৰ নেতা কৰ্মী সকলৰ ভূমিকাও অতি নেতিবাচক। তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত সৰৱ হোৱাৰ সলনি অন্তবৰ্তী পৰিষদ গঠনৰ পোষকতা কৰি সদায় দিশপুৰত ভিৰ কৰি থাকে আৰু ষষ্ঠ অনুসূচীৰ দাবীটোৰ ক্ষেত্ৰত ভুৱা গণভিত্তিহীন সংগঠনৰ জন্ম দি ৰাইজক বিভ্ৰান্ত কৰে আৰু জাতীয় সংগঠন সমূহক বিধি পথালি দিয়ে। চৰকাৰৰ লগত আমাৰ কোনো অৰ্থপূৰ্ণ আলোচনা আগবঢ়াৰ সময়ত সদায় এম, এ, ডি, চি নামৰ সংগঠনটো ধুমকেতুৰ দৰে আৰ্বিভাৱ হয় আৰু আলোচনা প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰে। চৰকাৰ খনেও এনে সংগঠনক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰে আৰু সমস্যা সমাধানৰ পৰা আতৰি থকাৰ সুযোগ সৃষ্টি কৰে।

সেয়েহে এই জাতীয় অভিৱৰ্তনৰ দ্বাৰা দল মত নিৰ্বিশেষে সকলো মিচিং লোকক মিচিং স্বায়ত্বশাসন সমস্যাৰ এক গণতান্ত্ৰিক আৰু গ্ৰহনযোগ্য সমাধানৰ লগত জৰুৰী ভাৱে পৰিষদ খনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ঐকবদ্ধ হ’বলৈ আমি আহ্বান জনাওঁ। আহক আমি ঐকবদ্ধ ভাৱে দাবী উত্থাপন কৰোঁ।

১/ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা সম্পৰ্কে কেবিনেট উপ-সমিতিৰ প্ৰতিবেদন চুড়ান্ত কৰক আৰু শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ লৈ প্ৰস্তাৱ প্ৰেৰণ কৰক।

২/ মিচিং স্বায়ত্বশাসিত পৰিষদ (সংশোধনী) আইন, ২০০৫ ৰ আধাৰত শীঘ্ৰে সমষ্টিৰ তালিকা প্ৰকাশ কৰি পৰিষদৰ গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰক।

বিনীত
কেন্দ্ৰীয় সমিতি
টাকাম মিচিং পৰিন কেবাং

“জাতীয় অভিবৰ্তনত গৃহীত প্ৰস্তাৱ সমূহ”

আজি ইংৰাজী ১৩ জুন, ২০১০ তাৰিখে ধেমাজি জিলাৰ গোগামুখ স্থিত আবতানি সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰত টাকাম মিচিং পৰিন কেবাঙৰ আহ্বান মৰ্মে মিচিং জাতীয় সংগঠন – মিচিং বানে কেবাং, মিচিং আগম কেবাং, মিচিং দৃৰবৃ কেবাং, টাকাম মিচিং পৰিন কেবাং, টাকাম মিচিং মিমৌ কেবাং আৰু মিচিং মিমাগ কেবাঙৰ প্ৰতিনিধিৰ ওপৰিও বিভিন্ন অঞ্চলৰ বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী, সমাজ সেৱক তথা বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত মিচিং স্বায়ত্ব শাসন প্ৰশ্নত মিচিং জাতীয় অভিবৰ্তন অনুষ্ঠিত হয়। মিচিং বানে কেবাং, মিচিং আগম কেবাং আৰু মিচিং দৃৰবৃ কেবাঙৰ সভাপতি ত্ৰয় যথাক্ৰমে মিগাং পৰমানন্দ চায়েঙীয়া, ডাঃ বিদ্যেশ্বৰ দলে আৰু মিগাং একলব্য গামক লৈ গঠিত সভাপতি মণ্ডলীৰ দ্বাৰা পৰিচালিত অভিবৰ্তনে মিচিং স্বায়ত্বশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা দাবীৰ সন্দৰ্ভত বিতং আলোচনা কৰি সৰ্ব সন্মতি ভাৱে তলৰ প্ৰস্তাৱ সমূহ গ্ৰহণ কৰে –

প্ৰস্তাৱ নং ১ – নব্বৈ দশকৰ আৰম্ভণিতে গঢ় লৈ উঠা মিচিং তথা অসমৰ অন্যান্য জনজাতি ৰাইজ, গণতান্ত্ৰিক চেতনা সম্পন্ন ব্যক্তি, দল আৰু সংগঠনৰ দাবীৰ পৰিপ্ৰেক্ষিতত ১৯৯৫ চনতে অসম চৰকাৰৰ এখন আইনৰ ভিত্তিত মিচিং স্বায়ত্বশাসিত পৰিষদ গঠন কৰে। আৰম্ভণিতে কোনো নিৰ্দিষ্ট অঞ্চলৰ ব্যৱস্থা নথকা আৰু কেৱল ৫০ শতাংশ মিচিং জনবসতি থকা গাওঁ সমূহক লৈ গঠন কৰা পৰিষদীয় ব্যৱস্থাটোৰ ব্যাপক পৰিবৰ্তন দুখনকৈ সংশোধনী আইনৰ জৰিয়তে ২০০১ আৰু ২০০৫ চনত কৰা হয়। স্বায়ত্ব শাসনৰ দাবীত আন্দোলনকাৰী মিচিং জাতীয় সংগঠন সমূহে এই পৰিষদখনক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিও ২০০১ আৰু ২০০৫ চনৰ সংশোধনীক আদৰণি জনায় আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থা প্ৰতিষ্ঠাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ অধীনত পৰিষদ খনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনোৱাৰ লগতে এনে নিৰ্বাচনলৈ পূৰ্ণ সহায়-সহযোগীতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰি আহিছে। ইয়াৰোপৰি বিভিন্ন দল সংগঠনেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মত প্ৰকাশ কৰি আহিছে। তৎসত্বেও অসম চৰকাৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো ব্যৱস্থা আজিলৈকে নকৰা কাৰ্যত অভিবৰ্তনে গভীৰ উদ্বেগ প্ৰকাশ কৰি চলিত বছৰৰ ভিতৰতে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।

প্ৰস্তাৱ নং – মিচিং, ৰাভা আৰু তিৱা জনজাতি ৰাইজৰ লগতে অসমৰ বিভিন্ন গণতান্ত্ৰিক দল সংগঠনে মিচিং স্বায়ত্বশাসিত পৰিষদ, তিৱা স্বায়ত্ত শাসিত পৰিষদ আৰু ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই কৰি অহা আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই দাবী পৰীক্ষা কৰিবলৈ কংগ্ৰেছ ই চৰকাৰে ২০০৩ চনত এখন কেবিনেট উপ সমিতি গঠন কৰিছিল। ২০০৬ চনত কংগ্ৰেছ ই চৰকাৰ খন পুনৰ ক্ষমতালৈ অহাৰ পাছত কেবিনেট উপ সমিতিখন পুনৰ গঠন কৰা হয়। কিন্তু এই কেবিনেট উপ-সমিতিয়ে আজিলৈকে কোনো প্ৰতিবেদন চুড়ান্ত নকৰাৰ কাৰ্যত আজিৰ অভিবৰ্তনে গভীৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰক সমালোচনা কৰে আৰু শীঘ্ৰে তিনিওখন পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ বাবে দাবী জনায়।

প্ৰস্তাৱ নং ৩ – গণতান্ত্ৰিক ব্যবস্থা এটাত বিভিন্ন দল আৰু মত থকাটো স্বাভাৱিক কথা আৰু এনে দল মতৰ লগত যুক্ত হোৱাৰ বাবে সকলোৰে ব্যক্তি স্বাধীনতা আছে। কিন্তু জাতীয় স্বাৰ্থ, বৃহত্তৰ ৰাজহুৱা স্বাৰ্থ আৰু সৰ্বোপৰি গণতন্ত্ৰৰ প্ৰতি সকলো নাগৰিকেই দায়বদ্ধ। এতেকে জাতীয় স্বাৰ্থৰ লগতে গণতন্ত্ৰৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ বাবেই বৰ্তমান সময়ত মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত দল মত নিৰ্বিশেষে সকলো মিচিং ব্যক্তিক ঐক্যবদ্ধ হ’বলৈ আজিৰ অভিবৰ্তনে আহ্বান জনায়।

প্ৰস্তাৱ নং ৪ অভিবৰ্তনে গভীৰ উদ্বেগেৰে লক্ষ্য কৰে যে মিচিং স্বায়ত্বশাসিত পৰিষদৰ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন টোক পথভ্ৰষ্ট কৰিবলৈ, ৰাইজক বিভ্ৰান্ত কৰিবলৈ, সাম্প্ৰদায়িক বিদ্বেষ জন্ম দিবলৈ আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ বাবে এচাম দুষ্ট বুদ্ধিৰ লোকে নানান পাবত গজা সংগঠনৰ জন্ম দিছে আৰু আনকি শেহতীয়াকৈ এটা মিচিং উগ্ৰপন্থী সংগঠনৰো আবিৰ্ভাৱ ঘটিছে। শান্তিপ্ৰিয় মিচিং জনগোষ্ঠীৰ মাজত অশান্তি বিয়পোৱা কোনো ধৰণৰ বিভেদকামী , বিভাজনমুখী আৰু উগ্ৰপন্থী সংগঠনক প্ৰশ্ৰয় নিদিবলৈ আৰু মিচিং গাঁৱত এনে সংগঠনৰ প্ৰবেশ সামাজিকভাৱে নিষিদ্ধ কৰিবলৈ আজিৰ অভিৱৰ্তনে মিচিং জনসাধাৰণ লৈ আহ্বান জনায়। লগতে প্ৰতিষ্ঠিত মিচিং জাতীয় সংগঠন আৰু ৰাজনৈতিক দল সমূহৰ বাহিৰে আন কোনো পাবত গজা সংগঠন আৰু ব্যক্তিক প্ৰশ্ৰয় নিদিবলৈ আজিৰ অভিৱৰ্তনে অসম চৰকাৰৰ ওচৰত দাবী জনায়।

প্ৰস্তাৱ নং ৫ – আজিৰ অভিৱৰ্তনৰ সিদ্ধান্ত সমূহ লিখিত ৰূপত স্মাৰক-পত্ৰ আকাৰে অসম চৰকাৰক দাখিল কৰিবলৈ আৰু সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰৰ লগত আলোচনা মিলিত হ’বৰ বাবে “মিচিং জাতীয় সমন্বয় ৰক্ষী সমিতি” নামেৰে কেন্দ্ৰীয় ভাৱে এখন সমিতি গঠন কৰা হয়। পূৰ্ণাংগ সমিতি খন ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া হ’ল।

প্ৰস্তাৱ নং ৬ – আজিৰ অভিৱৰ্তনৰ সিদ্ধান্ত সমূহ তৃণমূল পৰ্য্যায়লৈ কঢ়িয়াই নিবলৈ তথা তৃণমূল পৰ্য্যায়ৰ পৰাও ৰাইজৰ মতামত গ্ৰহন কৰি মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰবল জনমত গঠনৰ বাবে প্ৰতি মহকুমা বা ব্লক পৰ্যায়ত মিচিং নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে আজিৰ অভিৱৰ্তনে মত পোষণ কৰি তাৰ বাবে টাকাম মিচিং পৰিন কেবাঙক দায়িত্ব অৰ্পণ কৰে।

প্ৰস্তাৱ নং ৭ – আজিৰ অভিৱৰ্তনে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা আৰু পৰিষদ খনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আঞ্চলিক দল সমূহৰ মতামত লোৱাৰ লগতে পৰিষদ সম্পৰ্কে এক স্পষ্ট ৰাজনৈতিক ধাৰণা সৃষ্টি কৰাৰ বাবে বিভিন্ন পৰ্যায়ত সৰ্বদলীয় সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

প্ৰস্তাৱ নং ৮ – আজিৰ অভিৱৰ্তনে গভীৰ উদ্বেগেৰে লক্ষ্য কৰে যে ১৯৯৫ চনত মিচিং স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ দিনৰ পৰা পোন্ধৰ বছৰ কাল তদৰ্থ ভিত্তিত অন্তবৰ্তীকালীন ব্যৱস্থাৰ দ্বাৰা পৰিষদ পৰিচালনা কৰা হ’ল। জনগণৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা নথকা মনোনীত সদস্যৰ দ্বাৰা গঠিত তদৰ্থ ভিত্তিক অন্তৰ্ৱতী পৰিষদক আজিৰ অভিৱৰ্তনে ঘোৰ বিৰোধিতা কৰে আৰু তদৰ্থ ভিত্তিক কমিটি গঠনৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনায়।

মিচিং জাতীয় অভিৱৰ্তনৰ সভাপতি মণ্ডলী”
পৰমানন্দ চায়েঙীয়া
ডাঃ বিদ্যেশ্বৰ দলে
একলব্য গাম

ধন্যবাদ।।

Share Article:

Rnewsindia24.com

R News India 24

Mising Bane Kebang ৰ বিভিন্ন খবৰৰ বাবে Facebook ত নিয়মীয়াকৈ চাওঁক R News India 24

New Update

  • All Post
  • A:BANG
  • Dr. Ranoj Pegu
  • DU:PUM KÉBANG
  • Mising Autonomous Council
  • Mising Bane Kebang Logo
  • ক্রীড়া
  • দবুৰ পূজাৰ নতুন নিয়মাৱলী
  • মিচিং জনগোষ্ঠী
  • মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি
  • মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি
  • মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ
  • মিচিং বাঃনৗ কৗবাং
  • মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • ৰাজনীতি
  • ৰৗগৃঃ ৰৗগাম
  • সংবিধান
  • সাধাৰণ পৰিষদ সভা

Join the family!

Sign up for a Newsletter.

You have been successfully Subscribed! Ops! Something went wrong, please try again.

Tags

Edit Template

'সংবিধান' মিচিং বাঃনৗ কৗবাং

Mising Bane Kebang

প্ৰস্তাৱনাঃ
(preamble of the constitution).

 

Mising Bane Kebang

মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।

Mising Bane Kebang

Mísíng Bané Kébang

মিচিং জাতীয় সংগীতঃ

ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই

চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই

তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ

নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।

শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী

বিশিষ্ট সমাজ সংস্কাৰক, মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী।

About

“Mising Ba:ńe Kébang” অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন।
মিচিং জনগোষ্ঠীৰ বিভিন্ন ন-পুৰণি তথ্য সমূহ একত্ৰিত কৰি সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰ বাবে এই Website –
www.misingbanekebang.org
Call 7099152095

-: সূচীপত্ৰ :-

মিচিং জনগোষ্ঠী।

অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী।

মিচিং বাঃনৗ কৗবাং।

মিচিং জাতীয় সংগঠন।

মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকল।

মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি।

ৰাজনীতি।

অৰ্থনীতি।

সমাজনীতি।

শিক্ষা।

স্বাস্থ্য।

ক্রীড়া।

পৰম্পৰা।

ধৰ্ম।

কৃষি।

বাসস্থান।

খাদ্য।

জীৱন জীবিকা।

মিচিং স্বায়ত্বশাসিত পৰিষদ।

Recent Post

  • All Post
  • A:BANG
  • Dr. Ranoj Pegu
  • DU:PUM KÉBANG
  • Mising Autonomous Council
  • Mising Bane Kebang Logo
  • ক্রীড়া
  • দবুৰ পূজাৰ নতুন নিয়মাৱলী
  • মিচিং জনগোষ্ঠী
  • মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি
  • মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি
  • মিচিং জাতীয় সংগঠন আৰু মিচিং সমাজ
  • মিচিং বাঃনৗ কৗবাং
  • মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস
  • মিচিং স্বায়ত্বশাসিত পৰিষদ
  • ৰাজনীতি
  • ৰৗগৃঃ ৰৗগাম
  • সংবিধান
  • সাধাৰণ পৰিষদ সভা